পৃষ্ঠা:কুলাচল বধ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
কুলাচল বধ৷

তযুপদ পঙ্কজৰ,  মকৰন্দ মধু পিয়া,
 মোৰ মন ৰহোক সৰ্ব্বথা॥
নবৰূপে অবতৰি,  পৃথিবীৰ ভাৰ হৰি,
 নন্দ ঘৰে গোধন চৰাই।
তাহান চৰণ দুই,  হৃদয়ত ধৰি মনে,
 ৰাম হৰি বুলিয়ো সদাই॥

⸻⸻

পদ।

ধৰ্ম্মপক্ষিগণে বোলে জৈমিনি মহন্ত।
পাণ্ডু পুত্ৰ ভীমে দানৱক বধিলন্ত॥
তিনি ভাই মিলি তথা বহিয়া আছয়।
কতো দূৰে ধনঞ্জয়ে সমৰ কৰয়॥
ভীমে বোলে অৰ্জ্জুনৰ সতে চলি যাওঁ।
দানৱ গোটৰ বল পৰাক্ৰম চাওঁ॥
এহিবুলি তিনিবীৰে তথা চলিলন্ত।
ইন্দ্ৰৰ নন্দনে ঘোৰ সমৰ কৰন্ত॥
কুঞ্জবাটে তথা তিনিবীৰক দেখিলা।
মহা খৰতৰ কৰি শৰ প্ৰহাৰিল॥
নিসন্ধি কৰিয়া অৰ্জ্জুনক ভেদিলেক।
শৰবিষে ধনঞ্জয় বিশ্ৰুতি প্ৰত্যেক॥