সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
কুলাংগাৰ

 বাবা ওলাই গৈ পদূলি পালেগৈ। লাজ পাই আৰু গালি শুনি চক খাই তাৰ বুকুখন ধপধপাই আছে। পদূলিত তাক দেখি সিফালে খেলি থকা ল’ৰা-ছোৱালীকেইটা তাৰ কাষলৈ দৌৰি আহিল। তাৰ ওপৰলৈ চকু গ’ল, পানীগছাবোৰে ঠাইখন অধিক পোহৰাই তুলিছে। তাৰ মনত মাথোঁ দুটা ছবি প্ৰতিভাত হ'ল— আকাশ আবৰি ধৰা পানীগছাবোৰ আৰু তাৰ তলতে ল’ৰা-ছোৱালীবোৰৰ দৌৰ। সি ভিতৰৰ কথা পাহৰি গ’ল। মন আৰু চকুৰে সমানে সি ছবি দুখন চাই ৰ’ল।

 সুকন্যাহঁত উত্তৰপাৰত নামি ডেৰ কিলোমিটাৰ খোজ কাঢ়ি মথাউৰিটোৰ ওচৰ পালেগৈ। ‘ৱাও! এইফালে ঘৰৰ মূধ ডুবি থাকিলেও সিফালৰ ঘৰৰ মূখৰ পৰাও দেখা পোৱা নাযায়!’ মথাউৰিটো প্ৰথম দেখাৰ দৰে বিস্ময়ত বাবাই ক’লে। “ইহ! তাৰ চিন্তাটো দেখিছনে!’ সুকন্যাক ধেমেলীয়াকৈ ভনীয়েকে ক’লে। উৎপতীয়া সৰু ল’ৰা এটাই দহটামান ম’হৰ ডিঙিৰ টিলিঙা বজোৱাদি ভগা চাইকেল এখন বজাই মথাউৰিৰ ওপৰেৰে বেগেৰে পাৰ হৈ গ’ল। বাবাৰ মনত ল’ৰাটো যিকোনো মুহুৰ্ততেই টুপুৰকৈ তললৈ সৰি পৰিব যেন লাগিছে, কিন্তু নপৰে বুলি নিশ্চিতো হ’ল। ভাল ঠাইৰ বিচক্ষণ ল’ৰা বাবেহে ওখ মথাউৰিটোৱেদি চাইকেল চলাই যাব পাৰিছে যেন ভাব এটা তাৰ মনলৈ আহিল। ল’ৰাটোক উৰাজাহাজ চলাই যোৱা অসাধাৰণ মানুহ যেন কল্পনা কৰিলে সি।
 মথাউৰি কাষৰ মানুহ এঘৰৰ এম্বেচাদৰ এখন বন্দবস্ত কৰি সিহঁত উঠিল। ষ্টাৰ্ট হোৱাৰ লগে লগে গাড়ীখনৰ কঁপনিটোত বাবাৰ ভয় লাগিল, কান্দোন এটাই খুন্দা মাৰি ধৰিলে, কিন্তু যেনে-তেনে দমাই ৰাখিলে। বাটৰ কোনো ফালে বালি নথকা মাটিৰ সেমেকা ভাবটো লৈ সি বহঁতপুৰত নামিলহি।
 আবেলি ককাকে তাক আঙুলিত ধৰি চোতালত ফুৰাই আছে। পানীগছা আকৃতিৰ এথোপা এথোপা কেঁচা মাটি চোতালৰ মূৰত দেখি সি সুধিলে, “ককা সেইবোৰ কি? ’
 ‘সেইবোৰ কেঁচুমটা।’
 ‘এটা এটা কেঁচুমটাতে ইমান দ’ম হৈ আছে দেখোন? সেৰেঙাকৈ কিয় আছে? আমাৰ তাত গোটেই ঠাইবোৰতে থাকে। অকণমান অকণমানহে থাকে৷ মগুমাহৰ নিচিনা গোটা গোটা৷'
 ‘তোমালোকৰ তাৰ মাটিবোৰ বালীয়া, সেইবাবে তেনেকুৱা। আমাৰ ইয়াত এইবিলাক বোন্দাকেঁচু, বৰষুণ দিলে বাহিৰ ওলাব, দেখিবা ৰ’বা, ডেহাতমান দীঘল।’
 ‘আযৌ!’
 ‘মাজুলীয়ালটোৱে বৰ কথা কৈ আছে ঔ’, সিঘৰৰ মাজু ল’ৰাটো আহি তাক জোকালেহি। সি বুজি নাপাই তাৰ ফালে এনেই চোৱাদি ঘুৰি চালে। মাজুটোৱে ধৰিব