সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯
ডাৱৰ চুবলৈ এস্কিম’ জাতিৰ সান্নিধ্য বিচাৰি

ম‍ই কামত উশাহ ছুটী পোৱা নাই। তই যা। এইবাৰ বেলেগ কিবা এটা কৰগৈ।’সুকন্যাই বিপুলক পইচাৰ কথা সদায়েই সকীয়াই বুলিব পাৰি, সেইবাবেই আজিকালি কোনোবাই খুজিলে নিদিওঁ বুলি ক’বলৈ বিপুলে অলপ শিকিছে।
 ‘নহয় প্ৰভু, আপুনি নিদিলে ম‍ই কি কৰিম? ভৰি দুটা ভাল কৰি নাহিলে ম‍ই পলসত পৰা গৰুৰ দৰে নাখাই মৰিম।’
 ‘এহ! তই উত্তৰ পাৰলৈ যাবি জানো? ভোলাৰ লগত ভাং খাওঁতেই তোৰ প‍ইচা যাব।’
 “প্ৰভু, ম‍ই সঁচাকৈ উত্তৰ পাৰলৈ যাম। তাত আমাৰ জেঠাইদেউৰ ঘৰ, জানেই দেখোন আপুনি। তালৈকে যাম মই। শপত খাই কৈছোঁ আপোনাক প্ৰভু।’
 মনে মনে অলপপৰ বহি থাকি বিপুল সুকন্যাৰ ওচৰলৈ গ’ল। তাই ক’লে, ‘কেইটকামান দি দিয়ক। ল’ৰাটোলৈ বেয়াও লাগে।’

 কেঁচুৱাটো চাবলৈ বহঁতপুৰৰ পৰা বৰায়েক আৰু ভনীয়েক এজনী আহিল। তেওঁলোকৰ লগতে সুকন্যাহঁত যোৱাটো ঠিক হৈছে। বিপুল অকলে থাকিব।
 আবেলি আটাইকেইটা ভিতৰৰ কোঠাটোত বহি কথাৰে থলথলাই আছে। সুকন্যাই ল’ৰাটোৰ নাম দি দি সঠিক এটা পোৱাগৈ নাই। বাবাৰো স্কুলৰ নামটো এতিয়ালৈকে তাইৰ পচন্দ হোৱাগৈ নাই। বাবাই ইটোৰ মুখলৈ চাই সিটোৰ মুখলৈ চাই মনে মনে বহি আছিল, সিও ভাগ ল’ব বিচাৰিলে, ‘ভাইটিৰ নাড়ী কিহেৰে কাটিছে ম‍ই জানো৷' বিজ্ঞৰ ভংগীৰে সি ক’লে। আটাইকেইটাই কথা বন্ধ কৰি তাৰ মুখলৈ চালে। ‘সদায় পাতি থকা শুনি আছে যে সি!’ বৰায়েকে মুখৰ ভিতৰতে কোৱাৰ দৰে ক'লে। সুকন্যাই খং লুকুৱাই মুখত হাঁহি এটা ৰাখি সুধিলে, “কিহেৰে?’ বাবাই তাইৰ মুখখন বৰ সন্তোষজনক নাপাই ক্ষন্তেক ৰ’ল। সি কি কয় উলিয়াবলৈ সুকন্যাই আকৌ হাঁহি এটা বিৰিঙাই সুধিলে, “কিহেৰে ক আকৌ!’একো গণ্ডগোল নোহোৱাৰ আশাৰে সি ক’লে, ‘বাঁহৰ চোঁচেৰে কাটিছে।’
 ‘এইটো! এইটো হৈছে নহয় এটা মস্ত। যাঃ, বাহিৰলৈ যা তই। ডাঙৰৰ কথাত ভাগ ল’বলৈ আহিছ? গলি নে নাই তই?' সুকন্যাই তাক বলকি বলকি পিটিবলৈ লোৱা দৰে হাতখন দাঙি দেখুৱালে। সি সেমেনা-সেমেনি কৰি কোঠাটোৰ পৰা ওলাই গ’ল।

“খবৰ ল’বলৈ গাঁৱৰ মাইকী-মানুহবোৰ প্ৰতিদিনে ইজনী-সিজনীকৈ আহিয়েই আছে, সি সদায় শুনি শুনিহে কৈছে, কেলেইনো গালি পাৰিছ?’ সি সেমেনা-সেমেনি কৰি বাহিৰ হোৱা দেখি বেয়া লাগি ভনীয়েকে সুকন্যাক ক’লে।
 ‘এনেকৈ এষাৰ দুষাৰকৈ কৈ কৈ ডাঙৰৰ কথাত আৰু ভাগ ল’ব নহয়! এতিয়াই ধমকি নিদিলে আগলৈ নমনা হ’ব ডাঙৰক। কি নাড়ী কটা হৈছে, সিনো কি বুজিছে? সি মাত মাতিবলৈ সাহ কৰিলে কিয়!’সুকন্যাই ক’লে। সিহঁত আকৌ কথাত লাগিল।