ঠিক হৈছে, কিন্তু সংগঠনৰ ল’ৰাবোৰ থকা বাবে হঠাতে সাহ কৰা নাই। যোৱা চাৰি দিনৰ আগত ফুলেশ্বৰৰ দোকানৰ সমুখত সংগঠনৰ ল’ৰা এটা দেখা পাই গালুকবিলৰ মানুহ
এজনে খঙতে ফোঁ-ফোঁৱাই কাষ চাপি গৈ ধমক দি সুধিলে, ‘ঐ, তোৰ নাম কি অ’?’
ল’ৰাটোৱেও একেধৰণেই ওলোটাই সুধিলে, ‘তোৰ নাম কি?”
তেওঁ নিজৰ নামটো কৈ দিলে। ল’ৰাটোৱে আৰু একো নকৈ মানুহজনক গুৰুত্ব
নিদি আন এফালে চাই থাকিল। তাকে দেখি তেওঁ আকৌ ধমকি দি সুধিলে, ’তোৰ ঘৰ ক’ত?’
সি আকৌ একেদৰেই ওলোটাই সুধিলে, ‘তোৰ ঘৰ ক’ত?’
সেইবাৰ তেওঁ সামান্য বুজি পালে, ধমকটো অলপ কমাই লৈ ক’লে, “মোৰ ঘৰ ইয়াতে। তোৰ ঘৰ ক’ত?’
‘মোৰো ঘৰ ইয়াতে।’
“মই দেখোন তোক চিনি পোৱা নাই!”
“ময়ো তোক চিনি পোৱা নাই।”
মানুহজনে সেমেনা-সেমেনি কৰি ল’ৰাটোৰ ওচৰৰ পৰা আঁতৰি গ’ল।
মানুহবোৰে এতিয়া আৰু ভয় খাইছে, “সিহঁতক হাতেৰেও নোৱাৰি, মুখেৰেও নোৱাৰি!
এইবোৰ কম ল’ৰা নহয়! মানুহে মুখ মেলিলেই সিহঁতে চিনি পায় কোন কেনেকুৱা
মানুহ। আনে সিহঁতৰ পৰা সহজে কথা উলিয়াব নোৱাৰে। অচিনাকি ঠাইত এনেই কম
সাহসত থকাহি নাই। লগত বস্তু আছেতো! আৰ্মিৰ লগত যুঁজিব পৰা ল’ৰা হয়! আমাকহে
ভয় কৰিব নে? বাৰ্ব্বোআআ! সাংঘাতিক ল’ৰা দেই এইবোৰ। এইবোৰ সাধু আগতে
শুনিছিলোঁহে, এতিয়া নিজেই দেখিছোঁ! প্ৰতিটোৱেই একোটা একোটা যেন সেনাপতি!’
সংগঠনত যোগ দিয়েই চিধাই নদী পাৰ হৈ চাপৰিলৈ গুচি অহা কথকী কেইটামানে গাভৰু
জীয়াৰী-বোৱাৰী কেইজনীমানৰ চেনেহ পাবলৈ বিশ্বাসত গোপনে কোৱাদি নানা কথা
সাজি-পাজিও কৈ থাকে, যেন যুঁজ-বাগৰ কৰি কৰি বহু নক্ষত্ৰ প্ৰদক্ষিণ কৰি আহিহে
সিহঁত ইয়াত পাইছেহি। সেইবোৰেই গোপনে মুখ বাগৰি গাঁওবাসীয়ে নিজৰ জীৱনজোৰা
কষ্টবোৰ সামান্য যেন অনুভৱ কৰা হৈছে। বুঢ়া-মেথা কেইজনমানে পাতিছে, “সিহঁতৰ
তুলনাত আমাৰ ডেকাবোৰে কি কৰিছে? কিতো শিকিছে?”
কোনোবাই কোনোবাই কৈছে, বুবুলৰ ভৰিৰ হাড় ভাগিল। সেইকাৰণে সি উত্তৰপাৰত
অলপদিন থকাকৈ গৈ চিকিৎসা কৰাব বিচাৰিছে। বিষ মাৰিবলৈ লগোৱা কেঁচা হালধিয়ে
তাৰ দুয়োখন ভৰি কিবা চৰাইৰ ৰঙীন ঠেঙৰ দৰে হালধীয়া কৰি পেলাইছে। ভৰি দুখনলৈ
বাৰে বাৰে চকু গৈ বেয়া লাগিছে যদিও বিপুলে ক’লে, “তই মোক এতিয়া টকা বিচাৰি
আহিব লাগেনে? আইক আৰু কেচুৱাটোক এই কেইদিনতে উত্তৰ পাৰলৈ পঠিয়াব লাগে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৯৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
কুলাংগাৰ