পাৰি বহিছে, কিবা কথা কৈছে, মাতটো সৰু সৰুকৈ দিছে। বিপুল অফিচলৈ গ’লে তৰালী নিশা থাকিবলৈ আহিলেও অকণমান দেৰিকৈহে আহে, তাইক কাষৰ ঘৰৰ কোনোবাই থৈ যায়হি, আৰু তাই আহিব বুলি বাবাই আগতীয়াকৈ গম পায়। কিন্তু আজি সি একো গম নাপালে কিয়? আৰু বিপুলতো আছেই!
তেওঁনো এই সময়ত কিয় আহিছে গম ল’বলৈ বাবা ভিতৰলৈ গ’ল। মানুহজনীয়ে শোৱা কোঠাৰ পৰা ওলাই পাকঘৰলৈ ভুমুকিয়াই চাইছে, তেওঁক দেখি পাকঘৰত লাগি থকা বিপুলে ক’লে, ‘ভাতকেইটা সোনকালে উঠাই দিছোঁ। বাবাকণক খাবলৈ দি দিওঁ।’ বিপুলক উত্তৰ দিবলৈ নাপাওঁতেই বাবা ভিতৰলৈ সোমাই অহা দেখা পাই মানুহজনীয়ে তাক ক’লে, ‘মই আজি তোমালোকৰ ঘৰত থাকিম নহয়।’ সি কৌতূহলত একো উত্তৰ নিদি সুকন্যাক বিচাৰি শোৱা কোঠাটোলৈ সোমাই গ’ল। তাক দেখি সুকন্যাই ক’লে, ‘তুমি এতিয়া পঢ়ি থাকাগৈ যোৱা। আজি সোনকালে ভাত খাই শুই থাকিবা দেই।’
সুকন্যাই দিনৰ পৰাই মাটিত বিছনা পাৰি শুই থকা বাবাই দেখিছিল, সি ভাবিছিল— ‘চুৱা হৈছে।’ কিন্তু এতিয়া তাইৰ মাতটো বৰ ভালকৈ ওলোৱা নাই, ‘কিবা অসুখ নেকি?’ তাৰ অকণমান ভয় লাগিল। মুখেৰে একো নকৈ তাইৰ কথাটো শলগাৰ ধৰণে সি মাথোঁ মূৰটো জোকাৰিলে আৰু কোঠাটোৰ পৰা ওলাই পাকঘৰলৈ সোমাই বিপুলৰ ওচৰত ৰ’লহি। বিপুলৰ গাত খুঁটিয়াই সি সুধিলে, ‘অ’ বাবা, মাৰ বেমাৰ হৈছে নেকি?’ ‘হেই, নাই হোৱা বেমাৰ’, বিপুলে মৰমেৰে ক’লে।
‘নাই হোৱা অ’ বেমাৰ। তুমি পঢ়ি থাকাগৈ যোৱা।’ পাকঘৰৰ মুখতে ৰৈ থকা মানুহজনীয়েও লগতে ধুনীয়াকৈ ক’লে, যাতে তাৰ বিশ্বাস হয়।
সি ওলাই গৈ আকৌ বিছনাখনত উঠিল।
তাক সোনকালে ভাত খুৱাই ভিতৰৰ কোঠাটোত শুই থাকিবলৈ দিলে। বিপুল-সুকন্যা আৰু মানুহজনী — তিনিওৰে মুখ আৰু চকুলৈ সূক্ষ্মভাবে চাই কিবা বেয়া ঘটনা ঘটা যেনো বাবাৰ লগা নাই। ‘আজি গোটেইবোৰ একে সময়তে কিয় শুবলৈ সাজু হোৱা নাই? ঘটি আছে কিনো?’ একো উত্তৰ নাপাব বুলি বুজি সি সিহঁতক পুনৰ প্ৰশ্ন নকৰিলে, বিছনাত পৰি ভাবি থাকিল। ‘সৱ নুশুলে মই টোপনি নাযাওঁ। কথালৈ কাণ কৰি থাকিম।’ সি সিদ্ধান্ত ল’লে।
কিন্তু অলপ পাছতেই তাৰ ঘোৰ টোপনি ধৰিলে।
উমান লৈ থাকিব বিচৰা চঁকটোতে সি এবাৰ সাৰ পাই গ’ল, তাৰ ভালকৈ মনত পৰিল— সি টোপনি নোযোৱাটো ঠিক কৰিছিল। কোনেও ধৰিব নোৱৰাকৈ মূৰটো সামান্য দাঙি সি গম লোৱাৰ চেষ্টা কৰিলে— নাই শোৱা, এতিয়াও কোনো শোৱা নাই, পাকঘৰত জুইকুৰা ডাঙৰকৈ জ্বলি আছে, সিফালৰ কোঠাটোলৈ জুইৰ পোহৰ এটা আহি আছে, এইটো কোঠাত লেম্পটো জ্বলি আছে, মানুহজনী সুকন্যাৰ কাষত, বিপুল পাকঘৰত।