সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
ডাৱৰ চুবলৈ এস্কিম’ জাতিৰ সান্নিধ্য বিচাৰি

 কোনেও একো উত্তৰ নিদি ৰৈ থাকিল। কিন্তু মানুহকেইজনে খোপনি এৰিব যেন সুকন্যাৰ নালাগিল। তাই ক’লে, ‘ঠিক আছে, মই নাহোঁ। মই হ’লে চাকৰিটোৰ কাৰণে অহা নাছিলোঁ, সেইটো জানি থ’ব! ল’ৰা-ছোৱালীবোৰক পঢ়ুৱাব লাগে, মোৰ নিজৰ ল’ৰাটোক পঢ়ুৱাব লাগে। এতিয়া ভেঞ্চাৰ কাৰণে নাহোঁ, পাছত স্কুলখন হ’লে দৌৰি আহিবলৈ জেগাটো ৰাখি থৈ যাওঁ, সেইবোৰ আমি ভবা নাই। আপোনালোকে ল’ৰা-ছোৱালীক পঢ়ুৱাবলৈ চিন্তাটো কৰা নাই, মাথোঁ চাকৰিটোৰ ফান্দ পাতিছে। চৰকাৰে এইবোৰ স্কুল একেদিনাই দিব বুলি ভাবিছে নেকি? এতিয়াৰ চাকৰিয়ালবোৰে দৰমহা পাওঁতেই কিমান হাহাকাৰ হ’বলৈ ধৰিছে দেখিছেই নহয়!’ মাতটো থোকাথুকি হ’ব ধৰাত তাই মনে মনে থাকিল। তাই এমই স্কুলখনৰ ফালে চালে এবাৰ, কোনেও এইফালে দেখা নাই, বাহিৰতো কোনো নাই। বিপুল এই ওচৰতে আছে, কিন্তু ওচৰতে এইটো ঘটনা সি দেখা নোপোৱাকৈয়ে ঘটি গ’ল। আঘাত লাগিছে যদিও, তাই অকলে মুখামুখি হ’ব পৰাত বীৰত্বও অনুভৱ কৰিলে।

 বাবা আহি তাইৰ গাৰ কাষত ৰৈ আছিল। বাকী ল’ৰা-ছোৱালীবোৰেতাইৰ মুখলৈ একেথৰে চাই আছে।বাবাই বুজি পাই গাতে গা লগাই ৰৈ থকা দেখি সুকন্যাৰ বেছি বেয়া লাগিল, তাই তালৈ চাই ক’লে, ‘ব’লা আমি যাওঁ। আজি সোনকালে তোমাৰ ছুটী।’ বাবাই দৌৰি গৈ কিতাপ-ফলি জাপিলেগৈ। কোনেও একো নক’লে।

 বাটটোৰ আধা পাওঁতে চকুপানীয়ে সুকন্যাৰ চকু দুটা ঢাকি ধৰিলে, সমুখৰ ঘৰবোৰ অস্পষ্ট হ’ল,‘নিজৰ গাঁৱৰ মানুহকেইটাও এষাৰ কথা নক’লে! উপকাৰটোতো সিহঁতৰো হ’লহেঁতেন!’ স্কুলখন এৰিথৈ অহাৰ ক্ষণটোৱে তাইৰ মনত খুন্দিয়াই গ’ল। চকুপানীয়ে সৰসৰকৈ তললৈ পৰিব বিচাৰিলে, তাই বাবাক এখন হাতেৰে অলপ পিছলৈ ঠেলি ধৰি গৈ থাকিল, সি দেখা নোপোৱাকৈ তাই চকু দুটা মোহাৰিলে।


 ল’ৰা-ছোৱালীবোৰৰ মুখেৰে কথাটো ঘৰে ঘৰে জনাৰ পাছত কেইজনমান মানুহে খবৰ ল’বলৈ আহিল, কিন্তু কোনেও এবাৰো নক’লে যে আপুনি স্কুললৈ গৈ থাকক। গাঁওবুঢ়াও আহিল, পাছদিনা বিপুল স্কুললৈ সোমোৱাৰ আগে আগে স্কুলৰ সমুখত কণবাপেও খবৰ ল’লে। কিন্তু, ঘটনাটো কিনো হৈছিল সেইটোহে সোধাৰ বাহিৰে কাৰোৰে মুখত আন এষাৰ কথাও নোলাল। কোৱা হ’লেও তাই নাযায়, কিন্তু গাঁৱৰ কোনোবাই কোৱাটো তাই বিচাৰিছিল, ‘এষাৰ ক’ব পৰা অন্ততঃ এটা মানুহ থাকিব লাগিছিল!’

 বিপুলে নভবা-নিচিন্তাকৈ দম্ভালি মাৰি ক’লে, ‘তুমি গৈ থাকা স্কুললৈ। কি কৰিব পাৰিব সিহঁতে?’

 ‘কিন্তু স্কুলখন হোৱাই লৈ আপুনি চাকৰিটো আনিব পাৰিব জানো? পাছত সিহঁতে চাকৰি লৈ আনিলে নিজেই লাজ পাব লাগিব।’ তাই ভেকাহি মাৰি তাক বুজাই দিলে। সি মনে মনে থাকিল।