সুকন্যাই এপাকত মন কৰিলে— ‘এইবোৰ কি পঢ়ি আছে ই!’
‘তই এইবোৰ কি পঢ়িছ?’ তাই ওচৰলৈ আহি সুধিলে।
‘পূৰণৰ নেওতা পঢ়ি আছোঁ।’
শুনিয়েই তাই স্কেলপাত বিজুলী গতিৰে তুলি লৈ তাৰ পিঠিয়ে-হাতে-ভৰিৰে কোবাবলৈ আৰম্ভ কৰিলে। সি টেঁটু মেলি কান্দিবলৈ লাগিল।
‘চেকনীৰ আগত বিদ্যা’ কথাষাৰ গভীৰভাবে বিশ্বাস কৰি তাই আজিকালি বাবাক কথাই কথাই চাট দিবলৈ লৈছে। সৰুতে তাই নিজে পঢ়ি থাকোঁতেই ভায়েক-ভনীয়েকহঁতক পিটি হাত-ভৰি ভাঙি দিবলৈ বাৰে বাৰে মন গৈছিল। স্কুলত সিহঁতক মাষ্টৰে এচাট-দুচাট দিছিল যদিও আতাকে সিহঁতক এদিনো দিয়া নাছিল। সেইবাবে তাই ইচ্ছা কৰিও ভায়েক-ভনীয়েকহঁতক এদিনো পিটিব পৰা নাছিল। এতিয়া তাই স্বাধীন, আৰু পিটাৰ অধিকাৰো দেখা পাইছে, অধিকাৰ নিজে নিজক ঘোষণা কৰি লৈছে। আজিকালি তাইৰ এনেয়ো খং এটা উঠিয়েই থাকে— বিপুললৈ, পচা জেওৰা খৰিৰ দৰে কামত নহা খৰখৰীয়া মাটি-বাৰীবোৰলৈ, এই পিছপৰা ঠাইবোৰলৈ, দেখনিয়াৰ বস্তুহীন যেন লগা ঘৰবোৰলৈ, ধূলিবোৰলৈ, শুকান জলবায়ুলৈ, পেটৰ আভোক আভোক ভাবটোলৈ,...।
বাবাক ভালকৈ এবাইছ দিলে তাই, ‘চুপ থাক, মুখ নেমেলিবি আৰু! চুপ থাকিবিনে?’ কান্দিলেও মাৰি থকা বাবে বাবাই মুখ জপাবলৈ পাৰেমানে চেষ্টা কৰিলে। চিঞৰ নমৰাকৈ সি উশাহ উজাৰি উজাৰি কান্দি থাকিল। ‘বন্ধ কৰিছ নে নাই কান্দোন? যেনেকৈ আগতে শিকাইছিলোঁ তেনেকৈ মাত। নজনা হৈ নাযাবি।’ তাই ধমকি দি আঁতৰি গ’ল।
কান্দি কান্দিয়েই সি মাতিবলৈ আৰম্ভ কৰিলে— ‘এক এগুণ এক, এক দুগুণ দুই।’
‘সি জানে, পাহৰা নাই!’ সুকন্যাই ভোৰভোৰাই আকৌ তাৰ কাষলৈ আহিল, ‘তই যদি জানই, অথনিৰ পৰা কেলেই তেনেকৈ মাতিছিলি? ক’ত শিকিলি এইবোৰ তই?’
‘স্কুলত বাইদেৱে শিকোৱা দেখিছিলোঁ।’
‘বাইদেৱে শিকাইছে? কথা ক’বলৈ আহিছ!’ আকৌ এচাট দিবলৈ তাই স্কেলপাত দাঙি ল’লে, কিন্তু ৰ’ল, ইতিমধ্যেই বহুত মাৰ পৰিছেই। আৰতিয়ে শিকোৱাৰ কাহিনীবোৰ তাইৰ মনত পৰিল। তথাপি তাই বিশ্বাস কৰিব পৰা নাই, নেওতাখননো তেনেকৈ মাতিবলৈ শিকাইছেনে?
খেলিবলৈ অহা ল’ৰা-ছোৱালীকেইটা চোতাল পালেহি। সুকন্যাই দ্বিতীয় শ্ৰেণীৰ ছোৱালী এজনীক বাৰাণ্ডালৈ মাতি নেওতাখন গাবলৈ দিলে। হয়, তায়ো বেয়াকৈয়ে মাতিছে!