সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১
পিতা-পুত্ৰ

 মানুহজন কিছু কাষ চাপিল, চিনিব পৰা হ’ল। হয়, আতাকেই হয়। ‘এই সময়ত ক’ৰ পৰা আহিছে? ইয়ালৈকে আহিছে! থকাকৈ আহিছে!’ সুকন্যাই ক’লে। সিহঁত আচৰিত হ’ল। সিহঁতে ভবা নাছিল, জীৱনত আতাকক আকৌ কেতিয়াবা লগ পাব, আচলতে আতাকৰ কথা একো ভবাই হোৱা নাছিল, যিবোৰ সিহঁতৰ মনত আছিল সেয়া কেৱল বিদায়ৰ সময়ত তেওঁ উপেক্ষা আৰু বঞ্চিত কৰাখিনি। আগৰ অস্তিত্বটোতে আতাক স্থবিৰ হৈ গৈছিল সিহঁতৰ মনত। কিন্তু তেওঁ যে বৰ্তমানতো আছে— তেওঁৰ বৰ্তমানৰ অস্তিত্বটো আৰু উপস্থিতি অনুভৱ কৰি দুয়োটা শিহৰিত হৈ উঠিল। কি কৰোঁ কি নকৰোঁ লাগিল দুয়োটাৰ মনত। এসময়ত পালি-পহৰীয়া লৈ ৰজাৰ দৰে চলা গোসাঁই অকলে অকলে খোজ কাঢ়ি আহি আছে আজি, তাকো হাবিৰ মাজে মাজে পোনাই৷ আগেয়ে হাতীত উঠি গোসাঁই ফুৰিবলৈ যায়, সমুখত ফুলেৰে জাকজমককৈ সজাই ফলিত লিখা থাকে— ‘সত্ৰাধিকাৰ’! সুকন্যাৰ দুখ লাগিল। আতাকৰ খোজটো খৰ। তাইৰ এনেকুৱা লাগিছে যেন সেয়া সত্ৰাধিকাৰ নহয়, হাবিৰ মাজেৰে পলৰীয়া ভকতহে! তথাপি শিহৰণটোৱে পুনৰ তাইক অভিভূত কৰি তুলিলে, আতাকৰ নিৰ্মল যেন লগা ৰূপটো বৈকুণ্ঠৰ পৱিত্ৰ আত্মা এটিৰ দৰে লাগিল, যেন সিহঁতৰ মংগলৰ বাবেই সেয়া কাষ চাপি আহি আছে। ক’ৰ পৰা কেনেকৈ আহি ক’ত সিহঁত আছেহি, কেনেকৈ তেওঁ আজি লগ হৈছেহি! দুয়োটা থৰ হৈ ৰৈ থাকিল।

 ‘চিনি পালি?’ সিহঁত বহুপৰ ৰৈ থকা কাৰণে আতাকে ওচৰ পাই বিপুলক সুধিলে, সুকন্যাৰ ফালে চাই তেওঁ মোলায়েম হাঁহি এটা মাৰিলে। দুয়োটাৰ মুখেৰে একো মাত ওলোৱা নাই, হাঁহিবই নে কান্দিব ধৰিব পৰা নাই, বিপুলৰ গোটেই গাটো কঁপিবলৈ ধৰিছে।

 সুকন্যাই ভক্তিৰে কোমল মাতেৰে ক’লে, ‘আতা আহক।’ কোনোবা অহা গম পাই বাবা দৌৰি ওচৰ পালেহি। সুকন্যাৰ ওৰণিখন দেখি সি বুজি পাইছে, কোনোবা বিশেষ আলহী। কাকাকে জেপৰ পৰা মৰ্টন এমুঠি উলিয়াই তাৰ ফালে আগবঢ়াই দি কোঁচত ল’বলৈ আনখন হাতো সমানে আগবঢ়াই দিলে। সি ৰৈ থকা দেখি বিপুলে ক’লে, ‘যোৱা, ককাহে। ককাক চিনি পাইছানে?’ সি চিনি পোৱা নাই, কিন্তু বুজি পাই এখোজ এখোজকৈ আগবাঢ়ি গ’ল।

 আতাকক গা ধোৱাৰ যা-যোগাৰ কৰি দি সুকন্যাই বিপুলক ক’লে, ‘আপুনি কেৰাহী এটা বৰ-চাঙৰ পৰা নমাওক। আতাই সদায় গধূলি কেৰাহীত জুই নুফুৱাই জানো, বাহিৰৰ ৰূমটোতে ব্যৱস্থাটো কৰি দিয়ক।’


 জুইৰ কাষত বহিহে কথা আৰম্ভ হ’ল। ‘তাত সকলোৰে ভাল নে? গাঁৱৰ মানুহবোৰ কেনেকুৱা হৈ আছে?’ বিপুলে সুধিলে।

 ‘ভাল ভাল। গাঁও আগৰ দৰে নহয়, তথাপি আছে।’