কৈ তাই খৰি এডালেৰে জুইকুৰা খোঁচ মাৰি মোহাৰি নুমুৱাই খৰিডালো দূৰলৈ দলিয়াই দিলে। গিলাছ এটাও দলিয়ালে। ‘অ’, হ’ল আৰু! সৱ পেলাব এতিয়া!’ বিপুলে দাঁত ছেলাই ধেমালি কৰা দৰে ক’লে। ‘কি সৱ পেলাব এতিয়া? অঁ, পেলাম!’ সুকন্যাই ডাঙৰকৈ ভেকাহি মাৰিলে।
সিহঁতৰ কি লাগি আছিল বাবাই মন কৰা নাছিল, দেখা পায়ো আয়ত্ত কৰিব নোৱাৰিলে, সি ভয় খাই লাহেকৈ উঠি শোৱা কোঠালৈ গ’ল। বিচনালৈ উঠি সি কিতাপ এখন মোকলাই ল’লেগৈ।
পাকঘৰত দুয়োটাই কথাৰ কটা-কটি কৰি থাকিল। সুকন্যাই মাজতে এপাক উঠি বাবাক চালেহি। সি পঢ়ি থকা যেন দেখা পাই তাই নিচিন্তে আকৌ সোমাই গৈ কাজিয়াত ধৰিলে। ভয়ত বাবাৰ কঁপনি উঠিল, কিতাপত চকু থৈ সি মাথোঁ কাণ থিয় কৰিলে, পাকঘৰত কিবা অঘটনৰ আশংকাত সি সষ্টম হৈ থাকিল।
*** *** ***
মাঘৰ শেষত চাপৰিটোৱে অদ্ভুত ৰূপ ধাৰণ কৰিলে, বনবোৰে শুকাই ছাই বৰণ ল’লে, ৰুই দিয়া গোজ-পুলিবোৰ শুকান খৰি যেন হ’ল, চাৰিওফালে বালি আৰু ধূলি, গৰুৰ পখৰা-চিতৰা ছাল এখনৰ দৰে ঠায়ে ঠায়ে এচিকুট-দুচিকুট কাঠমাটি ওলাই আছে, তাতে দুই-এটা গৰু-ছাগলীয়ে ঘাঁহ কামোৰে, বাকীবোৰ নি মানুহবোৰে বেলেগ চাপৰিত থ’লেগৈ। ভিতৰত দিনটোত কেইবাবাৰো পানী নচটিয়ালে ঘৰৰ মানুহকেইটাৰ খোজতে ধূলি উঠি যায়। বিপুলে য’তেই গোবৰ দেখা পায় মুকুতা বোটলাদি বুটলি আনি গছৰ গুৰিত দিছেহি আৰু চাৰিওফালে লোৰ একোটা কৰি দিনটোত বাৰে বাৰে পানী ঢালিছে।
আবেলি বাৰীখনত টিঙেৰে পানী ঢালি বিপুল ঘৰৰ সমুখত গোবৰ বুটলিবলৈ ওলাল। পদূলিৰ পৰা সি দেখিলে, পৰিপাটিকৈ দীঘল চুৰিয়া-চেলেং লৈ দূৰৰ পৰা মানুহ এজন আহি আছে। সি উচপিচনিৰে সুকন্যাক মাতিলে, ‘হেৰা, এইফালে আহাচোন।’ সি চকু দুটা মানুহজনৰ পৰা ঘূৰাই অনা নাই, যেন জুহালৰ ফুট ছাইৰ মাজত হঠাতে জুই অকণ ওলাই অন্তৰ্ধান হোৱাৰ দৰে দেৱতাৰ নিচিনা মানুহজন তাতে নোহোৱা হৈ পৰিব। তাৰ ভংগি দেখি সুকন্যাই খৰখোজে আহি সংকোচবোধেৰে ৰ’লহি। ‘সেই মানুহজনলৈ চোৱাচোন!’ সি ক’লে। সুকন্যাই দেখিলে শুকান নিস্তেজ ঠাইখনৰ মাজত মানুহজন বগা কাপোৰেৰে উজলি আছে, পাতবোৰ শুকাই সেৰেঙা হৈ পৰা কৰঙানিৰ অংশৰে তেওঁ পোনাই আহি আছে। ‘চোৱাচোন ভালকৈ। আমাৰ আতা নহয় নে?’ ওখ-ডাঙৰ চেহেৰা আৰু খোজত আতাক যেনেই লাগিল সুকন্যাৰো।