সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
পিতা-পুত্ৰ

 ‘অ’, হয় নেকি!’ বিপুল আচৰিত হৈ গ’ল, তাৰ মাতটো সৰু হৈ পৰিল। ভয়ত সুকন্যাৰ মুখৰ পানী শুকাল।

 ‘নবীন আৰু ফুলেশ্বৰৰ ঘৰত যে এটা এটা আছে, সেইকেইটাও মিতিৰ জানো? কি ভাবিছা তোমালোকে? এটাও মিতিৰৰ নহয়! তিনিওটা সংগঠনৰ।’

 ‘সিহঁত যে বেলেগ ল’ৰা, দেখি একেবাৰেই ধৰিব নোৱাৰি! ক’ৰ পৰা আহি ইয়াত পালেহি?’

 ‘এ... এইবোৰ ঢেৰ কথা! মই কথাত লাগি মৰিলোঁ!’ গাঁওবুঢ়াই আক্ষেপ কৰি ৰ’ল কিছুপৰ।

 তেওঁ পুনৰ ক’লে, ‘মই গম পোৱা নাছিলোঁ। সিটো চাপৰিত থাকোঁতেই এবাৰ ঘাটত পালোঁ। নিশা হ’ল। মই একো গম নাপাওঁ নহয়। কোনোবা মিতিৰ বিচাৰি অহাৰ কথাহে কৈছে সি। নিশাখন ল’ৰাটো কেনেকৈ যাব চিন্তা কৰি লৈ গ’লোঁ ঘৰলৈ, তযি সি কাৰোবাৰ ঘৰত থাকিবলৈ ফন্দিয়েই পাতি আছিল। তাৰ পাছত সদায় থাকিবলৈ ল’লে। লগৰ কেইটামানো আনি বেলেগ বেলেগৰ ঘৰত ৰাখিলেহি। বাৰিষাটোত ক’ৰবালৈ গুচি গ’ল কেউটা। এতিয়া আমি ইয়ালৈ অহাৰ পাছত আকৌ পালেহি।’ ভয়, সন্দেহ, ৰহস্যৰ মাজত বিপুল-সুকন্যাৰ মুখ শেঁতা পৰি আহিছে। ‘প্ৰথমে ভাবিলোঁ কাম-বনত সহায়কে হ’ব, নাই একোডাল নকৰে। গজগজীয়া মানুহ এটাক ভাতগাল কিমান খুৱাই থাকিবা? মই কৈছোঁ— তই মোৰ ঘৰৰ পৰা যা। সি মোক ওলোটাইহে বুজায়। মই গাঁওবুঢ়া মানুহ, হয়নে নহয় কোৱা! যদি কেনেবাকৈ সি ধৰা পৰে, আনৰ যিটো শাস্তি হ’ব, মোৰ দুগুণ হ’ব। মই কৈছোঁ যে তই বেলেগৰ ঘৰত থাক মই একো নকওঁ, মই ঘূণাক্ষৰেও একো নকওঁ, কাকো একো নকওঁ, তই মাথোঁ মোৰ ঘৰৰ পৰা যা। ময়ে লাগিলে কেতিয়াবা তহঁতক পাৰ কৰি দিম যাত্ৰী হিচাপে, কিন্তু মোৰ ঘৰত নাথাকিবি। মই কেৱল ঘৰখন বচাব বিচৰা নাই, তই সেইটো নাভাবিবি, মই গাঁওখনকো বচাব লাগিব। সিদিনা মোৰ ল’ৰাটোকে সি বন্দুকটো দেখুৱাই আছে, কেনেকুৱা কি বস্তু ইত্যাদি!’

 ‘অস্ত্ৰ-শস্ত্ৰও আছে নেকি!’ সুকন্যাই অধিক ভয় খাই ক’লে।

 ‘নাথাকিব!’ গাঁওবুঢ়াই ক’লে, ‘এইবোৰ ভিতৰুৱা কথাহে দেই। তোমালোকে কাকো নোকোৱা বুলি জানিহে মই কৈছোঁ।’

 ‘নাই আমি নকওঁ নকওঁ, নিষ্পত্তি নকওঁ।’ উত্তৰটো প্ৰয়োজন নোহোৱাকৈয়ে বিপুলে তীব্ৰভাবে ক’লে।


 গধূলি বিপুলহঁত তিনিওটা জুহালৰ গুৰিত বহিল। চাহ-গাখীৰপানী খালে। বাবাই দেখিলে, সুকন্যাই খালী হোৱা কেটলিটো বেৰৰ ফালে দলি মাৰি দিছে। মুখেৰে কিবা কৈ