বিপুলে হৰেন বৰাক ক’লে, সি ভয় খাইছে, মুখত আতংকৰ চিন, বেমাৰ হ’লে সি এনেয়ো অলপতে ভয় খায়। হৰেন বৰাই ক’লে, ‘ভাল হ’ব ৰ’বা। মোৰ ঘৰত হাতে লিখা একদম প্ৰামাণিক মন্ত্ৰপুথি এখন আছে। পানী অকণ জাৰি দিলেই ভাল হ’ব। দুটামান মন্ত্ৰ তুমি লিখি লৈ শিকি ল’বা। ঘৰতে সদায় দৰকাৰ হৈ থকা মন্ত্ৰ এইবোৰ।’
‘হাতে লিখা মন্ত্ৰপুথি এখন আমাৰ ঘৰতো আছে নহয়! বহুদিনৰ পৰা আছে। ব্যৱহাৰহে কৰাই নাই।’ বিপুলে ক’লে।
‘একেখনেই হ’ব কিজানি। তুমি উলিয়াই আনাচোন চাওঁ।’
বিপুলে বিচাৰি আনি পুথিখন দেখুৱালে। ‘হয়, একেখনেই। এইখন কামত লগোৱা। ইয়াত..., এয়া চোৱা, কিহৰ বাবে কোনটো মন্ত্ৰ বিতংকৈ লিখা আছে। ... অঁ, এইটো, এইটো মন্ত্ৰ এবাটি পানীত তুমি তিনিবাৰ মাতি সেইখিনি খোৱা। আজি খাবই পাৰিবা, একদম ফুট-গধূলিত জাৰিবলৈ লিখা আছে। ভাল হৈ যাব।’ পুথিখন হাতত লৈ মোকলাই দেখুৱাই হৰেন বৰাই বুজাই ক’লে। ৰাজীৱ দত্ত আৰু আন এজন সহ-শিক্ষক ধনীৰাম সোমাই আহিল।
‘আহক আহক। এহ, গধূলিয়েই হ’ল দেখোন, আপোনালোক আজি এই সময়ত আহিল, কেনিবা যাব নেকি?’ বিপুলে ক’লে। তেওঁলোক বহিবলৈ সুকন্যাই চকীত হাত ফুৰাই দিলে।
‘নাই নাই, আমি ইয়ালৈকেই আহিছোঁ’, ধনীৰামে ক’লে।
‘ধনীৰামক বহুদিনৰ মূৰত সমুখত লগ পালোঁ হে!’ হৰেন বৰাই ক’লে।
‘এহ, মোক নো ক’ত লগ পাইছে আপুনি?’ ৰাজীৱে ৰসিকতা কৰিলে।
‘হয় বাৰু।’ হৰেনে শলাগিলে। বিপুল-সুকন্যাই হাঁহি মুখে ৰসিকতাৰ ভাগ ল’লে।
‘আমি কথা এটাত আহিলোঁ’, গহীন ভাব এটা লৈ এবাৰ বিপুলৰ ফালে এবাৰ সুকন্যাৰ ফালে চাই ৰাজীৱে আৰম্ভ কৰিলে, ‘মহন্ত ছাৰ, আপুনি হেড-মাষ্টৰ হৈ চলাব পাৰিব জানো? খেলিমেলি লগাতকৈ আগতীয়াকৈয়ে মই হেড-মাষ্টৰ পদটো লোৱাটো ভাবিছোঁ।’
কি? সি কি কথা কৈছে? ৰাজীৱে এইটো অপমান কৰিছে! —সুকন্যাৰ মুখখন গহীন হৈ পৰিল। বিপুলৰ মনত খং এটা উজাৰি উঠিল। সি অলপ অঁকৰা হ’ব পাৰে, কিন্তু প্ৰাপ্য উচ্চ পদটোৰ পৰা নামিবলৈ কোৱাত তাৰ সন্মানত লাগিছে, গৰ্বও আছে তাৰ। হৰেনে তলমূৰ কৰিলে, কিবা এখন গণ্ডগোল লাগিব স্কুলত, তেওঁ একুলো এৰিব নোৱাৰে, গতিকে ভাগ নোলোৱাকৈ নিৰ্লিপ্ত হৈ ৰোৱাৰ চেষ্টা কৰিলে। ধনীৰামে আলেখ-লেখ চাই থাকিল।
কিছুপৰ সকলো চুপে-চাপে ৰোৱাৰ পাছত ধনীৰামে শান্ত ভংগিৰে ক’লে, ‘মহন্ত ছাৰ, আমি আপোনাক জোৰ-জবৰদস্তি কৰিবলৈ অহা নাই। কিন্তু কথাটো বিবেচনা কৰি