সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৭২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১১
 
 

পৰিশিষ্ট

কিছুমান মূল চৰিত্ৰ, প্ৰতিষ্ঠান, আৰু স্থানৰ বিক্ষিপ্ত পৰিচয়ঃ

বাবা (মৃদুপৱন, অলিন্দ), ভায়েক পৰাণ।
বিপুল, দেৱেন, দেউতা, আৰু চাৰিজনী ছোৱালী।
সুকন্যা, চন্দন। ছোৱালী মুঠতে ছজনী, চন্দন চাৰি নম্বৰত, চন্দনৰ নিচেই ওপৰৰ জনীৰ নাম শিল্পী, অলিন্দৰ মাজু মাহীয়েক চয়নিকা (প্ৰথম পলাই যোৱা)। সিঘৰৰ ল’ৰা তিনিটা, আঠজনী ছোৱালী, ডিব্ৰুগড়ৰ ৰেণু জেঠাই। কাষৰ ভকতঘৰৰ ফোঁচাই বুঢ়া।
খোকা নৈ। ব্ৰহ্মপুত্ৰৰ মথাউৰি পাৰ হৈ তামোলগুৰি, তাৰ পাছত বহঁতপুৰ আৰু বোকাগাঁও। শালবাৰী চেণ্টাৰ।
চন্দনৰ বন্ধু কৃষ্ণ, চম্পক।
ভাঙুণমাৰি,দ-চাপৰি। হৰিচাপৰিৰ গাঁওসমূহ ক্ৰমে ব’ঠামাৰি, গালুকবিল, হৰিচাপৰি, ন-কৰঙা।
চুবুৰিত ৰঘু নেওগ, মিনেছৰ, লৌকন গাঁওবুঢ়া, হৰেন বৰা (বেজী দিয়া), তৰালী হাজৰিকা। গাঁৱৰ ভোলা আৰু বুবুল ভঙুৱা।
বিপুলৰ সহ-শিক্ষক ৰাজীৱ দত্তৰ খুলশালি কুমৰ মেধি চকীদাৰ। আন এজন সহ-শিক্ষক ধনীৰাম। দোকানী ফুলেশ্বৰৰ পত্নী ভেঞ্চাৰ স্কুলৰ মাষ্টৰণী আৰতি।
বিপুলৰ সখীয়েক বুধিন ভট্ট।
খোলৰ শিক্ষক গোপাল।
বহঁতপুৰৰ দোকানী ভাগ্যেশ্বৰ।
বহঁতপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক নীলকান্ত পেগু। অলিন্দৰ ক্লাছত সাতজন ছাত্ৰ, দুজনী ছাত্ৰী। গেগং, কায়ুম পেগু, পুলক (বিজলুৱা ভৰি), বাপধন মণ্ডলৰ পুতেক।
বহঁতপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হলিৰাম বৰা।