সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৭১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূস্বৰ্গত আপোন বাসিন্দা ৭০৯ গাড়ীখনেৰে সি মুৰ উলিয়াওঁতেই সাংবাদিকখিনিয়ে হেতা-ওপৰা লগাব খুজিছে, পুলিচকেইজনে তাক চোঁচৰাই লৈ গ'লে বা ঠেলা মাৰি আগবঢ়াই দিলেই ভালকৈয়ে নাটকীয় হৈ পৰিব, এজন সাংবাদিকে লপলপকৈ মুখখন বজাই আহিল, অলিন্দই চকুত চকু ৰাখি গভীৰলৈ দৃষ্টি দিলে, সাংবাদিকজনৰ মুখখন থমকিল, তেওঁৰ বোধ হ’ল এই দৃষ্টি ইমান টুলুঙা নহয়, গোটেই মানুহটোলৈ মন কৰি এক গম্ভীৰ ব্যক্তিত্বৰ আভাস পালে, তই তইতো সামৰি সাংবাদিকজনে সুধিলে, 'আপুনি ক'ত আছিল? দেউতাৰ সৎকাৰলৈ কিয় নাহিল?' পুলিচ এজনে লাহেকৈ অলিন্দৰ বাহুত জোৰ দিলে— ভিতৰৰ ফালে খোজ দি থাকিবলৈ, সি তেওঁৰ মুখলৈ চালে। আন এজন সাংবাদিকে ধমকি দি ক'লে, ‘উত্তৰ দিয়ক আপুনি।’ অলিন্দৰ খং উঠিল, ‘সাধাৰণ এমএলএ একোটাৰ পদলেহনেৰে জীৱন ধাৰণ কৰি থকা সাংবাদিক, দুটামান সংবাদ কৰি ঠিকা একোটা সংগ্ৰহ কৰে, মোৰ পৰা গধূলিৰ ভাতমুঠি লাগে তহঁতক? মোক প্ৰশ্ন সুধিবলৈ উগ্ৰতা চোৱা সিহঁতৰ!” সি মাথোঁ ভাবিলে মনত। কেইজনমানে তাক সম্পূৰ্ণকৈ নজনা নহয়, সিও জানে তেওঁলোকক— চন্দনহঁতে বঁটা পাবলৈ উলিওৱা ধৰণৰ বাতৰিবোৰ তেওঁলোকৰ হাততে দিয়ে, পইচা লৈ কাকতলৈ পঠিয়ায়, কাকতৰ পৰাও অলপ পায়, ‘দুটা চাকৰিৰ দৰে উপাৰ্জন, তথাপি নোজোৰে চখ পূৰাবলৈ, খৰালি পেট নভৰা গৰু-ছাগলীয়ে সন্ধিয়াৰ ঘোলনীলৈ আশা কৰাৰ দৰে ৰৈ থাকে এনে এক সংবাদ-উৎসলৈ। নাই, একেদৰে নহয়। গৰু ৰয় ভোকত, ইহঁত ৰয় লোভত।’ ‘কওক, আপুনি পলাই আছিল কিয়?' আন এজনে সুধিলে। “নাই পলোৱা। এনেকুৱা ঘটনা যেতিয়া নিজৰ লগত ঘটে, তেতিয়াহে গম পোৱা যায় যে কি কৰিব লাগে সিদ্ধান্ত লগে লগে নোলায় মনত। আজিও ম‍ই পুৱাই ইয়ালৈকে আহিয়েই আছিলোঁ, কিন্তু এতিয়াহে পাইছোঁহি!” তেওঁলোক ক্ষন্তেক ৰ’ল। ‘আপুনি কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি?' এজনে খৰকৈ সুধিলে। সম্পৰ্কীয়বোৰৰ বিবৃতিবোৰ শুনি তেওঁলোকৰ সন্দেহ সঁচাকৈও হৈছে। দেউতাকৰ বাবে, ভায়েকৰ বাবে, কাষতে নাথাকিও মানুহটো পুলিচৰ হাতলৈ আহিছে— অৱস্থাটো দেখি তেওঁলোকৰ অনুকম্পাও জাগিছে। ‘নাই, ষড়যন্ত্ৰ কৰা নাই কোনেও।’ আন এজনে সুধিলে, ‘আপুনি আমাৰ জৰিয়তে কাৰোবাক কিবা আহ্বান জনাব খোজে নেকি?’সি ক’লে, ‘নাই, আহ্বান জনাবলগীয়া নাই।” ‘আপোনাৰ চাকৰিটো শেষ হৈ গ'ল! আপুনি কি ক’ব?' “চাকৰিটো শেষ হোৱাটো ডাঙৰ কথা নহয়', সি তেওঁলোকক শিকাই-বুজাই দিব খোজা ভংগিৰে ক'লে। তেওঁলোক পুনৰ ক্ষন্তেক মনে মনে থাকিল। পুলিচ কেইজনে তাক ষ্টেপটোলৈকে আনি ৰৈ আছিল, এইবাৰ ওপৰলৈ উঠিবলৈ গাত হেঁচা মাৰি নিৰ্দেশ দিলে।