সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৭১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুলাংগাৰ নহয়নে?’সি ভিডিঅ'টো আৰু নাচাই পৃষ্ঠা দুটাৰ ফটো ক'ৰবাত পাই নেকি বিচাৰিলে। চেনেলটোৰ লিখিত বাতৰি এটাৰ লগত আপলোড কৰি থোৱা আছে, টিভিৰ স্ক্ৰীণত দেখুওৱাকেইখনেই, গোটেইবোৰ বাক্য নাই। মুঠতে কেইটা বাক্য পঢ়িবলৈ পাব সি? তথাপি তাৰ গাটো কঁপিবলৈ ধৰিলে। শৃংগ এটাৰ শিখৰত ভৰি দিবলৈ লৈও সিফালে সম্পূৰ্ণ পৃথক জগত এখন দেখাৰ শংকা, আৱেগ, কল্পনা আৰু কৌতূহলৰ ভৰত ৰৈ দিয়াৰ দৰে সি ফটো দুখন জুম কৰিব পৰা নাই। এইকণ পঢ়ি পেলালেই জীৱনটো একে হৈ নাথাকিব। সম্পৰ্কৰ ন্যূনতম স্মৃতিও ওলট-পালট হৈ পৰিব, নতুন অধ্যায় সৃষ্টি হ’ব জীৱনৰ। নতুনটোক গ্ৰহণ কৰিবনে সি! নতুনক গ্ৰহণ ইমানো যে জটিল হ'ব পাৰে সি ভবা নাছিল। এয়া উভয় সংকট নহয়, অৱধাৰিত, পঢ়িব লাগিবই, নপঢ়ি থৈ দিয়াৰ কোনো অৰ্থ নাই বা কাৰণ নাই। সম্পূৰ্ণখনো হয়তো তাৰ হাতলৈ পাছত আহিব জেৰক্স হৈ, হয়তো পুলিচৰ দ্বাৰা। সি আকৌ ভিডিঅ'টো চালে৷ কমল বৰুৱাই কৈছে, ‘...সময়ৰ কাম সময়ত নকৰ। নুশুন ডাঙৰৰ কথা। বহি বহি কটালি। পাছত আঁতৰিয়েই গুচি গলি তই। মাৰ এটাও আশা পূৰণ নকৰিলি। মা যোৱাৰ সময়তো থাকিবলৈ নাপালিহি। তোৰ স্বভাৱৰ বাবেই ঈশ্বৰে দেখুৱাব নুখুজিলে। দেখাৰ আগতেই সেইবাবেই লৈ গ'লগৈ’– তাৰ পাছত অলপ বগা ৰং, তেওঁ পঢ়া নাই, সি ভাবিলে— ‘হয়তো বেছি অন্ধবিশ্বাস সোমাই আছে। দেখুৱাই লৈ কমল বৰুৱাই নিজৰ ফালৰ জোৰ কমাব খোজা নাই। কিন্তু আশাবোৰ কি? শুনিলে মানুহে কি বুলিব? সৱেই ভাবিছে, দৈনন্দিন এটাও আশা পূৰণ নকৰি মই কুলাংগাৰ। ডিপ্লমেটিক চিঠি! ডিপ্লমেটিক চুইচাইড-নোট।' কমল বৰুৱাই ভাবত গভীৰতা বাকি আকৌ কৈছে, “তেখেতে এয়া লিখিছে— পঢ়ক— সময়ৰ কাম সময়ত নকৰ! উঠি অহা প্ৰজন্মৰ দায়িত্বৰ প্ৰতি, সময়-নিষ্ঠাৰ প্ৰতি তেখেত সচেতন, কাৰণ তেখেত এজন দেউতাকেই নহয়, শিক্ষকো আছিল। ... মই এতিয়া বাকীখিনি পঢ়িছোঁ— মই তোক ত্যাজ্য-পুত্ৰ কৰিছোঁ, মোৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰা তোক বঞ্চিত ঘোষণা কৰিলোঁ মই।' ‘মোক সম্পত্তি লাগে কেলেই? কেতিয়া বিচাৰিলোঁ ম‍ই? কেতিয়া ভাবিলোঁ ম‍ই? নিজৰ দেউতাকে সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ যি ক্ষোভ আছিল, সেইটোৰ পোক মোৰ ওপৰত ল'লে নেকি! সেইজনো এজন, শাস্ত্ৰৰ পণ্ডিত, ডাঙৰ সত্ৰাধিকাৰ, অতীতৰ গাঁৱত এজন মহাপুৰুষৰ সম-পৰ্যায়ৰ স্থান, সম্পত্তিৰ মোহত নিজৰ পুতককে এষাৰো বুজাই নক’লে। এতিয়া পুতেকে নিজেও বঞ্চিত কৰাৰ অধিকাৰ লৈছে, ৰেগিং কৰাবোৰৰ দৰে, পিংকীৰ ককায়েকে পত্নীৰ মাক-দেউতাকৰ দোষ উলিয়াবলৈ চেষ্টা কৰি থকাৰ দৰে।’ সি গৰাৰ বিছ ফুট তলৰ ব্ৰহ্মপুত্ৰৰ ধাৰালৈ চালে সৌন্দৰ্য আৰু ফান্দ ৰূপে একে সময়তে মনত ক্ৰিয়া কৰিলে, “পিছলৈ গৈ দৌৰি দীঘল জাঁপ এটা মাৰিলেই শেষ’, যেন সি জঁপিয়ায়েই দিব এইমাত্ৰ! ‘মৰিবলৈ উপায়ৰ অভাৱ নাই জগতত, কিন্তু সেই উপায়েই জীয়াই থাকিবলৈকো উৎসাহ দিব পাৰে। মৰি গৈ লিখি দিলেই শুদ্ধ হ'ব?' –সি প্ৰশ্নটো