ভূস্বৰ্গত আপোন বাসিন্দা উঠিল – চাং-ঘৰৰ তলেদি গুচি গ'ল, কিমান আৰাম হয় আগতে নিজেও দেখি আহিছে। সেইটো কি বেয়াটো হ'ল! বিয়া পাতিবলৈ মন নাই, কোন আহিব ছোৱালী: - এইবোৰ এনেকৈ কয় যেন তেওঁলোকলৈহে বিয়া পাতি দিয়া নাই মই। সকলো ক্ষেত্ৰতে একেই। জীৱনত কোনো ক্ষেত্ৰতে সুধি নাপালে— তই কি ভাব, তোক কি লাগে, কি মন গৈছে - এদিনো সুধি নাপালে।’ ‘চাং-ঘৰ, কুকুৰা পোহা, কুকুৰা খোৱা –এইবোৰ দেখি কিয় ঘিণ কৰা আৰম্ভ হ'ল জানানে? এইটো মই ভাবোঁ। নিজক ডাঙৰ, যোগ্য, প্ৰতিভাৱান হিচাপে দেখুৱাবলৈ সকলো মানুহে বিচাৰে। সুকীয়া ধৰণে থকা মানুহ কিছুমানে যেতিয়া আন ধৰণে থকা মানুহ কিছুমানক লগ পাইছিল, তেতিয়া নিজৰ সুকীয়া দক্ষতা দেখুৱাবলৈ একো নাছিল, কাৰণ সৱ একেই। যিমান বিশেষ বুলি ক'লেও একো বিশেষ নাছিল। সেইবাবে নিজক ওপৰত দেখুওৱাৰ উপায় এটায়েই আছিল— লোকৰ দৈনন্দিন ধৰণবোৰক ঘিণ কৰি দেখুওৱা। নিজে নোখোৱাটো আনে খোৱা দেখিলে নিন্দা কৰি নিজকে উচ্চ দেখুৱাব বিচাৰিয়েই কুকুৰা নাখায়, অন্য কাৰণ নাই।’ল'ৰাটোৱে ক'লে। ‘তোমালোকৰ গাঁৱৰ কোনো মানুহে এদিনো মোৰ চাঙলৈ উঠিবলৈ বিচৰা নাই। মই বেয়া পাম বুলিয়েই সোধা নাই কেতিয়াও। কিন্তু ময়ো যে মতা নাই এদিনো উঠিবলৈ, মন কৰিছা নে? কোনো নুঠোঁতেই এয়া! মই ভাবি থৈছোঁ, মই লাহে লাহে উঠাম। দুই- তিনি বছৰলৈ ৰৈ আছোঁ, লাহে লাহে তাৰ মিপাক মানুহৰো অভ্যাসটো হৈ যাব।’ চাৰিমাহ পাছত সুকন্যাৰ মৃত্যু হ'ল। নিশা প্ৰায় এঘাৰ বজাত পৰাণে অলিন্দক ফোন কৰি খবৰ দিলে৷ পোহৰ হোৱাৰ আগে আগে খৰি দি হ'ল। পুৱতি নিশা নাও এৰি অলিন্দ বেলি নোলাওঁতে পালেহি। চন্দনহঁতে পাতিছে, ‘ডাঙৰ পুতেকৰ বিষয়ে সদায় কৈ কৈয়েই ঢুকাল। বিয়াখন দেখি যাবলৈ নাপালে, নাতিৰ মুখ নেদেখাকৈ গ'ল। পুতেকেই দায়িত্ববোৰ নাভাবিলে, দুখত আয়ুস কমিবই। এটায়েই অকণমান কৰি দিলে, তাকে চাই গ'লগৈ।’ “এইবোৰ এই মুহূৰ্তত কিয় উলিয়াব লাগে!' অলিন্দই লাহেকৈ ক'লে। সি ভাবিও আৰু নক’লে— ‘এইবোৰ শিক্ষকৰ বাণী নে? একবিংশ শতিকাত? তাকো কৃতী শিক্ষকৰ? অপাৰেচনৰ সময়ত ফোন এটা কৰিবলৈ সময় নথকা ভায়েকটোৱে এতিয়া পুত্ৰ শোকত মৰাৰ বদনাম ৰতিছ। মই গুৱাহাটীলৈ অনা-নিয়া কৰিছিলোঁ, ককা-আইহঁতক নি পাইছিলি?”
পৃষ্ঠা:কুলাংগাৰ.pdf/৭১০
অৱয়ব