৬৯৬ কুলাংগাৰ কাকতৰ কাৰ্যালয়ৰ পৰা বিদায় লৈ ন বজাত সি বিজয়পাৰা পালেহি। মানুহবোৰ সৱ সোমাল, দুই-এখন দোকানহে বন্ধ কৰিবলৈ বাকী আছে। তাৰ ৰূমলৈ যোৱা গলিটোৰ মুখত ল'ৰা-ছোৱালী এহালৰ টনাটনি লাগিছে। নহয়, টনাটনি নহয়। ল'ৰাটোৱে টানিছে, ছোৱালীজনীয়ে এৰুৱাব খুজিছে। সৰুফুটীয়া ল'ৰা। ‘আৰে! ছোৱালীজনী ডেইজী! পৰী! এই আজি এইখিনিত কিয়?' বিজয়পাৰাত পুৰণি চিনাকিবোৰ দেখা পাবলৈকে নোহোৱা হল, ক'ৰবাত সোমাই থকা এটা-দুটাৰ সৈতে কেতিয়াবা মুখামুখি হ'লেও ৰ'বলৈ প্ৰায়ে সময় নিমিলে। আজি এয়া তাই— কিমান বছৰৰ মূৰত সি দেখিছে! ভাবি থাকিলে নহ'ব, কিবা ঘটিছে, সি দৌৰি কাষ পালেহি, ল'ৰাটোক হাতত থাপ মাৰি ধৰিব খুজিলে, তাক দেখিয়েই ল'ৰাটো আঁতৰি গুচি গ'ল, তাইৰ হাতখন অলিন্দৰ হাতত লাগিল, তাইৰ সৰু বেগটো মাটিত পৰি আছে, তুলিলে তাই, ‘কি হৈছিল?’, সি সুধিলে, ‘সেইটো সেইটো, আকৌ আহিছে!', তাই কঁপা মাতেৰে ক'লে, অলিন্দই ঘূৰি চালে, ল'ৰাটোৱে আকৌ চল দেখে নেকি চাবলৈ আহিছে, অলিন্দই ‘এই...' কৈ চিঞৰি খেদি গ'ল, তাৰ মাতটোত ল'ৰাটোৰ প্ৰতি হুকিতকৈ তাই আঘাত পোৱাৰ কষ্ট ফুটি উঠাটো তাই মন কৰিলে, ল'ৰাটোৱে দৌৰ দিলে দুপদুপকৈ, অলিন্দই তাইক অকলে এৰি থৈ নগৈ ঘূৰি আহিল। ‘চোৰ নেকি! এইটো ল'ৰা ইয়াৰে চাগে, আগতে দেখিছোঁ কিজানি।’ ক'লে। ‘ময়ো দেখা যেন লাগিছে, এনেকুৱা কেইবাটাও ওলাব। চোৰ, ৰেপিষ্ট। মোবাইল টানিছে, গাত চুইছে, কাপোৰ ফালিছে!' তাইৰ মাত কঁপিয়েই আছে। ‘তুমি ভয় কৰিছা কিয়! ওলোটাই ধৰিবগৰাই পেলাব পাৰা তুমি।’তাই দেখাত অলিন্দ দুগুণ, ল'ৰাটো অলিন্দতকৈ কেটেঙা, চাপৰ, তাইৰ সমান ওখ হ'ব পাৰে। ‘হয়, ই কোৱাটো’, তাইৰ মনত ক্ৰিয়া কৰিলে৷ ঠাইকণ বিশ্ববিদ্যালয়ৰ কাষৰ যদিও, গুৱাহাটীৰ যদিও, শিক্ষিত মানুহ কম। অলিন্দ প্ৰথম আহি আচৰিত হৈ গৈছিল, মেট্ৰিকত প্ৰথম বিভাগ পোৱা ল'ৰা-ছোৱালীয়েই তেতিয়ালৈকে দহটাও নাছিল। ‘এইবোৰ ঠাইৰ পৰাই ভোট লৈ ওলায় ডাঙৰ নেতা, মহানগৰৰ নামত।' সি ক'লে, “তুমি কোনফালে যাবা? ব’লা। ইয়াত থাকা নেকি আজিকালি?” ‘নহয়, আগৰ ঠাইতে আছোঁ। ভণ্টী এজনীৰ মেছলৈ আহিছোঁ, কাইলৈ বন্ধও আছে, এনেই থাকিম। তুমি প্ৰগ্ৰেম কৰি আহিলা নেকি?’ ‘অ’, তাই সেইটো জানিছিল তাৰমানে!' সি মাথোঁ ক’লে— ‘মই আৰজে নকৰোঁ এতিয়া, বেলেগ কৰি আছোঁ।’ তাইৰ তথাপি আৰজেটোৰ সৈতেই কথা পাতি থকা যেন লাগিল। ভয়ত তাইৰ বুকুৰ ধিপধিপনিটো মাৰ যোৱাই নাই। খিৰিকীৰ কাষৰ গছ-পাতত সৰা কিনকিনীয়া বৰষুণৰ মাধুৰীৰ দৰে অলিন্দৰ মুখৰ শব্দবোৰ সৰিছে— এটা এটাকৈ, লানিকৈ, কোনোবাৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৭০৫
অৱয়ব