এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৬৯৪ কুলাংগাৰ আনে সেইদৰে গণ্য কৰিব পাৰে, পতংগ নহ'লেও হয়। ... মোৰ উপায় আছে। যাবগৈ লাগিব। গুৱাহাটীলৈ। সোনকালে। এইবাৰ পেপাৰত সোমাম। পাম কিবা। মাত্ৰ থাকিব পৰাকৈ হ'লেই হ'ল। টেটৰ ৰিজাল্টটো কেতিয়া ওলাব? পাম সেইটোও। কিন্তু আহিব জানো বিয়া পতাৰ ইচ্ছা? সলনি হ'ব নে? পিংকী আহিবৰ সময়টোতো আশা কৰিছিলোঁ সলনি হোৱাৰ। ...খং, বীভৎস কৰ্তৃত্ব, স্ব-ধাৰ্য সপোন আৰু কত কিৰ সৈতে এতিয়াতো যোগ হ’ল ঘৃণাও!’