৬৯২ কুলাংগাৰ নাই তাৰ। তাৰ ধাৰণাটো হৈছে যে চাকৰি নহওঁতেই সৱ পায়েই গ'লোঁ, এতিয়াও থাকক তেনেকৈয়ে। তাৰ বাবে কোনো সামাজিক ব্যৱস্থা হোৱা নাই। দেউতাকৰো একে ধৰণৰে অৱস্থা। ঘৈণীয়েকৰ উপাৰ্জন নাথাকিলেও ঘৰখন কেনেকৈ চলাব লাগিব সেইটো যুগ ধৰি এটা ব্যৱস্থাৰ দৰে প্ৰচলিত হৈ আহিছে। কিন্তু ওলোটাটো ইয়াত আৰম্ভ হোৱা বেছি দিন হোৱা নাই আৰু নগণ্য সংখ্যক। গতিকে, সমাজত এইটো ঠিক হওঁতে সময় লাগিব। তোমাৰো ঠিক হ'বগৈ।' ‘আমাক বহুত মানুহে ভঙাইছিল। আমি নুশুনিলোঁ। ইমান বেয়া মানুহ থাকে বুলি ধাৰণাই নাছিল৷ আমাৰ এতিয়া লাজ লগা হৈছে। সিহঁতে লাজ নাপায়, কাৰণ সিহঁতৰ সমাজেই নাই, সমাজে নিলগাই থৈছে, এঘৰীয়া নিচিনা।’ “সমাজৰ মানুহৰো ভুল আছে। মানুহক নিলগাই থয় বা এঘৰীয়া কৰে। উদ্দেশ্যটো এনেকুৱা— যাতে মানুহঘৰে অকলে অকলে শাস্তি পাওক। কিন্তু সেই মানুহঘৰে যদি বেলেগকৈ সমাজ-সংস্কৃতিৰ লগত সম্পৰ্ক নাৰাখে, তেন্তে সামাজিক গুণবোৰ হেৰাই যায়, কেতিয়াও মিলিব নিবিচাৰে, নিলগে থাকি থাকি সিহঁতৰ মনত এটা ক্ষমতা গঢ়ি উঠে যে আনে ক্ষুদ্ৰমান ভুল এটা দেখুৱাই দিলেই মনটোৱে গোঁজৰি উঠে। অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে, কাৰণ সমাজলৈ লাজেই নাই। সমাজে সেইখন কৰি শাস্তি দিছিল ঘৰখনক, কিন্তু কুফল পাই আছা তুমিও। তুমিতো বাহিৰৰহে, সমাজে তোমালৈকে হুল পুটি থোৱা দৰে নহ'লেনে?” ‘সেইখন সমাজকো দেখিলোঁ মই! নামঘৰটোলৈ বিধায়ক আহিল। সিহঁতৰ ফুটনি। এনেই লগ পোৱা যায় নহয় বাটত অহা-যোৱা কৰোঁতে, সেইকণ সময়তে সিহঁতৰ ফুটনিবোৰ, এঘৰীয়া যেন মানুহ এঘৰলৈ মই যে বিয়া হৈ আহিলোঁ সেইটো ভাবত কয়। মই কৈছোঁ দুজনমানক— শংকৰদেৱে ৰজাক নিমন্ত্ৰণ কৰি ডাঙৰ শংকৰ বুলি পৰিচয় দিয়া নাছিলতো। ভকত সৱ সমান। সত্ৰ কি? সত্ৰ মানুহৰ মাজত সৌহাৰ্দ্য, সহযোগ, উৎসাহ, হেঁপাহ,সাংস্কৃতিক মানৱীয় মনোবৃত্তি বৰ্তাই ৰাখিবলৈহে। সংস্কৃতি নিজেও সম্পূৰ্ণ নহয়, সংস্কৃতিয়ে যদি মানুহক অসাধাৰণ সাধনৰ বাবে উদ্বুদ্ধ কৰি ৰাখে অহৰহ, সেয়াহে সংস্কৃতিৰ অৱদান। কলেজত এতিয়া আমাৰ জীৱনটো হোষ্টেলত বাস কৰা নিচিনাহে। হোষ্টেলৰ পৰা কলেজলৈ গৈছোঁ, কলেজৰ পৰা হোষ্টেললৈ। এটা চিষ্টেম লোকে সাজি থৈছে, সেইকাৰণে কামবোৰ তাত আমি কৰিব পাৰি যাওঁ, কিন্তু বাহিৰ ওলালেই শূন্য।' “নাই, ঠিক হৈ যাব। দেউতাক অলপদিন তেনেকৈয়ে চলক দিয়া। আৰু সিও বেয়া ল'ৰা নহয়, গতিকে নিজে নিজে বুজি সিও ঠিক হৈ যাব। ক'লে যদিও অলিন্দ ব্যথিত হ’ল— সৱ বেয়াবোৰেই গোট খাব লাগেনে! এঘৰো মিতিৰ-কুটুম্ব ভাল ওলাব নালাগে নে!
পৃষ্ঠা:কুলাংগাৰ.pdf/৭০১
অৱয়ব