সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৭০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুকুৰ ৬৯১ কিনিবলৈ দিওঁতে তাই কইনালৈ নৰম কাপোৰ কিনি সেই টকাৰে নিজলৈ কেইযোৰমান দামী কাপোৰ কিনি লৈছিল। মানুহে ঘৰতে বস্তুবোৰ চাই বেয়া দেখাত তাইৰ কাণ্ডটো ওলাই পৰিল, লগত পেহীয়েক এজনীও আছিল, পেহীয়েকে দামবোৰ কৈ দিলে, তাৰ পাছত তাই ভায়েকক বুজাবলৈ ধৰিলে— ‘দামী বস্তু আগলৈও নিদিবি, নহ'লে তোৰ মূৰৰ ওপৰত উঠিব।' মাক যোৱা-থোৱাৰ সময়ত মাকৰ গহনাবোৰ বায়েকজনীয়ে হাত কৰিলে। মাকো শিক্ষক আছিল, দেউতাকৰ চাকৰি নাছিল, গহনাখিনি দেউতাকে ল'ব খুজিছিল। মাকৰ সকাম যোৱাৰ পাছতে দেউতাকে বোৱাৰীয়েকৰ নেকলেচডাল চুৰি কৰি বেছি দিলে। ধৰাও পৰিল। লাজ পাই এতিয়া তেওঁ বোৱাৰীয়েকক ঘৰলৈ যাবলৈ নিদিয়ে। নেকলেচৰ কাহিনীটো অলিন্দই জনা নাছিল। পিংকীয়ে এতিয়াও মানুহকেইটাক একো ক'ব নিবিচৰাত নবৌয়েকজনীয়ে খেৰ-কুটাত ধৰাদি অলিন্দক কাহিনীবোৰ কৈছে, “শহুৰে বোৱাৰীয়েকৰ নেকলেচ চুৰি কৰিছে! ঘৰখনতেই চোৰ। কেনেকুৱা কাহিনী এইটো!” ‘আচলতে সমস্যাটো কি জানানে, দেউতাকৰ টকা নাই। মানুহজনী থাকোঁতে যেনে- তেনে চলিছিল। এতিয়া তেওঁ পিতৃত্জনে পুতেক-জীয়েকক টকা খোজাতকৈ চুৰি কৰাটোৱেই শ্ৰেষ্ঠতম উপায় বুলি ভাবিছে। বোৱাৰীয়েকৰ বস্তু চুৰি কৰি তেওঁ পুতেকৰে যে অনিষ্ট কৰিছে সেইটো ভবা নাই। ডাঙৰৰ পৰা মানুহে যে বেয়া গুণ শিকে কেৱল সেইটো নহয়, সৰুৰ পৰাও ডাঙৰে বেয়া গুণ শিকে। বায়েকজনীয়ে তোমাৰ ডিভানৰ ঘটী-লোটাবোৰ এনেই নি থাকে, কোনেও হাক নিদিয়ে, সেইটো পৰিৱেশ পাই পাই দেউতাকে নেকলেচডাল চুৰিয়েই কৰি পেলালে। তাক নোকোৱা কিয় তুমি— প্ৰতিমাহে কেইটামান কেইটামান টকা সি দেউতাকক দি থাকক, নুখুজিলেও দিয়ক, তেওঁৰ খৰচ কৰে নে জমা কৰে কৰিব নিজৰ মতে।’ “মই তাক কৈছিলোঁ। চাকৰি পোৱাৰ পাছত সি মোৰ কথা নুশুনাই হ'ল। ভেকাহি মাৰে। মোকো একো এটা নিদিয়ে। মই পাঁচ হাজাৰ টকা পাওঁ, তাৰে নিজৰ গাৰ বস্তু কিনো, ভাত-আঞ্জাৰ বস্তুও কিনো, তাক ক'লে সি কিবা এটাৰ এপোৱা আনিব, বা নানিবই। পৰামৰ্শ দিলেও তাৰ ইগত লাগি যায়। এতিয়া দেউতাকৰ কাণ্ডটোৰ পাছৰ পৰা ম‍ই মোৰ মা-দেউতাৰ বিষয়ে একো উলিয়াবই নোৱাৰোঁ, সি ছাটি-ফুটি দেখুৱায়, যেন ম‍ই বেয়া মানুহৰ নাম লৈছোঁ, খুঁত একোটা উলিয়াবলৈ চাই থাকে।’ ‘ৰেগিং কৰা মানসিকতাটো থাকে যে মানুহৰ। আমাক কৰিছে, গতিকে আমি ও তলৰবোৰক কৰিম! যাৰ একো দোষেই নাই, চিনিয়েই নাপায়। দেউতাক চোৰ কাৰণে লাজ পাই সি তোমাৰো দেউতা-মাক অশান্তিকৰ নিচিনা দেখুৱাব বিচাৰি আছে। তোমালোকে প্ৰেম কৰিলা, চাকৰি নহওঁতেই বিয়া পাতিলা, সকলো পাই গ'ল সি, বা তুমিও। সি ভাবিব পৰা নাই যে তুমি তাৰ একো নাথাকোঁতেই বিয়া হৈছা, সেইটো মনত