সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
পিতা-পুত্ৰ

 ‘গাঁওবুঢ়াৰ ঘৰটো চাগে উঠাই নিয়াই নাই নহয়? সিফাললৈ নিব নে ইয়ালৈ আহিব?’ গাঁওবুঢ়াৰ পুতেকৰ কথাটো মনত পৰি বিপুলে প্ৰসংগটো সলাই সুধিলে।

 ‘ছাৰ, সিহঁত ইয়ালৈকে আহিব। দোধোৰ-মোধোৰ কৰি আছিল। ইয়ালৈকে অহাটো কৰিলে। সিদিনা পুতেকে ক’লে আমাক। তাতো তিনিঘৰমানহে বাকী আছে নেকি..., গাঁওবুঢ়া, হৰেন বৰা..., অঁ হয় তিনিঘৰেই আছে, আৰু মিনেছৰ আছে। ইয়াতে আপোনালোকৰ শাৰীতে বহিবহি।’

 ‘হৰেন বৰা আহিলে ভাল হয়। অন্ততঃ বেজী এটা দিব পৰা মানুহ এটা ইয়াতো লাগে।’ সুকন্যাই ক’লে।

 ‘হয় হয়। সেইটো সুবিধা লাগে।’

 ল’ৰাটো যোৱাৰ পাছত সুকন্যাই বিপুলক ক’বলৈ ধৰিলে, ‘আধা পঢ়া মিচিং ল’ৰা যদিও মাত-কথা কিমান স্পষ্ট দেখিছেনে? অভিজ্ঞতা লৈ কিমান চিন্তা কৰিব পাৰিছে। আপুনি নিজে পঢ়ুওৱা ল’ৰাইতো এইবোৰ। একো এটা কথা দেখোন আপুনি ক’ব নোৱাৰে? আপোনাৰ মুখত দেখোন শব্দ এটাও ভালকৈ নুফুটে, সৱ ভুল ভুলকৈ কয়, মানুহৰ নাম এটা ফুটাব নোৱাৰে। দেবেশ্বৰটো কয় দেবিচৰ, ওপৰতটো কয় অপঅত, নাৰিকলটো নাইকল, নাইকলো নহৈ কেতিয়াবা নেইকল হয়গৈ। কি শুনিবা শব্দ! এইবোৰে পঢ়িবলৈ নাপালে কাৰণেহে, ভাল ঠাইত পোৱা হ’লে আপোনালোকে নিজৰ স্থান এৰি দিব লাগিলহেঁতেন।’ তাইৰ মাত ক্ৰমে অধিক কাঢ়া হৈ আহিল। শুনি আমনি লাগিল বিপুলৰ, ‘হ’ব দিয়াহে!’ সি উচাপ মাৰি কৈ তাইৰ ওচৰৰ পৰা আঁতৰি ঢাপৰ ফালে গ’ল।


 প্ৰথমে মিনেছৰ আহি বিপুলহঁতৰ কাষত বহিল, তাৰ পিছত গাঁওবুঢ়াৰ ঘৰ, একেবাৰে সিফালে হৰেন বৰা। আন চাৰিঘৰ আহি ৰঘু নেওগৰ সিফালে বহিল। বাৰে বাৰে চুবুৰি সলাই মানুহবোৰৰ সমুখৰ সংগও সলনি হৈছে, মনো সলনি হৈছে, আগৰ নিচিনাকৈ থেপাথেপিকৈ থাকিবলৈ বেয়া পোৱা হৈ আটায়ে আজিকালি আঁতৰত আঁতৰত বহিছে, চিঞৰ মাৰিলেহে কাষৰ ঘৰলৈ শুনে।

 হাবি মোকলাই মানুহ থকা ঠাই যেন কৰি লোৱালৈ আহিন সোমাল। ‘সমাজ এখন গোট খাইছে এতিয়া। আকৌ উঠি যাব লগা হ’লে অকলে থকাটো কৰিব নোৱাৰি দেই। কিবা ভাগ্যৰ কাৰণেহে আগৰ দুবাৰ গুৰুজনে বচালে।’ সুকন্যাই বিপুলক ক’লে। ‘এইটো চাপৰি নখহায়’, বিপুলে উত্তৰ দিলে। ‘ইহ, নখহাব!’ বিপুলে কাৰোবাৰ মুখত শুনি এনেই ডাঠি কৈ দিয়াত তাই ভেকাহি মাৰিলে। তাই খোলাখুলিকৈ বিপুলক বুজাই ক’ব খুজিলে, ‘নাখাই হ’লেও পইচা সাঁচিম, যেনে-তেনে মাটি অকণ উত্তৰপাৰত লোৱাটো চিন্তা কৰিব সদায়। পইচা হাতত থাকিলেও আপুনি এটকাৰো ওপৰঞ্চি বস্তু নানিব, এটকাটোৱো মাটি