কুকুৰ ৬৮৯ তাৰ গোটেই নিশা টোপনি নাহিল। ৰাতিপুৱা সকলো সাৰ পোৱা সি গম পালে। কাৰোবাৰ মুখৰ পৰা ওলোৱা শব্দ শুনিবলৈ সি কাণ থিয় কৰি থাকিল— কহাৰ শব্দ, হামিওৱাৰ শব্দ, কিবা এটা এটা মাথোঁ শুনিবলৈ পালেই সি যেন অনুমান কৰিব পাৰিব হতাশাত আছে নে খঙত আছে নে কিছু সতেজ হৈ মন মুকলি হৈছে। সুকন্যাই পকা চোতালখনৰ অঁত-তঁত পৰি থকা পাতকেইটাত চৰক চৰককৈ তামোলৰ পাতৰ ওখ বাহনিডাল মাৰিছে, বাহীমুখৰ ডিঙিটোত অভ্যাসতে খেকাৰি এটা মাৰি থুৱাই দিছে। খেকাৰিটো সপ্ৰতিভ যেন শুনি অলিন্দ্ৰ অকণমান চিন্তা কমিল। ভায়েকে ৰূমৰ দুৱাৰ-ডলিৰ ওচৰতে হাঁমি এটা মাৰি বাহিৰলৈ গৈছে, হামিটো উদ্বিগ্নতা ভৰা নহয়, হয়তো ইতিমধ্যে সকলো সি হজম কৰিছে। লগতে পিংকীৰ মাতো শুনিলে, কিবা এটা কৈছে, সি বুজি নাপালে, ভায়েকক নে বিপুলক কৈছে, বিশেষ একো নহয়, দৈনন্দিন সৰু কথা যেনেই লাগিল। সকলো সাধাৰণ যেন লাগিছে। সোনকালে সাৰ পোৱা যেন কৰি সিও উঠিল। অন্ততঃ এইবাৰলৈ অঘটন নঘটে বুলি তাৰ বিশ্বাস হ'ল। দুপৰীয়া অলিন্দ-পৰাণ-পিংকী অকলে বহিল। বিপুলৰ কাৰণে চিন্তা হোৱা নাই, খংটো তাৰ এনেই উঠে, বহুদিনৰ মূৰত কেতিয়াবা, অদ্ভুত কিবা এটা কৰে, সৱৰে হাঁহিও উঠে পাছত। সুকন্যাই সঘনে যি টি কৈ থকাটোহে অসহনীয় হৈছে। অলিন্দই ক’লে, “এইবোৰৰ প্ৰধান কাৰণটো ঈৰ্ষা। তুমি ঘৰৰ মানুহৰ গুণ গালে শুনিবই নোৱাৰে, সেইদিনাই তোমাক কিবা এষাৰ কয়। তুমি এটা কাম কৰা, তোমালোকৰ মাৰ বদনাম অলপ গাই দিয়া, তেতিয়া ঠিক হৈ পৰিব তোমাৰ লগত।' পৰাণ-পিংকীয়ে তালৈ থৰ হৈ চালে। ‘আপুনি কেনেকুৱা কথা কৈছে!' পিংকীয়ে ক'লে। পৰাণেও ক’লে, ‘দাদাই আচৰিত কৰি দিয়া কথা কেইবাটাও কেইবাদিনো কৈছা! কল্পনা কৰিব নোৱাৰি!' সিহঁতে তাক বেয়া পোৱা নাই, সিহঁতৰ বাবেই চিন্তা কৰি আছে সি, মাত্ৰ সি সমাধান বিচাৰি পোৱা উৎসটো শুনি আচৰিত হৈছে। সি ক'লে, “মা-দেউতাৰ বিষয়ে তুমি বেয়াকৈ নোকোৱা, ঠিক আছে। কিন্তু বেয়া গুণ আছেতো, সৱেই কৈয়ে থাকে ন। তুমি অকণমান কিবা এটা কৈ দিয়া— হেই এইজনী এনেকুৱা বুলি। একো নহয়, তুমি মনৰ পৰা নোকোৱা নহয়। প্ৰমাণ চোৱা তুমি, মাত্ৰ এবাৰ কোৱা, তোমাক দেখিলেই মনলৈ অহা ঈৰ্ষাটো নোহোৱা হ'ব, অহৰহ কোৱাটো কমি যাব, কেতিয়াবা কোৱাটো বেলেগ।’তাই মান্তি হ'ল।
নিশা ডেৰ বাজি গ'ল, হোষ্টেলৰ পৰা অলিন্দলৈ পিংকীৰ ফোন। সি দেৰিলৈকে কিতাপ পঢ়ি থাকে যদিও এই সময়ত তাই আগতে কৰা নাই। তাই এতিয়া চতুৰ্থ ষাণ্মাসিকত। অলিন্দই সংশয়েৰে ধৰিলে। ‘মায়ে আজি কি কৈছে জানেনে— সোনকালে শেষ কৰা, কেতিয়া শেষ হ’বনো তোমাৰ, তাত লংপেণ্টডাল পিন্ধি ঘুৰি থাকিলে নহয়, ঘৰলৈ আহি