সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুকুৰ ৬৮-৭ ৰেণুৱে সুধিলে, ‘পেণ্ডেল দি থকা ল'ৰাকেইটাই খাবলৈ জোৰ কৰোঁতেও কিয় নাখালে? ঘৰলৈ গৈ খাই আকৌ নিশাখন আহিব বস্তুবোৰ ৰখিবলৈ!' সুকন্যাই ক'লে, ‘সিহঁত শংকৰ সংঘৰ, সেইকাৰণে নাখায়। কাৰেণ্টৰ কাম কৰাজনে খাইছিল আগতে, য'তে-ত’তে খাই কেইবাবাৰো জৰিমনা ভৰিলে, এবাৰ চকলং বিয়া খোৱাত এঘৰীয়াও কৰিলে সংঘই, তাৰ পাছত গাঁৱত তাকে চেক্ৰেটাৰি পাতি দিলে, বোলে— তই বাৰে বাৰে ফাইন ভৰিব নালাগে, চেক্ৰেটাৰিকে হ। সেইকাৰণে আজিকালি নাখায়— উদক ভেটা ৰখীয়া পতা বদনামটো ল'ব খোজা নাই হেনো।’ ৰেণুৱে ক’লে, ‘গোসাঁইৰ ঘৰত খালেও জাত যোৱাৰ অৱস্থা আহিল! আমাৰ ফালেও গৈছে কেইঘৰমান সংঘলৈ। ম‍ই বোলো কি বেয়া পালা আমাক? সিহঁতে কৈছে— নাই পোৱা বেয়া, সংঘত খৰচটো কম। কম খৰচত ঈশ্বৰক পায়। সিহঁতে এতিয়া আমাৰ সকাম নাখায়।' অলিন্দই ক’লে, ‘নতুন কৰিলেও, সলনি কৰিলেও, মানুহবোৰতো একেই, মানসিকতাটো থাকিবই,নাৰিকল গছততো তামোল নালাগে।' তালৈ কাণ নকৰা দৰে সুকন্যাই ৰেণুক উত্তৰ দিলে, ‘এইবোৰো ভকত আছিল, কাৰেণ্টৰ কাম কৰাজনৰ দেউতাকে আমাৰ এখেতৰ আতাকৰ ওচৰতে শৰণ লোৱা।’

বোৱাৰীজনীক সুকন্যাই কিচিম কিচিম ৰূপ দেখুৱাই থকা হৈছে। নোসোধাকৈ পদুলিলৈ যাবলৈ নিদিয়ে, দোকান কৰিবলৈ নিদিয়ে, তাই ৰন্ধা নাখায়, বাৰীত সোমাবলৈও অনুমতি ল'ব লাগে। অলিন্দই পিংকীক এদিন কৈছে, “ময়ে বাৰীত কিবা এটা ছিঙিবলৈ ল'লে খেদা মাৰি আহে, তামোল এটা পাৰিবলৈ নিদিয়ে মোক, কিন্তু মন গ'লে পাছদিনাই নিজে গোটেইবোৰ পাৰিও পেলাব, গতিকে তোমাক বোৱাৰী বা নতুন হিচাপে কৰিবই, তুমি বেয়া নাপাবা, কেইদিনমান সহ্য কৰা।' তাইক বেয়া নাপাবলৈ, সহ্য কৰিবলৈ ক'বলৈ অলিন্দৰ অধিকাৰ ক’ত— সি দোষী দোষীও অনুভৱ কৰে, কিন্তু নিজেও কষ্ট খাই থকা বাবেই কোৱাটোত দোষ হোৱা নাই যেনো লাগে। সকলো সহ্য কৰি সি এতিয়া সোমাই থকাৰ দৰে তাই পাৰিবনে থাকিব? তাই বেলেগ দেশৰ ছোৱালী নহয়, নিজৰ ঘৰতো দেখিছে, তাই বেয়া পোৱা নাই, অশান্তিহে পাইছে, দুদিন থাকি গুচিয়েই যাব, কিন্তু দুদিনলৈ আহোঁতেও এইবোৰ হয়, পাছত একেবাৰে আহিলে কি হ'ব চিন্তা কৰে তাই। “ম‍ই ৰন্ধা ভাত নাখায়, মই ৰন্ধা খোৱা মানুহৰ হাতেৰে খায়। এইবোৰ কি চুৱা মানিলে তেন্তে?” তাই হাঁহি হাঁহি তাক কয়। আগফালে মাছৰ বেপাৰী এজনৰ সৈতে অলিন্দ-পৰাণে ডাঙৰ ডাঙৰকৈ কথা পতিছে। ৱাছিং-মিচিনৰ পৰা কাপোৰবোৰ টিং এটালৈ উলিয়াই পিছফালে থওঁতেই