৬৮-৬ কুলাংগাৰ থাকোঁহে হাঁহি, মানুহটো যোৱাৰ পাছত মোৰ বহুত দুখ, ক'ব নোৱাৰোঁ মুখেৰে।' তাইৰ ডাঙৰ জীয়েকে ক’লে, ‘মাক সেৱা কৰিলেহে ফল ধৰে বুলি কোনোবাই সপোন দেখা হ’লে, সৱ ভকত আকৌ আমাৰ ঘৰলৈ ঘূৰিলহেঁতেন।’ ৰেণুৱে ক’লে, ‘এতিয়াও ভক্তি নথকা নহয়, কিন্তু প্ৰথমেই সিঘৰত সোমাইগৈ, সোমাবই লাগিব, কাৰণ সত্ৰাধিকাৰ এতিয়া তেওঁহে। তাৰ পাছত আমাৰ ঘৰত সোমাই দিবলৈ মনতে নাথাকেগৈ। সিদিনা মই ঘটালোঁ কাহিনী এটা। শিৱসাগৰত বিয়া খাবলৈ গৈছিলোঁ, এইজনীয়ে বিয়াঘৰলৈ ঢেৰ বস্তু কিনিলে, মই কৈছোঁ— এতিয়াতো আগৰ নিচিনা নহয়, তই কিনিছ কিয়! গাড়ীখনো ঘূৰাই ঘূৰাই দীঘল বাটেৰে যাব লগা হ'ল, পেট্ৰ'লৰ দাম কিমান! তাৰ পাছত মই কৰিলোঁ নহয় কাণ্ডটো। তাতে থকা ভকত তিনিঘৰলৈ মনত পেলাই ফোন কৰিলোঁ। সিহঁতেতো ধৰিলেই জোৰকৈ— আই আপুনি এইফালে আহিছে, সোমাই যাব লাগিব! এঘৰত দিলে এহেজাৰ, এঘৰত সাতশ, এঘৰৰ পৰা ওলাই আহোঁতেই কাষৰ ঘৰৰ মানুহেও দেখিলে, মাতি লৈ গ’ল, সেইঘৰেও সেৱা কৰিলে। সেইখিনি গোটাইহে মই বোলো শান্তি! নহ'লে কি ক’বি, বস্তুৰ দাম যিহে বাঢ়িছে!' ৰেণুৱে নিজে নিজে হাঁহিলে, ‘গোসাঁনীৰ বিলৈ!’ বাকীবোৰেও হাঁহিবলৈ ধৰিলে। মুখেৰে হাঁহিলেও, তাইৰ এইবোৰ কাহিনী শুনি বিৰক্তি, ঈৰ্ষা, ঘৃণা, পুতৌ যি লাগিলেও, আজিকালি কোনো আচৰিত নহয়। অলিন্দই জীয়েকৰ কথাষাৰ শুনিহে খোৰাক পাইছে, ‘সাজপাৰত আধুনিক, নতুন প্ৰজন্মৰ হৈও পুৰণি সভ্যতাতে আছে! পৰিৱেশে এনেকৈয়ে আধুনিক আৰু অন্ধকাৰ যুগৰ সমান্তৰাল বাসিন্দা কৰি সাজে! নতুন প্ৰজন্ম মাত্ৰেই ধৰ্মান্ধতা, ভণ্ডামি নাথাকিব বুলি মনলৈ আশা অনাটো ভুল। যুগে যুগে গোড়া নৱ-প্ৰজন্ম বাঢ়িয়েই যাব। ধনেও জীয়াই ৰাখে ধৰ্ম। দক্ষিণা নথকা হ'লে ধৰ্মৰ স্বৰূপ সলনি হৈ গ'লহেঁতেন।' ৰেণুৰ তিনিজনী ছোৱালী। তৃতীয়জনী জন্ম দিওঁতে ডাঙৰ দুজনীক বহঁতপুৰত থৈ গৈছিলহি, অলিন্দও আছিল তাতে, খবৰটো অহাৰ পাছত ডাঙৰজনীয়ে ঘৰৰ কাষৰ ঈৰ্ষা-ঈৰ্ষী থকা কোনোবা মহিলা এজনীৰ বিষয়ে কৈ আছিল— “ল’ৰা নহ’ল কিয়! ছোৱালী হ'ল নহয়, সেইজনীয়ে বৰ ভাল পাব, ল'ৰা হ'লে বেয়া পালেহেঁতেন।’সৰুতেই এজনী ছোৱালীৰো মগজু পুৰুষতান্ত্ৰিকতাই কেনেকৈ গ্ৰাস কৰিছে দেখি অলিন্দ আচৰিত হৈ গৈছিল, তেতিয়া সি পুৰুষতান্ত্ৰিতাৰ দৰে শব্দ ভবা নাছিল, এতিয়া মনত পৰি গৈছে— তেতিয়া সি আচৰিত হৈছিল তেনেদৰেই। ‘পুলকৰো লিপ্সা কেৱল জৈৱিকেই আছিলনে? গোটেই জগতৰ পুৰুষতান্ত্ৰিকতাটো তাতে সোমাই থকা নাইনে! মহিলাকো সেইধৰণেই নলয়নে বহুতো ডাঙৰ পুৰুষেও! বশ কৰি খেলি চোৱাৰ ইচ্ছাত। আধা মৰি উশাহ ল'ব নোৱৰা হাঁহক হেঁচা মাৰি ধৰফৰণিটো অনুভৱ কৰাৰ তৃপ্তি • চিৰিয়েল কিলাৰবোৰে মানুহ মাৰি লোৱা নিচিনাকৈ। শাসক হৈ উঠাৰ মনস্তুষ্টি, আনক বিবেচনা নকৰি মাথোঁ অৰ্পণৰ আহ্বান। সেই অৰ্পণবোৰকে স্বীকাৰ কৰি লয় এই ছোৱালীজনীৰ দৰে বাকীবোৰে... -
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৯৫
অৱয়ব