সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুকুৰ ৬৮৫ যাবলৈকে নিদিয়ে, কোনো নাযায়। সেইবোৰ চকু দুটাৰে দেখা নাই নেকি? এতিয়া তোৰ জকাটো মুকলিকৈ চুবলৈ এৰি আহিছগৈ! স্থায়ী মাটিলৈ আনিছিলোঁ কিয়? মৰিশালিটোৰ ঠিকনা লাগক, স্মৃতিটো থাকক।’অলিন্দই ক’লে, ‘মৰিশালিয়ে স্মৃতি নাৰাখে, স্মৃতি ৰাখে মনে। এইবোৰ সাধাৰণ কথা, তেজ দিয়াটোও আজিকালি যেনেকৈ সাধাৰণ কথা। ' সুকন্যাই মানুহজনক ক’লে, ‘ডাঙৰৰ অনুমতি ন’লৈ সি সৱ হেৰুৱাই অহা নাইনে ককাইদেউ?” মানুহজনে অলিন্দক সমৰ্থন কৰা নাই, কিন্তু মাকে পুতেকক কৈছে, ঘৰতে এইবোৰ সমাধান কৰক, তেওঁ গহীনকৈ নলৈ একো নামাতিলে। তেওঁৰ যোৱাৰ লগে লগে সীমাৰ মূৰ্ত দা দাঙি কাজিয়া কৰা মানুহৰ দৰে সুকন্যাই অলিন্দক বলকিবলৈ ধৰিলে। পৰাণক সুধিলে তাই, পইচাৰ কাহিনীটো। পৰাণে নিজে দি অলিন্দই দিয়া বুলি কৈছিল। ‘ঘৰৰ পইচাবোৰ হজম কৰি ডিগ্ৰী নল’লি, এতিয়া ভায়েৰৰ পইচা হজম কৰিবি, আৰু কি কৰিবি তই ...' বহু পৰ ধৰি তাই গাই থাকিল। মুখ গোমোঠা হৈ পৰিলেও অলিন্দ সম্পূৰ্ণ অসহ্য লগা নাই। পৰাণকো নিজৰ ঠাইতে গোমোঠা হৈ বহি থকা দেখিলে, সিও সহ্য কৰা যেনেই লাগিছে। অলিন্দ নিলাজ হৈছে, নে স্থিতপ্ৰজ্ঞ, নিজে বুজিব নোৱাৰিলে। মাঘ বিহুৰ উৰুকাৰ উৎপাতটো নাইকিয়া হ’ল, এতিয়াও সিহঁত গাঁওহীন সুকীয়া মানুহৰ দৰে থাকিব লাগে যদিও সেইটো অন্ত পৰি যথেষ্ট শান্তি দিছে, “কিন্তু ঘৰখনৰ ভিতৰলৈহে এতিয়াও সলনি নাহিল', সি ভাবিলে, “মাঘ বিহুৰ মেজি আজিও ইয়াত এবাৰো সজা হোৱা নাই। অনিষ্ট কৰিবলৈ কোনো নাহে যদিও মেজি সাজিবলৈ ভাববোৰ মুকলি হ'বই পৰা নাই। বিয়াখনৰ পাছত, পিংকী আহিলে, হয়তো প্ৰথম মেজি জ্বলিব এই মাটিত।’

‘বিপুলৰ পৰিয়ালৰ কোনো নাহিব নেকি?' ৰেণুৱে সুকন্যাক সুধিলে। গধুলিৰ ভাতকেইটা খাই উখল-মাখল নলগোৱাকৈ মিতিৰ-কুটুম্বৰ কেইবাটাও একেটা কোঠাতে বহিছে, চাৰিটামানে মাননি কিছুমান পেকিং কৰিছে, পেণ্ডেল সজা ল'ৰাইকেইটাই গজাল মৰাৰ শব্দ বাহিৰৰ পৰা আহি আছে। নাই মতা। যোগাযোগ নায়েই৷ ডাঙৰজন কেইমাহমান আগত আহিছিল। চৰকাৰে সত্ৰলৈ টকা দিব, আমাৰ এখেতক তাতে লগ হৈ থকা বুলি ক'বলৈ কৈছিলহি, তেতিয়া টকাটো সৰহকৈ পাব। নহ'লে সত্ৰখন ভাগ ভাগ হ’ল, ভকতো ভাগ হ’ল, ডাঙৰ নামঘৰটো থাকিল যদিও ধন কমাই পাব। কোনোদিন যোগাযোগ নাছিলেই, ধনটোৰ কাৰণেহে বিচাৰি আহিছিল, আমি নালাগে বুলি ক'লোঁ, এনেয়ো আমাক নিদিয়ে পোৱাৰ পাছত।' সুকন্যাই ক’লে। ৰেণুৱে ক’লে, ‘আমাৰো এখেত ঢুকুৱাৰ পাছত পৰিয়ালৰ সেয়া আনজন সত্ৰাধিকাৰ হ’ল, এতিয়া সিহঁতে চলাব টকাটো, ভকতেও আমাক আজিকালি একো নিদিয়া হ'ল। মই