৬৮-৪ কুলাংগাৰ আলোচনা সমাপ্ত কৰি ভিতৰলৈ সোমায়েই অলিন্দই চিঞৰ মাৰিলে, ‘এইখন কিয় সলনি কৰিলে! এইকেইদিনত কৰিব নালাগিছিল, আগতেই কৰা হ'লে বেলেগ কথা!’ সুকন্যাহঁত শোৱা ডাঙৰ কোঠাটো পৰাণক দি সৰু কোঠা এটালৈ গ'ল। অলিন্দই পৰাণক অকলে লৈ ক’লে, “বিয়াৰ তেনেই ওচৰতে কোঠাটোৰ পৰা ওলাই যাবলৈ দি তুমি সোমাব নালাগিছিল। বেয়া প্ৰভাৱ পৰিব, তাইলৈ ঈৰ্ষা বাঢ়িব।' পৰাণে বিস্ময়ত তাৰ মুখলৈ চালে, পৰাণৰ বেয়াও লগা নাই, আঘাত নোপোৱাকৈও থকা নাই, ‘মাহঁতৰ বিষয়ে তোমাৰ মুখত প্ৰথম শুনিছোঁ এনেকুৱা কথা! তুমিও ক’বা বুলি ভবা নাছিলোঁ। মই এতিয়াহে ভাবিছোঁ, হ'বও পাৰে কিন্তু।” “কি কাৰণে মুখেৰে ওলাল? হয়তো ভাইটিৰ সংসাৰখনত বিঘিনি ঘটাৰ সংশয়ত। কি ৰিক্সত সি বিয়া পাতিছে? হয়তো কন্দলৰ ভয়তকৈ সংগ লাভৰ হেঁপাহ বাঢ়ি যায়, সেয়েহে সকলোৱে ঘৰখনলৈকে বিয়া পাতি আনে, ঘৰখনত অশান্তি থাকিলেও সপোনো দেখে— কিজানি বিয়াখনে সকলো ফালৰ পৰা নতুন কৰি পেলায়, মধুৰ কৰি পেলায় পৰিৱেশ। মই এনেকুৱা কথা কম বুলি অহা নাছিলোঁ। কিয় ক'লোঁ? হয়তো নিজৰ সংসাৰখনলৈ মনৰ কোণত এতিয়াও ভয় সোমায়েই আছে।' ‘তোমাৰখন আগতেই হ'ব লাগিছিল! অগা-পিছা হ’লেও, অলপদিন পাছতে পাতা তুমিও। গুৱাহাটীত থকা-খোৱাৰ খৰচ বহুত হয় চাগে, জমা কৰিব পৰা নাই নেকি?” বিয়াৰ খবৰ শুনি সোমোৱা বহঁতপুৰৰ ভকত এজনে অলিন্দক ক'লে। সহ্য কৰিব নোৱাৰি সুকন্যাই ফুটনি মাৰি ক’লে, ‘পাতিব ইও, পইচা ঘটি আহিছে ইও। এক লাখ খৰচ কৰি ভাওনাখন পাতিলোঁ, সৰুটোৱে পঞ্চাছ হাজাৰ দিছে,ই পঞ্চাছ হাজাৰ দিছে।ইব্যস্ত তেতিয়া, ছুটী নাপালে, তাৰ পৰাই খৰচ কৰিছে।' অলিন্দই বিৰক্তিৰে ক’লে, ‘হেই! মই এটকাও নাইদিয়া।’অলিন্দই ধেমালি কৰা বুলি মানুহজনে কথাষাৰ গণ্য নকৰিলে, সুকন্যাৰ মুখৰ ৰং সলনি হৈ গ'ল, সন্দেহে মনত খুন্দিয়াবলৈ ধৰিলে, খংটো মূৰলৈ উঠিল, মানুহজন যোৱালৈ অপেক্ষা কৰি তাই যেনে-তেনে ধৈৰ্য ধৰিছে। মানুহজনে ক’লে, ‘লাগিবই দিব, ভাওনাখন বৰ সুন্দৰ হৈছিল, খৰচ কিমান হয় আমি জানোৱেই। ভাল হৈছে, সেয়া ৰাইজলৈ দান কৰিছা! দধিচীয়ে নিজৰ হাড়েই দান কৰিছিল। দান কৰিব লাগে।' অলিন্দই ক’লে, “এইবোৰ বাৰু দধিচীয়ে দিয়া দানৰ সৈতে ৰিজনি নাখায়, দধিচী সাধুটো মহৎ। আজিকালি আকৌ সঁচাকৈও হাড় দান দিব পাৰি, হাড় নহয় বাৰু, অংগ দান কৰিব পাৰি। সেইটোৱেও দধিচীৰ দান নুবুজায়। মই সিদিনা মৰণোত্তৰ দেহ দান কৰি আহিলোঁ। মানে মৰিলে খৰি দিব নালাগে আৰু মোক। অংগবোৰ চিকিৎসকে সময় মিলাই বেলেগৰ গাত লগাব পাৰিব,জকাটোও চিকিৎসা মহাবিদ্যালয়ত থাকিব।’সুকন্যা ৰৈ থাকিব নোৱাৰিলে, “এইটো তই কি কাণ্ড কৰি থৈ আহিছ! ককাইদেউ চাওকচোন, আপুনি কওকচোন— সি এইটো ঠিক কাম কৰিলেনে? তই ককাহঁতৰ মৰিশালি দেখা নাই? বোকাগাঁৱৰ মানুহক কাষলৈ
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৯৩
অৱয়ব