সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮-৩ কুকুৰ ভায়েকৰ বিয়াৰ কাম কৰিবলৈ অহাৰ লগতে অলিন্দই আজে চাকৰিটোও এৰি একেবাৰে গুচি আহিল। ঘৰখনত মনটোক কেইমাহমান জিৰাবলৈ দিব খুজিছে সি। ডাঙৰ হোৱাৰে পৰা এনেকৈ অহাইতো নাছিল কেতিয়াও, এতিয়া মনটোও যথেষ্ট মুকলি হৈছে, আগতে অলপতে বিচলিত কৰা কথাবোৰ এতিয়া সহজ যেনো লগা হৈছে, বয়সটোৱেও সহ্য শক্তি বঢ়াইছে, কিছুদিন আশ্ৰমত বাস কৰা দৰে থাকি নতুনকৈ ভাবিব জীৱনটোৰ বিষয়ে। অৱসৰ লৈ বিপুলো অহা এবছৰ হ'ল, বিয়া হৈয়ে পিংকী হোষ্টেললৈ যাব, পৰাণে অমৰা বিশ্ববিদ্যালয়ত ক্লাছ কৰিবগৈ, অলিন্দ মাথোঁ থাকিব ঘৰতে। সি আবেলি পালেহি। টোপোলাবোৰ বাৰাণ্ডাত দ’মাই চাৰিওটা বহিল। পৰাণ-সুকন্যাৰ মন অলপ বেয়া। “কিবা হৈছে নেকি?' অলিন্দই সুধিলে। সুকন্যাই ক'লে, “বিয়াৰ দিন হোঁহকিব। চাইন এটা অহা পলম হ'ল, ইয়াৰ ডিগ্ৰীটো দুমাহ পিছুৱালে। পিংকীয়ে সেইকাৰণে বিয়া হোঁহকাব খুজিছে। নহ'লেতো চিঠিবোৰত ডিগ্ৰীটো লিখিব নোৱাৰে।' অলিন্দই চকু থিয় কৰি ক’লে, “ডিগ্ৰীটো হ’বইচোন! চিঠিত লিখিবলৈ নহ'ব কাৰণেই বিয়া হোঁহকাবনে?’ সুকন্যাই ক’লে, “চিঠিখনত ডিগ্ৰীটো থাকিলেহে মানুহক সেইখন দি মাতি ভাল লাগিলহেঁতেন। এইকেইদিনতে পাব বুলিয়েই আমাৰ চিঠিবোৰতো দেখোন ডিগ্ৰীটো লিখি ছপাবলৈ দিলোঁৱেই। হোঁহকাবলৈ মোৰ বেয়া লগা নাই, খচবোৰ কিছুমান এনেই যাব কাৰণেহে বেয়া লাগিছে। এতিয়া পাতিলেও ছপোৱাবোৰ নষ্ট হ'ল, তাৰিখ সলনি কৰিলেও নতুনকৈ ছপাব লাগিব, সেইটো খৰচ এনেয়ো হ’বই।' পৰাণে বাৰে বাৰে অলিন্দৰ মুখলৈ চাই আছে, অলিন্দই ভবা ধৰণটো সি বুজিছে, সি ক’লে, ‘চোৱা দাদা— তাই মানুহটোলৈ নহয়, ডিগ্ৰীটোলৈহে বিয়া হোৱা যেন বুজা গৈছে এইটো কাহিনীৰ পৰা, কিন্তু সেইটো কাৰণেই আমি বেয়া পাব নোৱাৰোঁ, আনখিনি বেয়া নহয়। হয়তো মোৰ ফালৰ পৰাও কিজানি তেনেকুৱা কিবা উপাদান চায়েই পচন্দ কৰিছোঁ। ইয়াত মানুহ দুটা মাধ্যমহে। গতিকে চলাই যাব লাগিব এনেকৈয়ে সকলো। এনেকৈয়ে সুখী হ'ব লাগিব।' অলিন্দই ধাৰণা কৰিলে— ভায়েকে যেন তাকো বুজাই দিব খুজিছে যে তুমিও কিছুমান চিন্তা এৰি সোনকালে বিয়াখন পাতা।