সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮০ কুলাংগাৰ কাঢ়া বা সিদ্ধান্তত অটল, এনেই লগৰীয়াৰ দৰে। সি তেওঁক কয়, ‘খোৱাৰ সমস্যা নহয়। ভালকৈ জীৱন যাপন কৰাতকৈও অধিক টকা লাগে আপোনালোকক। এইবোৰ নহা হ'লে ক'ৰবাত কেনেবাকৈ খায়ো সুন্দৰ জীৱন কটালেহেঁতেন। অধিক খাবলৈ কিয় লাগে আপোনালোকক?' হয়তো অভ্যাস, হয়তো আৰ্হিত আবদ্ধ, ভুল নায়ক দৃষ্টিত অহৰহ অৱস্থিত, ক্ষমতাশালী সমাজৰ সংগ-লোভ, আঁজুৰি ৰখাৰ সপোন, ভোগ-লালসা— নিজেই উত্তৰ বিচাৰি নাপায় তেওঁ হাঁহি তাক লঘুৱাই দিয়ে। ঘৰৰ পৰাপৰাণৰ ফোন। সি এতিয়া বৰবাৰী বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছে। সুকন্যাহঁতে বহঁতপুৰৰ বৰ-নামঘৰটোত ভাওনা পাতিব খুজিছে। “কিয়? দুবছৰৰ মূৰে মুৰে ঘৰত পালনাম পাতিয়েই থাকে, এখন পালনাম বাৰখন ভাওনাৰ সমতুল্য বুলি কয়চোন। আৰু তালৈ যাব কিয় বিচাৰিছে?' দুটা যুগৰ আগতে আগবঢ়ায়ো নপতা ভাওনাখনেই নেকি সেই ভাবো আহিল অলিন্দ। পৰাণে ক’লে, ‘বাহিৰত থকাবোৰে গাঁৱলৈ আহি পাতি থৈ যোৱা দেখিছে।' অলিন্দই উচাপ খাই ক’লে, ‘সেইবোৰ চোৰ, বদমাছ পুলিচকেইটা, লুতুৰা ঠিকাদাৰকেইটা। ৰাইজৰ লুটি খোৱা দূৰণিৰ মানুহকেইটাই ধন ঢালি ভাওনা পাতি দিয়ে, ভাওনা পাতি মহাপুৰুষ হয়হি, ডাঙৰ মানুহ দেখুৱায়, ৰাইজ প্ৰসন্ন, টকাৰ লোভত মতলীয়া, সেইকেইটাই ঈশ্বৰক ঘোচ দি মিট-মাট কৰিব বিচাৰে। তেনেকৈ মাহঁতে কিয় বিচাৰিছে?” ‘নহয়, আমি দুটাই পাতি দিয়াতো বিচাৰিছে। সামৰ্থ্যটো অকণমান দেখুৱাব বিচাৰে যে। আজিকালি মানে, ভাওনাৰহে মূল্যটো বঢ়া নিচিনা হৈছে। যোৱাবাৰ পালনামত দেখিছাই, ভকতক মাতি থৈ অহাৰ পাছতো ভাওনা ওলোৱাত কেইবাজনো পালনামলৈ নাহিল। আগতেতো সেইটো নহৈছিল। আগতে পালনামলৈ মাতিলে সেইবোৰ ভকতেই সৱ পেলাই থৈ যায় ভকতিত। ভাওনাবোৰ আজিকালি ৰং-বিৰং কৰিছে, মানুহবোৰৰ উপাৰ্জন এটাও হয়। আমাৰ ঘৰত ঠাই কম, তাত আহল-বহল, সুবিধাও পাব।' অলিন্দই বুজিলে, পৰাণে পাতি দিয়াতো ভাবিছে। ভাওনাত লাগিব পৰা মানুহ নাই বুলি কৈ ভকতকেইজন যোৱাবাৰ নাহোঁতেই অলিন্দ সন্দেহ হৈছিল— দক্ষিণাৰ কাৰণেই সেইটো কৰিলে। পালমানত দক্ষিণা কিমান পাব? তাকো গোসাঁয়ে ভকতক কেই টকা দিব? ভাওনাত কমেও এহেজাৰ! তেনেকৈয়ে খাই আছে, মানুহবোৰক বেয়া পাবও নোৱাৰি।‘তেন্তে পতাটোৱেই হ'ব চাগে! ম‍ই নাযাওঁ আৰু তাত ভাওনা চাবলৈ।’অলিন্দই ক’লে। পৰাণে ক’লে, “তাকেই! মাহঁতৰ মন— আমি দুটাই খৰচ কৰিব লাগে। কিন্তু তোমাৰতো বৰ্তমান চলিবলৈ হয়হে, সেইকাৰণে মই ভাবিছোঁ— ময়ে গোটেইখিনি দি দিম, মোৰ ফেল'শ্বিপৰ টকাবোৰ জমায়েই আছে। কাম গাঁৱৰ মানুহেই কৰিব, নিজে কৰিবলগীয়া একো নায়েই, বেলেগ গাঁৱৰ ভাৱৰীয়া আহিলেও বাহিৰে বাহিৰে বন্দৱস্ত