সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭৪ কুলাংগাৰ কম্পিউটাৰ চায়েন্স বিভাগৰ ইণ্টাৰভিউ আছে নহয়, নতুন অধ্যাপক ল'ব, কোনোবা আহিছে যদি লগ পাম। হীৰকজ্যোতি দাও আহিছে আজি, এনেই ফুৰিবলৈ, পালেহি।' “তোমাৰ যে কথাবোৰ!” তাই হাঁহি হাঁহি বাগৰি পৰিব নিচিনাকৈ মূৰটো হাওলি গ'ল। “নহয়নো কি! সৱ গৈ বিতোপন দাৰ ৰূমতে ফ্ৰাষ্ট্ৰেচনবোৰ জাৰে।' বিতোপনক প্ৰপ'জ দি ৰাজলক্ষ্মী বহুদিন তাৰ ৰূমলৈ আৰু সেইটো মেছলৈকে যোৱা নাছিল, পাছত আগৰ দৰে হৈ পৰিল পুনৰ। বিতোপনৰ ৰূমত ইতিমধ্যে কথাৰ ঠলঠলনি উঠি আছে। অলিন্দহঁতে বাহিৰৰ পৰাই শুনিলে। দুয়োটা সোমাই গ'ল। ‘অলিন্দ, ৰাতি খানা হ'ব, তোমাৰ ভাতটোও ইয়াত হ’ব দেই।’সিহঁতক দেখাৰ লগে লগে বিতোপনে ক'লে, ‘হীৰকজ্যোতি দা অহা কাৰণে ভৃগুকো মাতি দিলোঁ, সৱ এদিন লগ হৈ খাওঁ বোলো, তাৰ দুঘণ্টাৰ বাটহে।' অলিন্দ গৈ ভৃগুৰ কাষত বহিল। “খানা কোনে দিছা? হীৰকজ্যোতিয়ে নেকি? তোমালোকৰ অমৰা কলেজ এইবাৰ অমৰা বিশ্ববিদ্যালয় হ’ল, তাৰ খানা নেকি?' ৰাজলক্ষ্মীয়ে হীৰকজ্যোতিক সুধিলে। “তেনেকৈ কোনেও দিয়া নাই, সমজুৱা পাৰ্টি।' বিতোপনে লগে লগে ক'লে। “কিনো খানা দিম, শান্তিনাপাই ওলাই আহিছোঁ এসপ্তাহমানলৈ, ইয়াতে থাকি যামগৈ।’হীৰকজ্যোতিয়ে ক’লে। ‘কামৰ প্ৰেচাৰ?’“নহয় অ’, মনৰহে! এইবোৰ বিশ্ববিদ্যালয় কাক লৈয়ে। ফাঁচী বজাৰখন নিউয়ৰ্ক চহৰ বুলি ঘোষণা কৰি দিলে নিউয়ৰ্ক হৈ যাব নেকি? সেইখন কলেজ বিশ্ববিদ্যালয় হোৱা উচিতনে! হালধিবাৰীৰ ছেমিনাৰ এখনত ফটো এখন তুলিবলৈ পোৱাটোৱেই মাষ্টৰকেইটাৰ ডাঙৰ কৃতিত্ব। কেইটামানৰ সেইটোও নাই। এতিয়া সিহঁত বিশ্ববিদ্যালয়ৰ অধ্যাপক। কেইবাখনো মিটিঙত মই ক'লোঁ— বিশ্ববিদ্যালয় ইয়াতেই পাতক, কিন্তু তাকে নতুনকৈ পাতক, বিশ্ববিদ্যালয় মানে এনেকুৱা বস্তু নহয়তো। লাহে লাহে মোক ক'বলৈকে নিদিয়া হ'ল। হালধিবাৰী বিশ্ববিদ্যালয় গঢ়ি উঠিছিল শৈক্ষিক লক্ষ্য লৈ, ৰাইজৰ বৰঙণিৰে, সেইখনেই আহি আহি মাজত বেয়া হ'বলৈ আৰম্ভ কৰিলে। তথাপি ৰেজিষ্টাৰলৈকে চাওক, অকণমান ষ্টেণ্ডাৰ্ড আছে। অমৰা বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ হৈছে আগৰ প্ৰিন্সিপালজন, পেপাৰ এখন লৈ তেওঁ পিএইচডি কৰিলে— জাবৰ, দেখিলে ঘিণ লাগি যায়, পেপাৰৰ কোনো লক্ষণেই নাই। যিখন কলেজত এতিয়াও ল'ৰা-ছোৱালীয়ে ডিগ্ৰী পঢ়িবলৈ অসুবিধা পায়, পঢ়ুৱাব পৰা মাষ্টৰ নাই কাৰণে, সেইবোৰ মাষ্টৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হ’লে কি উন্নতি হ'ব দেশৰ?' হীৰকজ্যোতিৰ মুখখন বিধ্বস্ত যেন দেখা গ'ল, যেন যুঁজি যুঁজি ভাগৰি গুচি আহিছে সি। সকলোৱে বুজাকৈ অলিন্দই ক’লে, “ম‍ই এবছৰ তাতে পঢ়া। আগতে নকল পূৰা, চকুৰ সমুখত দেখিছোঁ। সেইখন কলেজ বেয়া কাৰণে ওচৰতে নপঢ়ি ম‍ই লুইত কলেজলৈ গৈছোঁ ডিগ্ৰী পঢ়িবলৈ। তেনেকৈ সৱ যাবলগা হয়। টিউচন কৰাটো চৰকাৰে বন্ধ কৰালে, কেইজনমানৰ নাকী লাগিল। কিন্তু প্ৰিন্সিপালজনে বেজালি কৰে, মানে মঙল চায়, বেজালি