সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭০ কুলাংগাৰ অলিন্দই ক’লে, ‘নাই নাপাওঁ। ম‍ই সহ্য কৰিব পৰা হ'লোঁ। তুমি চোৱা — সেইটোৱেই পাৰ্থক্য— সিহঁতে তেনেকৈ নক’বও পাৰিলেহেঁতেন, সিফালে দোষটো সিহঁতৰে। মইতো কেতিয়াও কাৰোৰে আগত কোৱা নাই বেয়াকৈ। মাত্ৰ শান্তিৰে থাকিবলৈকে নিজক বচাই আঁতৰোঁ, পলাওঁ। কেৱল সিহঁতেই নহয়, বহুতে হাঁহিছে। সিদিনা ভাইটিক লগ কৰিবলৈ কলেজলৈ গ'লোঁ, আমাৰ লগৰ বেলেগ বিভাগৰ ল'ৰা এটাই কলেজত খাটি আছে, মোক লগ পাই বিদ্ৰূপৰ হাঁহি মাৰি কৈছে যি টি। কলেজত পঢ়াৰ সময়ত অকণমান লগ পাইছিলোঁ, সন্মানেৰে মাতে, ময়ো ভালকৈ মাতোঁ, মই ভবাই নাছিলোঁ সিহঁতৰো মনত মোলৈ জেদ বা ঈৰ্ষা সোমাই আছিল, সিহঁতৰ বিষয়ে মোৰ মনলৈ নাহেই। ... এতিয়া এটা বিষয়েহে বেছি অশান্তি দি আছে মোক— বিশ্ববিদ্যালয়ৰ দুৰ্নীতিবোৰ। প্ৰথম আহিও, আগলৈ কেনেকৈ পঢ়িম ভাবি হতাশ হৈছিলোঁ।' কৌশিকে ক’লে, “দুৰ্নীতি নকৰাও আছে, দুৰ্নীতিৰ মাজত জয়ী হোৱাও আছে। এফচিপি ছাৰে কি কৰিছিল! তাৰ পাছতো এজনী অচিনাকী ছোৱালীয়ে প্ৰজেক্টটোত পাবলৈ সক্ষম হ'ল। তুমি কিবা এটা কৰা, কৰিলেই মনটো বেলেগ হ'বলৈ আৰম্ভ কৰিব। নকৰাকৈ থকা নাই বাৰু, নতুন মেছলৈ যাওঁতে মালিকে কি কৈছিল মনত আছে নহয়—ইমানবোৰ কিতাপ মানুহৰ থাকেনে! কিন্তু সেইবোৰতো তোমাৰ বাহিৰা কিতাপহে। গণিতৰ এটা পৃষ্ঠাও নপঢ়িলা। গণিতে তোমাক খুৱাব, তুমি সেইটো পঢ়া, বা বাহিৰা কিতাপেৰেই হোৱা লাইন উলিয়াই গুচি যোৱা। টিউচনবোৰ তোমাৰ এনেই, সেইটোৰে খাব নোৱাৰা গোটেই জীৱন। ৰুচি আৰু কেৰিয়াৰ বেলেগ বস্তু। তোমাৰ গণিতৰ ৰুচিটোত কিবা হল, কি হ’ল বাদ দিয়া এই মুহূৰ্তত, কেৰিয়াৰটোৰ পৰিকল্পনা কৰা।’ পুৱা সি নিজৰ ৰূমলৈ আহিল। কিহবাত এডমিচন লোৱা, চাকৰি এটা কৰাৰ প্ৰতি সি মনটো ঢাল খুৱাইছে। ‘জীৱনৰ প্ৰথম পঁচিশটা বছৰ কেৱল উদ্বিগ্নতাত পাৰ হ'ল। এবাৰো শান্তিৰে হাঁহি মাৰি নাপালোঁ পঁচিশ বছৰ। একো অতীত নাই, কিন্তু হাঁহিৰ অভিনয়েই কৰোঁচোন!' সি টেবুলৰ সৰু আইনাখন তুলি মুখখনলৈ থৰ হৈ চালে৷ জোৰ কৰি হাঁহি এটা মাৰিলে। হাঁহিটো ফুটি নুঠিল। আকৌ মাৰিলে। নাকৰ দুয়োকাষে চেপেতা হৈ থকা গালৰ অংশখিনি অলপ ফুলি উঠিল। আগ-দাঁতকেইটাও সি বাহিৰলৈ উলিয়ালে। পোহৰ নোলোৱা টৰ্চৰ দৰে হাঁহিটো নিৰ্জীৱ, তথাপি গোটেই মুখমণ্ডল হেঁচা মাৰি ধৰি থকা ভৰটো অলপ লঘু লঘু লাগিল। দাপোনখনৰ প্ৰতিবিম্বটো সঁচা নে নিজেই সঁচা ক্ষন্তেকলৈ থিৰাং কৰিব নোৱাৰি তাৰ গাটো কঁপি গ'ল।