সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতীতহীনতা ৬৬৯ “মায়ে এমাহমান ফোন কৰা নাই, ককাৰ সকাম যোৱাৰ পাছত কৰিব চাগে। চিন্তা কৰে, ল'ৰাটোৰ চাকৰি-তাকৰি হ'বগৈ নে নাই। কিবা এটা কৰা। তুমি মনৰ কথাবোৰ এতিয়াও নোকোৱা। কিয় পঢ়িবলৈ মন নাযায় সেইটো মোক কোৱাচোন। কোনোবাই ডেইজীৰ কাৰণে বুলি এনেই ক'ব পাৰে, মোৰ বিশ্বাস নহয়৷' কৌশিকে ক'লে। ‘ঘৰত অশান্তি লাগে, বাহিৰত সৱ ফালে দুৰ্নীতি, অকল স্বাৰ্থ’, অলিন্দক সম্পূৰ্ণ কৰিবলৈ নিদি কৌশিকে ক'লে— “তুমি যিবোৰ যুক্তি দিব খুজিছা নপঢ়িবলৈ, এটাও ভেলিড নহয়।' অলিন্দই ক’লে, “মই এটা উদাহৰণ দিওঁ। ম‍ই যোৱা দহ বছৰ দেউতাক এবাৰো মাতিয়েই পোৱা নাই, মোকো মাতি পোৱা নাই। কিন্তু ঘৰতে পাই থাকোঁ, মোৰ সৈতে একো গণ্ডগোলো নাই।' বন্ধু হ'লেও লোকৰ সমুখত আজি এইকণ সি উচ্চাৰণ কৰিব পাৰিলে, পৰাণে কোৱা বাবেই সিও অলপ সহজ পাইছে, সি অনুভৱ কৰিলে— আৰু কেতিয়াও এনেকৈ কোৱাৰ ইচ্ছা নহ'ব, কিন্তু সহ্য শক্তি এনেয়ো বাঢ়িছে লাহে লাহে। কৌশিকৰ ৰূপ সলনি হ'ল, চিন্তিভাবে ক'লে, “তুমি ভুক্তভোগী হৈছা প্ৰতিটো ক্ষেত্ৰতে, নহ'লে চাইল্ড প্ৰডিজি ৰূপে খ্যাত হ’লাহেঁতেন, মানুহে ক'লেহেঁতেন — ই সৰুৰে পৰাই অসাধাৰণ, এতিয়াও অসাধাৰণ হ'বই। কিন্তু ভুক্তভোগী হ'বলৈ দিছা নিজক। যুঁজি জয়ী হৈ যোৱা! মোলৈ চোৱা, মোৰ লগতেইতো থাকা তুমি, মই ঘৰৰ মানুহৰ লগত ফোনত কথা পাতিবলৈ পোৱা দেখিছা নে?' কৌশিক থমকি ৰ'ল, আৱেগে খুন্দা মাৰি ধৰিলে, “মই আজি প্ৰথম কাৰোবাক কৈছোঁ। মোৰ মা-দেউতাৰ মতবোৰ নিমিলে, সিমানেই কলোঁ তোমাক, যি বুজা বুজা। জটিল একো নহয়, কিন্তু তাতেই মাত কথা ডাঙৰ হৈ থাকে, মোৰ অশান্তি লাগে। কিন্তু মই নিজক বচাই আছোঁ।' অলিন্দই ক’লে, “ময়ো অহৰহ যুঁজি-যুঁজিহে আজিৰ ধৰণে হ'লেও ৰৈ থাকিলোঁ। ইয়ালৈ প্ৰথম অহাৰ সময়ত হতাশাৰ এটা বেলেগ স্তৰলৈ গুচি গৈছিলোঁ, পৃথিৱীৰ এজন মানুহেও নাজানিলে। অতি সামান্য বিৰূপ দেখিলেই মই ভাগি পৰা যেন হৈছিলোঁ বহু সময়লৈকে। মোৰ কলেজৰ লগৰকেইজনীয়ে মোক কথা কোৱাৰ ধৰণটো বেলেগ আছিল, সিহঁতে লগ পালেই কয়— -খুব পঢ়িছা চাগে, তুমি শেষেই কৰিলা চাগে, আমিহে নোৱাৰিম। মই দেখিলেই পলোৱা হৈছিলোঁ। মনত মোৰ সিহঁতলৈ একো বেয়া ভাব নাই, কিন্তু নামাতিছিলোঁৱেই, যাতে বিৰূপ কথাবোৰ শুনিব নালাগে।' কৌশিকে নতুন ৰহস্য এটা শুনাৰ দৰে সুধিলে, ‘আঁ আঁ, কি ক’লা তুমি, আকৌ কোৱাচোন।’অলিন্দই পুনৰ কৈ সুধিলে, “কিবা হৈছে নেকি?’কৌশিকে ক’লে, ‘এইটো মই জানিছিলোঁ, তুমি যে নামাতা। কিন্তু বেলেগ ধৰণে। ডিপাৰ্টমেণ্টতে আমি কেইটামানে আড্ডা মাৰি আছিলোঁ, লগৰবোৰৰ বিষয়ে যি টি, সিহঁত তিনিজনীও আছিল, তোমাৰ বিষয়েও ওলাইছিল। সিহঁতে কৈছিল— সি ডাঙৰ মানুহ হ'ল, ইয়ালৈ আহি আমাক নামাতেই, বাহাদুৰিতে নামাতে, এতিয়া তাৰহে অৱস্থাটো সেয়া হ'ল। আমি ক'লোঁ— আমিতো সেইটো ভাব দেখা নাই। কিন্তু সিহঁতে বেয়া পাইছিল। নামাতিলে পাবই। তুমি সিহঁতক বেয়া পাব নোৱৰা কোৱাৰ বাবে।”