অতীতহীনতা ৬৬৫ নহয়, সিহঁতে আঁতৰাবলৈ সেইটো কৰিলে, বিৰিঞ্চিৰ হতুৱাই কোৱালে। বিৰিঞ্চি গহীন, তোমাৰ লগতে থাকে আগতে, সেইবোৰ সৱ ওলায়, মোৰ মুখত শুনি শুনি কলেজত তুমি সৱৰে চিনাকি হৈ পৰিছিলা, সেইকাৰণে যাতে তুমি এৰি দিয়া— সিহঁতে সেইটো কোৱালে।’ সি ক’লে, ‘আটাইতকৈ বিশ্বাসযোগ্য যেন লগা ভালটোৱেই ঠগিলে তেন্তে! কেৱল তাকেই বিশ্বাস কৰিছিলোঁ। ভালেই হ'ল দিয়া। সি তেতিয়া অন্যায় নকৰা হ’লে আজি মোৰ উপকাৰ নহ'লহেঁতেন। এতিয়া মই উদ্ধাৰ পালোঁ, নহ'লে লোকচান হ'লহেঁতেন।' সি সঁচা ভাবতে কৈছে, ক’লে জোকোৱা যেন লাগিব বাবে স্পষ্টকৈ কৈছে। কেৱল জোকোৱাটোকে ভাবি তাই অভিমান কৰি ক’লে, ‘তুমিতো সেইটোকে ক’বা!” পাছদিনা দুপৰীয়া সি শুলে। তাইৰ বাৱনটা মিচকল। সি বিৰক্ত হৈছে পৰিণতি দেখি। ‘ময়ূৰীৰ বাকী ৰৈ গৈছিল। অন্য নহ'লেও অলপ কথা পতাৰ ইচ্ছা, কিছুদিন লগ পোৱাৰ হেঁপাহ, সেইবাবেই এতিয়াও ইমান আৱেগ। তেনেকৈ ডেইজীৰো ৰৈ গৈছিল কিছু বাকী। সমস্ত যাতনাৰ বিন্দুমানো কোৱাৰ সামৰ্থ্য নহৈ নিজেই সৃষ্টি কৰা সুৰৰ দৰে কেৱল গান গাইছিলোঁ আকুল হৈ, কিন্তু তাইতো স্বাভাৱিকভাবেই সেয়া জোকোৱা বুলি ভাবিবলৈ বাধ্য! আন কি ভাবিব? সেয়েহে মই ঘপকৈ ৰৈ যোৱাত মোকো জোকাবলৈ তাইৰ বাকী ৰৈ গৈছিল বাবে নিজেই খুজি লৈছিল।’ দুদিন সি বুজালে, ফোন নকৰিবলৈ, নম্বৰ ডিলিট কৰি দিবলৈ, “তুমি মোক এতিয়া দেখিলেও চিনি নাপাবা। বন্ধুৰ দৰে যদি পাতিলাহেঁতেন বা কেতিয়াবা মানুহটোৰ সৈতে একেলগে যদি লগ কৰিব পাৰিলাহেঁতেন, তেতিয়া কথা পতাত মোৰ আপত্তি নাছিল।’ তাই নুশুনাত সি ধমকি আৰম্ভ কৰিলে, তাৰ মনত কোনো খং নাই, বুকুত কষ্ট বা বেজাৰ লৈ কৃত্ৰিম গালি দিয়াৰ অভিনয়ো নহয়, মাথোঁ প্ৰয়োজনত কৰা শব্দ-প্ৰয়োগ। ফোন বন্ধ হ'ল। তাৰ আমোদ লাগিছে, পৰিহাস যেনো লাগিছে, ‘যাৰ কাৰণে জীয়াই থাকিলোঁ, অপমান কৰা হ'ল তাইকে!' কিন্তু সি দোষ কৰা যেন পোৱা নাই, ভাল কৰা যেনহে লাগিছে, ‘হয়তো পৰীৰ লগতো সেয়াই হৈছে, তাইৰ ওচৰত মোৰ একো মূল্য নাই, যেনেকৈ ময়ূৰীৰো আজি একো মূল্য নাই মোৰ মানত।' পাছৰ সপ্তাহত পৰাণৰ ফোন। অলিন্দ চক খাই গ'ল। ভায়েকটোও যেন হেৰাই আছিল ইমান বছৰে! যেন নাছিলেই সি তাৰ জীৱন-কাহিনীত! ঘৰত পায়ো এটা আনটোৰ পৰা যেন নিৰুদ্দেশ আছিল! ‘মাক-দেউতাকৰ কন্দল হ'লে সহোদৰে কথা পাতিব নোৱাৰে। ভালকৈ মাতিলেও কৃত্ৰিম হয় মাত, ভাবি থকাটো ক'ব নোৱাৰে, কিন্তু পৰস্পৰে জানে যে মনতে কন্দলবোৰেই ভাবি আছে। আৰু তেনেকৈয়ে হেৰাই যায় সহোদৰৰ সম্পৰ্ক। জটিল হৈ যায় পৰস্পৰৰ যোগসূত্ৰ।’ পৰাণ এতিয়া লুইত কলেজত, কেইসপ্তাহমান পাছত শেষ হ'ব, কলেজৰ কাষৰ পিচিঅ' এটাৰ কৰা কৰিছে, অলিন্দক জোৰকৈ মাতিছে, ‘দাদা আহিবাচোন, ইয়ালৈ আহিবা, পৰীক্ষাৰ মাজত মই ঘৰলৈ যাব নোৱাৰিম, কথা পাতিবলৈ মোৰ বহুত মন গৈছে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৭৪
অৱয়ব