৬৬৪ কুলাংগাৰ দুদিন পাছত এটা অচিনাকি নম্বৰৰ ফোন। ডেইজীৰ পৰাই আহক যেন কল্পনাৰে তাৰ উগুল-থুগুল লগা নাই, নিজৰ নতুন অৱস্থাটো সি ফোনটো ৰিচিভ কৰি লৈ সচেতনে উপভোগ কৰিলে। ‘হেল্ল’, মই ময়ূৰীয়ে কৈছোঁ। অ’...! সাংঘাটিক অপ্ৰত্যাশিত! এইটো মাতে তাৰ কঁপনি তুলিলেহেঁতেন। সাধাৰণ মানুহ এজনীৰ মাত শুনাৰ দৰেই তাৰ তেনে প্ৰতিক্ৰিয়া নাহিল। ‘কি যে সময়ত ফোনটো আহিছে! তাই নাজানে মোৰ মনোজগতৰ পৰিৱৰ্তন আজিৰ সময়তো!’সহজকৈ ভাবিলে সি, সাধাৰণকৈ সুধিলে— ক'ত আছা, ভালনে, কি কৰি আছা,নম্বৰ কেনেকৈ পালা ...। তাই সুধিলে, “কোনোবা আছেনে এতিয়া?’তাৰ উত্তৰ,নাই।' তাইৰ মাতত চঞ্চলতা ফুটি উঠিছে, কঁপিছে, ‘তুমি ফোনত মোৰ মাতটো শুনিলে কথাই নাপাতিবা বুলি ভয়ে ভয়ে কৰিছিলোঁ। ’ ‘নাই তেনে কথা নাই। কিয় নাপাতিম!’ ‘নহয়, তুমি অকণো লগ কৰিবই নিবিচাৰিলা, মই সদায় বিচাৰিছিলোঁ। এটাও দিন নাযায় তোমাক মনত নেপেলোৱাকৈ। আজিও জানা, মই প্ৰতিদিনে গধূলি থাপনাত চাকি দি তিনিজন মানুহৰ কথা ভাবোঁ— এওঁ, আমাৰ মাইনাটো আৰু তুমি। ঈশ্বৰে যেন এই তিনিওজনক কেতিয়াও অনিষ্ট নকৰে, মোৰ ফালৰ পৰা তাকে খাটো প্ৰতিদিনে।’ সি ক'লে, ‘সেইবোৰে মোক স্পৰ্শ নকৰে। কি হ'ব প্ৰাৰ্থনা কৰিলে ঈশ্বৰক। হেই! নকৰিবা প্ৰাৰ্থনা।' তাই জৰুৰীভাবে কৈ ল’লে, “শুনাচোন, তুমি মোলৈ ফোন নকৰিবা, মই কৰিম, তুমি ধৰিবা। এওঁ তোমাৰ বিষয়ে সৱ জানে, এতিয়াও কওঁ কেতিয়াবা, ঈৰ্ষা কৰে তোমাক। কিন্তু ফোন কৰাটো জানিলে দুখ পাব। ভাল, বহুতেই ভাল, কোনো দুখ নাই তেওঁৰ পৰা মোৰ, বহুত কেয়াৰ লয়, সুখী পৰিয়াল। মই অফিচলৈ গ’লে— ছাতি নিলানে, তিতিলে জ্বৰ উঠিব— এনেকৈ প্ৰতি মুহুৰ্ততে যত্ন লয়। তথাপি মই তোমাৰ হৈ সদায় ঈশ্বৰক খাটো।’‘মই ফোন নকৰোঁ। মই কিয় কৰিম!’সি ক'লে। ‘হয় তুমি নকৰা। এবাৰো লগেই নকৰিলা। মৃণালে কৈছিল বিয়াৰ সময়ত তোমাক, তেতিয়া অহা হ’লেও তুমি! আজি তোমাৰ মাতটো শুনি মোৰ এনে লাগিছে মোৰো ভুল আছে, মই কিয় ৰৈ নিদিলোঁ, এতিয়াওতো পৰা গ'লহেঁতেন, সোনকালেই হ’ল বিয়াখন।...’ শুনি সি ৰস পাইছে, তাইৰ চঞ্চলতা দেখি ভাবিছে— ‘ভালেই হ’ল, তাই যোগ্য নাছিলেই, তাই নোৱাৰিলেহেঁতেন তাৰ কাহিনী হজম কৰিব। তথাপি, এতিয়ালৈকে তাইৰ সৈতে থাকি যোৱা হ'লে অৰ্থহীনতাৰ সৈতে যুঁজবোৰ কমিলহেঁতেন, যিমান যি হেৰুৱালোঁ ময়েই হেৰুৱালোঁ কেৱল। আনে প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক ৰোমন্থন কৰা শুনিবলৈ পোৱাৰ দৰে কোনো মিঠা স্মৃতিও নাহে মোৰ।’ সি ক’লে, ‘মই কিন্তু এবাৰ লগ কৰিম বুলি গৈছিলোঁ!’তাই চক খাই সুধিলে, ‘কেতিয়া? তাৰ পাছত কিয় নাহিলা?’‘তেতিয়া তোমাৰ ডিগ্ৰী ছেকেণ্ড ইয়েৰৰ পৰীক্ষা শেষ হৈছিল। মই শালবাৰী চেণ্টাৰতে বিৰিঞ্চিক লগ কৰিলোঁ, সি ক'লে— কলেজৰে বেলেগৰ সৈতে তোমাৰ হৈ গৈছে, সেইবাবে নগলোঁৱেই।’‘হেই নহয়! এৰেঞ্জ মেজেহে মোৰ! বিয়াৰ প্ৰপ'জটো মোকে দিছে বাৰু তেওঁ, কিন্তু তেতিয়া নহয়, তেওঁ তাত পঢ়াও নাছিল। এ... কলেজত বহুত ল'ৰা লাগিছিল
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৭৩
অৱয়ব