সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
কুলাংগাৰ

 নলৰ মুঢ়াকেইটা বাবাই পুতিলেহে মাথোঁ। তাৰ আগ্ৰহটো কমি গ’ল। গোটেই দিনটো সি সুকন্যাৰ চকুলৈ লক্ষ্য কৰি থাকিল। আগবেলা এটা ক্ষণ দুখত ভাগি পৰা মানুহজনী সি পুনৰ দেখা নাপালে। তাইৰ চকু-মুখত দৃঢ়তা-ব্যস্ততা-একচিন্তা ফুটি আছে। হঠাৎ সলনি হোৱা এই ৰূপটো কি সি বুজিব নোৱাৰিলে— ভয় খাবলগীয়া নহয়, দুখ পাবলগীয়া নহয়, হাঁহি-মাতি লগ ল’ব পৰাও নহয়। সি সমীহেৰে দূৰে দূৰে ৰৈ তাইক পৰ্যবেক্ষণ কৰি থাকিল।