অতীতহীনতা ৬৫৯ অতি ভাল পদ্ধতি। অবজেক্টিভ প্ৰশ্নকেইটামানৰ লিখিত পৰীক্ষাতকৈ অতি উন্নত পদ্ধতি আচলতে। কিন্তু ইয়াত সেইটো ভালৰ উদ্দেশ্য লৈ কৰা নাই নহয়। নিজৰ নিজৰ লবীৰ মানুহকেইটাক দিবলৈহে কৰিছে।’ অলিন্দই সুধিলে, ‘তোমাৰ লগত একোতো মিতিৰ নাই, তথাপি নিজে কিয় দিছে?” “নিজৰ অধীনৰ ছাত্ৰটোৱে নাপালে তেওঁলোকৰ বদনাম হয় যে। বোলে এমফিলত গাইড কৰিলে, তথাপি পিএইচডিত ছাঁটেই নাপালে।’অলিন্দই চিন্তা কৰি ক’লে, “আচলতে ক্ষমতাটো দেখুৱাব বিচাৰে নেকি! ক্ষমতাৰ মোহ। যে নিজৰ অধীনৰ ছাত্ৰক মই এনেকুৱা কৰিব পাৰিছোঁ।’“নাজানো আৰু! মই হোষ্টেলটোতো আমনি পাইছোঁ। ৰাতি ল'ৰাবোৰৰ আড্ডা, চিনেমা আৰু মদ। বহুতৰ কাম নাথাকেই, ফাং-ফুঙেই কৰি থাকে। বা কৰাখিনিয়ে লেবত কৰে দিনত। সিদিনাৰ খবৰটো পালানে? দুজন ডিএছচি ডিগ্ৰীধাৰী মানুহে দুখন গৱেষণা-পত্ৰৰ ভিত্তিত চাকৰি দি থৈ আহিল, পাছত ধৰা পৰিছে সেই দুখন ৱিকিপিডিয়াৰ কপি, সাধাৰণ বেয়া প্ৰবন্ধতকৈও অধইচ গৱেষণা-পত্ৰ, ফেক জাৰ্নেলত প্ৰকাশ পাইছে। ইমান ডাঙৰ ডিগ্ৰী থকা দুজন মানুহেই যদি সেইটো চাব নাজানে বা তেনেকৈয়ে যদি গৱেষণা কৰি চাকৰিত বহিব পাৰি, কেইটাই পঢ়িব? মোক ৰাতিটো ও লগা হয় অলপ কাম কৰিবলৈ। কিন্তু হোষ্টেল এৰিলে ডিগ্ৰীটোত দিগদাৰ, মানে টাইমটোত দিগদাৰ, পলম কৰি দিয়ে। এক বছৰ দেখিলোঁতো। ৰিচাৰ্ছ-স্কলাৰ হোষ্টেলৰ পাৰ্টিৰ মুখ্য অতিথি একাডেমিক ৰেজিষ্টাৰৰ অফিচৰ কেৰাণীকেইটা। সিহঁতৰহে ক্ষমতাটো বেছি। হোষ্টেলত নথকাবোৰেও হোষ্টেললৈ আহি লিংক লগায়। নহ'লে, থেচিছবোৰ পঠিয়াব লাগে নহয়, চাইন-টাইন কৰাব লাগে, সেইবোৰত সিহঁতে দেৰি কৰাই থৈ দিয়ে। আৰু এক্সপাৰ্টে কনফিডেন্সিয়েল নোট কৰি পঠিয়ায়— কি কি প্ৰশ্ন পাছত সুধিব লাগিব। কেৰাণীকেইটাক মদ অকণ খুৱাই দিলেই সেইখিনি ৰিচাৰ্ছ-স্কলাৰটোক দেখুৱাই দিয়ে।' ‘ৰেজিষ্টাৰেওতো জানে এইবিলাক!” “জানে, কিয় নাজানিব! ধৰা মই প্ৰশ্ন নিবিচাৰোঁ, কিন্তু পলম কৰাই দিয়াটোত মোৰ ভয় লাগে। সিহঁতে ধন-টকা নিবিচাৰে, মদ খুৱাব লাগিব। নুখুওৱালৈকে, তুমি যদি অফিচলৈ যোৱা, যিটো গপচত থাকিব, তুমি মানুহেই নহয় যেন ভাব আহি যাব।’ ‘আচলতে, মদপী মানুহে মদ খাই যিমান ভাল পায়, ফ্ৰী মদ খাই তাতকৈ বেছি ভাল পায়। সন্মান অনুভৱ কৰে। যিবোৰ ঘটনা ঘটি আছে, সৱ নিজৰ নিজৰ ধৰণে সন্মানৰ উদ্দেশ্যত। মাফিয়ায়ো নিজস্ব ধৰণে সন্মান খোজে। কেনেকুৱা সন্মান খুজিব, সেই আদৰ্শটো বিশ্ববিদ্যালয়খনত হেৰাই গৈছে। ’ ‘অলিন্দ, মই কাইলৈ কাম এটা কৰিম!' তাৰ ৰূমলৈ আহি মুখত লাজুক হাঁহি লৈ ৰাজলক্ষ্মীয়ে ক'লে। সি তাইৰ মুখখন ক্ষন্তেক অধ্যয়ন কৰি ক'লে, ‘বুজিলোঁ! নকৰিলেই আপোনাৰ লাভ হ'ব নেকি!' সামান্য টোকৰত হাঁহ-কণী ভাগি নোযোৱা দৰে তাইৰ আত্মবিশ্বাসত ঠেকা এটা লাগিল যদিও নিখুঁত হৈ ৰ’ল, “কিয় ক’লা?’
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৬৮
অৱয়ব