সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৫৮ কুলাংগাৰ সি বিছনাখনতো শান্তি পোৱা নাই, অসহায়ভাবে অলিন্দৰ মুখলৈ চাই আছে। ‘পাইছা যেতিয়া কৰা।' অলিন্দই ক’লে। ‘কিন্তু এনেই দিছে! কৈছোঁৱেই তোমাক আগতে। ম‍ই পাবলগীয়া নহয়েই একদম।' কৌশিক এইফালে সোমোৱা দেখা পাই পাৰ্টি হোৱাৰ সম্ভাৱনাত বিতোপনো আহি পালেহি, সি ইতিমধ্যে ৰিজাল্ট পাইছে। “মন বেয়া নকৰিবা৷ পাইছা, কৰি দিয়া। তুমিতো নিজে দুৰ্নীতি কৰি লোৱা নাই। মোৰ কি অৱস্থা হৈ গ'ল! ছাৰে মোক এইবাৰো পিএইচডিত এডমিচন ল'বলৈ নিদিলে। সৱেই ইতিমধ্যে এটা ডিগ্ৰী লৈ পিএইচডিও কৰি আছে, মোৰ এমএছচিয়েই হৈ থাকিল। প্ৰজেক্টটোৱে দুটা বছৰ মোক পিছুৱাই দিলে৷ এইবাৰো নহ'ল মানে তিনি বছৰ গুচি গ’ল এনেই। এইটোতো এনেকুৱা বিষয় নহয় যে মই তিনিবছৰৰ কামখিনি দেখুৱাই কোম্পানীত চাকৰি পাম। প্ৰজেক্টটোৰ পৰাই পিএইচডি হ'ব বুলিহে মই সোমাইছিলোঁ, ছাৰে তেনেকৈয়ে কৈছিল, এতিয়া মোক খটুৱাই আছে।' বিতোপনে ক'লে। ‘জীয়েকৰ চাকৰি নোহোৱালৈকে আপোনাক পিএইচডিত নলয়।’ ‘লাজ নাপাই ঐ! জীয়েকৰ নামটো ভৰাবলৈ ক'বলৈ লাজ নাপায়। নিজেই এডিট কৰি দিয়ে কেতিয়াবা।' বিতোপনে ক্ৰোধেৰে ক'লে। তাৰ গাইডৰ জীয়েকজনীও গণিত, তেওঁৰ প্ৰতিটো ৰিচাৰ্ছ-স্কলাৰ আৰু প্ৰজেক্ট-ফেল'ৰ গৱেষণা-পত্ৰত জীয়েকৰ নামটো সহ-লেখক হিচাপে লিখাই দিয়ে। তেওঁৰ নাম নকুল তালুকদাৰ, ছাত্ৰ-ছাত্ৰীয়ে নাম দিছে ব্যাকুল তালুকদাৰ, চমুকৈ ব্যাকুল বুলি ক'লেই বিশ্ববিদ্যালয়ৰ চুকে-কোণে তেওঁৰ কুখ্যাতি গাওঁতা আছে। “নিউটন কলেজত আমি পঢ়িবলৈ অহাৰ দিনৰ পৰা জীয়েকজনীৰ কাহিনী শুনিছোঁ, কৌশিকে ক’লে, ‘তাই হায়াৰ ছেকেণ্ডাৰী বেলেগত পঢ়া, ডিগ্ৰীতো নিউটন কলেজত ছাঁট নাপালে। কিন্তু ব্যাকুলক নিউটনীয়ান লেবেলটো লাগে। প্ৰভাৱশালী মানুহ। সৱকে চিনি পায়৷ নিজৰে ছাত্ৰ কলেজবোৰত অধ্যাপক হৈ আছে। এক কিলোমিটাৰ দূৰৰ এখনতে এডমিচন দি নিউটনলৈ ট্ৰেন্সফাৰ কৰাই জীয়েকক লৈ গ'ল এমাহতে। হৈ গ'ল নিউটনীয়ান। এতিয়া নিউটন বিশ্ববিদ্যালয় হ’ল, ব্যাকুলে তাইক তাতে চাকৰিও দিয়াব, চাব।’ ‘এইটো আজিকালি আমাৰ ইঞ্জিনিয়াৰিং কলেজকেইখনমানতো হৈছে হেনো। ক্ষমতাশালী বাপেক-মাককেইটাই ল'ৰা-ছোৱালীক এনেকৈ ট্ৰেন্সফাৰ কৰি গুৱাহাটীলৈ লৈ আনে, কেম্পাছ ইণ্টাৰভিউ ইয়ালৈ বেছিকৈ আহে যে। বাকীবোৰে মুখ মেলি চাই থাকে।' বিতোপন গ'লগৈ, কৌশিক আছে। ‘মোৰ জীৱনলৈ অশান্তি লাগি থাকিব! এৰি দিবলৈও, আগলৈ ক'ত পাম!' সি অলিন্দক ক’লে, ‘এনেকৈ ল’বলৈকে ছেমিনাৰ পাতিছে জানাই। পিএইচডিত ল’বৰ কাৰণে ছেমিনাৰ পতা আৰু তাৰ ভিত্তিত মৌখিক প্ৰশ্ন সোধাটো