অতীতহীনতা ৬৫৭ “তুমি কি ক’ব খুজিছা!’ভৱিষ্যৎ এটা মনলৈ ভাহি অহাত তাই হাঁহি মাৰি সুধিলে। সি ক’লে, “আপুনি যিটো বুজিছে, সেইটোৱেই! কাৰণ বুঢ়া পুৰুষে সাধাৰণতে সেইটোৱেই বিচাৰে এনেকৈ।’ ‘নাই নাই, নহয় দেই। তুমি শাৰীৰিকৰ কথা কৈছা! সিমানলৈ মই যাবলৈ নিদিওঁ। ছাৰে যদি আগবাঢ়িব বিচাৰে মই প্ৰতিবাদ কৰিম, মই ক'ম তেওঁক আপুনি জীৱনটো পাৰ কৰিলে, মই আৰম্ভ কৰিছোঁ, ইমান বয়স হোৱাৰ পাছত আপুনি মোক অনিষ্ট কৰা নহ'ব নেকি! সেইকাৰণেই মই বিতোপনক সোনকালে প্ৰপ’জ দিম। ছাৰেতো উমান পাব। নিজেই বুজিব, বেছি আগ নাবাঢ়ে। মই ছাৰক হাক দিলেহে মোৰ লোকচান হ’ব।’“এইবোৰ আপোনাৰ প্ৰেম নহয় দেই। স্বাৰ্থ।’‘প্ৰেমো হয়, স্বাৰ্থও আছে। মানুহে নিজৰটো ভাবিব লাগিব। তুমি ল'ৰা মানুহ হৈ বহি আছা, ল'ৰাবোৰ ছোৱালীতকৈ বেছি ঘুৰিব পাৰে দিন-ৰাতি, তুমি এতিয়া ঘুৰি থাকিব লাগিছিল ফিল্ড বঢ়াই। গুৱাহাটীত আছা, তুমি ৰাজধানীলৈ গৈ ফিল্ড বঢ়োৱা, বিশ্ববিদ্যালয়ত বঢ়োৱা, তেনেকৈ চাকৰিয়েই লৈ ল'ব পাৰিব লাগিছিল। আমাৰ ছোৱালীবোৰৰ বিষয়ে মানুহে কয়— মন্ত্ৰী-বিষয়াক নিজকে অৰ্পণ কৰি বহুতে চাকৰি-তাকৰি লয়। লোকে কোৱাটো কেলেই লাগিছে! তেনেকৈ সিহঁতে ল'ব পাৰিছে, সেইটো সিহঁতৰ কথা, সিহঁতে সুখোঁ পাইছে, লগতে তাৰ জৰিয়তে চাকৰিও লৈছে, কি লোকচান আছে! ‘হ’ব বাৰু, আজিলৈ থাকক সেইবোৰ, আপোনাৰ বিৰাট ফূৰ্তি লাগি আছে।' সি ক'লে। যাদবেন্দ্ৰৰ সাক্ষাৎকাৰ সম্পূৰ্ণ বেয়া হ'ল। সি পাৰিবলৈকে সহজ প্ৰশ্ন সুধিলে যদিও তাৰ কনচেপ্ট নথকাত উত্তৰ দিব নোৱাৰিলে। একেটা ৰূমত আটাইকেইটা প্ৰাৰ্থী বহি থকা অৱস্থাত সাক্ষাৎকাৰটো হোৱা বাবে তাক ল'ব পৰা নহ'ল আৰু ছোৱালী এজনীয়ে ভাল কৰাত তাইক নিদি পুনৰ সাক্ষাৎকাৰ পাতিবও নোৱাৰিলে। পিএইচডিত আগতেই ঠিক কৰাখিনিক ল'বলৈ এণ্ট্ৰেন্সটো লিখিত কৰাৰ পৰিৱৰ্তে ছেমিনাৰ পতাৰ সিদ্ধান্ত লোৱা হ'ল৷ বাকীবোৰ বিভাগে লিখিত পাতিলে যদিও গণিত আৰু পদাৰ্থ বিজ্ঞান বিভাগে ছেমিনাৰ পতাৰ সন্মতি উলিয়াই ল'লে। যাদবেন্দ্ৰৰ প্ৰজেক্টটোতে আশা আছিল, এইবাৰলৈ আৰু একো আশা নেদেখি সি ৰূম এৰি ঘৰলৈ গুচি গ'ল। পিএইচডিৰ এণ্ট্ৰেন্সৰ ৰিজাল্টটো পাই কৌশিকে অশান্তিত ৰ'ব নোৱাৰি বাটে বাটে বহু দূৰ এনেই গৈ অলিন্দ ৰূমলৈ আহিল। তাৰ মুখখন কন্দনামুৱা। বিছনাখনত পৰি দি সি ছাটি-ফুটি কৰি ক’লে, ‘পিএইচডিত ময়ো পালোঁ নহয়, কি কৰোঁ?' সি ছেমিনাৰৰ এটা প্ৰশ্নৰো উত্তৰ দিব নোৱাৰি নিশ্চিত আছিল— নাপায়। তাৰ এমফিলৰ গাইড অতি খঙাল, সি মাত্ৰ তেওঁক এবাৰ কৈছিল— ‘ছাৰ ময়ো পিএইচডিৰ এণ্ট্ৰেন্স দিম।' তেওঁ মাথোঁ সচৰাচৰ কৰ্কশ সুৰটোত উচ্চাৰণ কৰিছিল— ‘দিয়া।’উভয়-সংকট আৰু অপৰাধবোধত
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৬৬
অৱয়ব