সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতীতহীনতা ৬৫৩ বহি থকা ল'ৰা এটাক জেবিয়ে প্ৰজেক্টটো দিয়াৰ কথা, সি তেওঁক খবৰ কৰিছিল, তেওঁ তাক মাতি পঠিয়াইছে, ৰাতি বিতোপনৰ ৰূমত থাকিবহি, ইণ্টাৰভিউ দিয়েই সি ঘৰলৈ যাবগৈ কাৰণে আজি গধুলিয়েই পাৰ্টিটো হ'ব, পাৰ্টিলৈ অলিন্দকো কালিয়েই মাতিছে। ‘আজিৰ বিতোপন দাৰ ৰূমত প্ৰজেক্ট পোৱাৰ পাৰ্টি হ'ব নহয়! জেবি ছাৰ বদমাছ আছে। সাক্ষাৎকাৰ হোৱাৰ আগতেই পোৱাৰ পাৰ্টি হ’বই। অহা সপ্তাহত এফচিপি ছাৰৰ প্ৰজেক্টৰো সাক্ষাৎকাৰ হ'ব নহয়, সেইটোত বৰ্ষা বা আৰু যাদবেন্দ্ৰ দাই পাবই হেনো। জেবিহঁত ফতুৱা প্ৰফেছাৰ।' তাই শৰীৰ অৰ্পণ কৰা মানুহটোক সি বিনাদ্বিধাই ফতুৱা বুলি কৈ দিয়াত তাইৰ গাটো অলপ পুৰিছে। তেওঁৰ ছালৰ সেমেকা এঠাৰ দৰে আবেদনময় স্পৰ্শৰ শিহৰণ এটা তাইৰ মনেৰে পাৰ হ'ল। অলিন্দ কথাত প্ৰতিবাদ কৰিবলৈ লৈও ধৰা পৰাৰ ভয়ত তাই ধৈৰ্য ধৰিলে। তাই পিঠিৰ বেগটো হাতলৈ আনি জেৰক্স কৰা পৃষ্ঠাকেইটামান উলিয়াই দেখুৱাই ক’লে, ‘নহয়, ছাৰে সৱকে সহায় কৰিব বিচাৰে। মোকো এই পেজকেইটা পঢ়িবলৈ দি পঠিয়াইছে, ইয়াৰ পৰাই প্ৰশ্ন সুধিব বোলে।' আলিন্দ সোমাবলগীয়া কোৱাৰ্টাৰটো পালেহি, সি আৰু একো নক’লে, তায়ো গুচি গ'ল। গধুলি ল'ৰাটোৰ মুখত আনন্দোল্লাস। ‘পঢ়াৰ কালত ঘৰত থাকিলে ঘৰৰ খোৱা হয়, কিন্তু ডিগ্ৰী শেষ কৰি গৈ ঘৰত খাই থাকিলে মা-দেউতাৰ খোৱা হয়। এটা বছৰ কেনেকৈ জ্বালাত কটাইছোঁ! কাষৰ সৱেই সোধে— ইমান পঢ়ি কি কৰি আছ? সেইবোৰ নুশুনিবলৈ ম‍ই যিকোনো কামত সোমাই দিব পাৰোঁ, কিন্তু গণিত আগলৈ পঢ়াৰ মনটো নোহোৱা হৈ যাব, সেইবাবেই ৰৈ আছিলোঁ। আজিহে ভাল লাগিছে। এতিয়া চিন্তা নাই।’ সি কৈ আছে। “ম‍ই এইবোৰ পাৰ্টি কিয় খাই আছোঁ? যিটো নকৰোঁ, যিটো আনৰো ম‍ই সহ্য কৰিব নোৱাৰোঁ, কিন্তু আজি ইয়াতে বহি আছোঁ! এতিয়া মোৰ একো অৱস্থান নোহোৱা বাবেই? মই সেইবাবেই আজি কি এইবোৰ সহ্য কৰিব পাৰিছোঁ? বৰ-মানুহৰ কাণ্ডৰ নিৰৱ দৰ্শক হ’বলৈ পোৱাৰ দৰে? চাই থাকোঁচোন ম‍ই কি কি ঘটে! এই পাৰ্টিবোৰেই মোক দেখুৱাব অধিক নগ্ন জগতক, লেতেৰা শিক্ষা-জগতখনক।' অলিন্দই নিজকে বেছি ভাবুক হৈ পৰিবলৈ নিদি ল'ৰাটোক সুধিলে— আপুনি আহি ছাৰক লগ কৰিছিল নে? সাক্ষাৎকাৰত সুধিবলগীয়া প্ৰশ্নৰ নোট দিছে নেকি?’ল'ৰাটোৱে ক'লে, ‘দুপৰীয়া লগ কৰিলোঁ। কৈছে— তোমাৰ হ'বই। নোট একো দিয়া নাই।' সি যে নাপায় অলিন্দই পুৱাই বুজিছিল, এতিয়া সম্পূৰ্ণ খাটাং হৈ গ’ল, ‘বেচেৰা!’সি ভাবিলে। ‘হেই ই পালেই! কাইলৈ গধূলি চহীটোৰ সৈতে নটিছ ওলাবলৈ বাকী মাত্ৰ।' বিতোপনে চিঞৰ মাৰি উল্লাসেৰে ক’লে। ‘বৰ্ষা আৰু যাদবেন্দ্ৰৰ পাৰ্টিও খাবই পাৰি!’বিতোপনে পুনৰ ক'লে। ‘বৰ্ষা বাই বৰবাৰী বিশ্ববিদ্যালয়ত কৰিবলৈ লৈছিলেই, তাত পাইছেও, পায়ো কিয় ইয়ালৈ আহিছে মই বুজা নাই এতিয়াও।’ অলিন্দইক’লে।‘সেইটো গোপন কাহিনী!ই জানে। তোমাকো কৈ দিওঁ ৰ'বা।' কোঠাটোত এই মুহূৰ্তত কেৱল সিহঁত তিনিটাহে থকা বাবে বিতোপনে ক’লে, ‘তুমি কাকো নোকোৱা