অতীতহীনতা ৬৪৯ নিচিনা ৰাজনীতি নচলে, ৰেগিঙো নাই। ‘ল হোষ্টেলটোত পঢ়া ল'ৰা নায়েই!” আনটোৱে ক’লে৷ “জানো, জানো। অলিন্দয়ে এনেই এনেই ল কলেজৰ ছোৱালী চাইছে। আছে কি গুণ!’ কৌশিকৰ অলিন্দলৈ খং উঠিছে। ‘নহয়, তাই আগলৈ ডাঙৰ কিবা কৰিব পাৰিব', অলিন্দই ক’লে। “তুমি এতিয়াও ভুল ধাৰণাবোৰেই লৈ আছা! পাছ কৰি গ'লেও সিহঁতে নিয়ম-মাফিক কাম কেইটামান কৰে, বেলেগ কি কৰিব! তোমাৰ যিখিনি সম্ভাৱনা আছে, তাইৰ নাই নহয়, তেনেই সাধাৰণ ছোৱালী। ব্লেডবোৰ ইমান পাতলা, পৰিষ্কাৰ দেখিলেই কামত আহিব যেন লাগে, কিন্তু তাতো ধাৰ বুলি কথা এটা আছে, সেইখন ধাৰাল নহ'বও পাৰে। এনেই চেহেৰাটোৰ সৈতে এটিট্যুড এটা দেখি তুমি গুণ বুলি ভাবিছা, সেইটো ল'ৰা পটোৱাৰ ভাও। ক’তো একো বিষয়ত ছীট নাপাই ইয়াতে এডমিচনটো লৈ থৈছে। তুমি বাকীবোৰক ভাবাচোন— বাকীবোৰৰ সাংঘাটিক গুণ আছে বুলি তুমিয়েই ভাবানো? ল হোষ্টেলটোৱে উৎপাত কৰি থকাৰ কাৰণটো হ'ল, সিহঁতৰ প্ৰেছৰ লগত লিংক আছে, পৰীক্ষাৰ আগত প্ৰশ্ন-কাকত পাই যায়। ল মানে সিহঁতে বিচাৰ-বুদ্ধি শিকা নাই নহয়, ইয়াত অপৰাধৰ আদিপাঠ লয়।' অলিন্দই ক’লে, ‘প্ৰশ্ন-কাকতৰ কাণ্ডটো ময়ো জানো। বিতোপন দাৰ পৰিয়ালৰ দাদাক এটাই ইয়াত ল পঢ়ি আছে, মেছত থাকে, সি কৈছিল, পৰীক্ষাৰ সময়ত হোষ্টেলৰ লগৰবোৰৰ পৰা প্ৰশ্নকাকতখন গোটাইগৈ। বহুত দীঘল ৰচনা লিখিব লাগে, ল'ৰাবোৰে নপঢ়েই যে, সেইকাৰণে আগতেই প্ৰশ্নকাকত পালেও নম্বৰ কম পায়।' আনটোৱে ক'লে, ‘সেয়া তুমি জানাই! তোমাক মই বুজিছোঁ, তোমাৰ একাগ্ৰতাটো আছে আৰু কনচেপ্ট আছে, এতিয়াও আমি দেখোঁ— তুমি কিবা এটাত মন বহুৱালে বাকী সৱ পাহৰি যোৱা, লগৰ মাজতে আলোচনী এখন পঢ়িলেও তোমাক মাতিলে গম নোপোৱা। তাইক অকণমান ভাল লাগোঁতেই তাতে তুমি মন বহুৱাই দিলা প্ৰেম মানে সেইটোহে— প্ৰথমে ক্ষুদ্ৰ কিবা এটাকেতো ভাল লাগে। তোমাৰ কনচেপ্টটো এনেকুৱা হৈ গ'ল যে সেইটোৱেই সঁচা হোৱা হ'লে! মোলৈ চোৱা, পৰীক্ষা দিয়েই এৰি গুচি গ'ল।’সিহঁতৰ লগৰে ছোৱালী এজনী তাৰ প্ৰেয়সী আছিল, তাইৰ ঘৰৰ পৰা তালৈ বিয়া নিদিব কাৰণে বুজা-বুজিতে সিহঁতে এৰি দিছে, দুয়োটাই প্ৰথমেই জানিও দুবছৰৰ প্ৰেমখিনি কৰিলে, ‘মোৰ আছিল যদিও ইমান দুখ কৰা নাই। তোমাৰ নাছিলেই, কিন্তু তুমিহে দুখ বেছিকৈ কৰিছা কিয়! মোৰ আছিল, তাৰমানে কি, মোৰ ভিতৰত ধৰা এটা অংগ আছিল— হাত, ভৰি, কিডনী, যিকোনো। সেইটো এৰাই গুচি যোৱাত মোৰহে দুখ লাগিব লাগে। ডেইজী তোমাৰ নাছিলেই, তথাপি তুমি ইমান দুখ কৰিছা!' তৰ্ক কৰিলে একো নোলায়, অলিন্দই মাথোঁ শুনি থাকিল। বিজয়পাৰাৰ বজাৰ আহি পাই অলিন্দই ঝুঁকিক লগ পালে, ‘জিএছ ফাইনেল হ'লনে?” ‘আজি নহ’বগৈ চাগে।’‘মোৰ ডাঙৰ খবৰ এটা আছে নহয়!' তাই উল্লাসেৰে ক'লে। ‘কোৱা আকৌ!’‘জেবি ছাৰে মোলৈ ফোন কৰিছে দুপৰীয়া— তুমি ক'ত আছা, কাউন্টিঙত আছা নেকি? মই বোলো নাই, ৰূমতে আছোঁ। তেওঁ আৰম্ভ কৰিছে— তোমাক মই
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৫৮
অৱয়ব