সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৪৮- কুলাংগাৰ হিচাপটো কৰি আছে, খেলি-মেলি হোৱাটো হয়। উচ্চ পৰ্যায়ৰ কৰ্মচাৰী কেইজনমান আৰু নিৰ্বাচনী বিষয়াজনে অভিজ্ঞসুলভ ভংগিৰে ক’লে, ‘পাছত সেয়া ওলাই পৰিব।” ছাত্ৰ-ছাত্ৰীকেইজন বহিল। কিন্তু পাছত কেনেকৈ ওলাব? সাধাৰণতে দুই-এটা ভোটৰ হিচাপ খেলি-মেলি হ'লেও গোটেই ভোটখিনি গণনা কৰাৰ পাছত সেইটোৱে গুৰুত্ব নাপায়, কিন্তু এইবাৰ সাধাৰণ সম্পাদকৰ পদৰ ভোট পাঁচ ভাগ হ'ব, এটা-দুটা ভোটৰ ব্যৱধানতো এইবাৰ জয়-বিজয় ওলাব পাৰে, গতিকে প্ৰথমেই ঠিক কৰি ল'ব লাগিছিল। সি ক’লে, ‘ছাৰ এটা পদত প্ৰাৰ্থী বহুত আছে। পাছতো নিমিলিব পাৰে।' অধ্যাপক এগৰাকীয়ে হাত এখন দাঙি ক'লে, “ঠিক হৈ যাব, ঠিক হৈ যাব।' সি বুজিলে, তাক কোনোবা প্ৰাৰ্থীৰ প্ৰতিনিধি বুলি ধাৰণা কৰিছে। বেছিকৈ বুজাই ক'বলৈ গ'লে সি এতিয়া কোনো ফালে একো নোহোৱাটো ওলাই পৰিব। সি ভোটাৰো নহয়, গণনাকাৰীও নহয়। হলৰ বাহিৰ কৰি দিলে তাৰহে অপমান হ'ব! পুৱাৰ পৰা আবেলি হ'ল। ভবাটোৱেই ঘটিল। আঠটা ভোটৰ ব্যৱধানত ছাত্ৰীগৰাকী জয়ী হৈছে, কিন্তু পাঁচটা ভোট তাইৰ কমিব লাগে। তথাপি তায়ে জয়ী হ'ব, কাৰণ কোনেও দ্বিতীয় স্থানৰ প্ৰাৰ্থীগৰাকীৰ ভোটত খেলি-মেলি পোৱা নাই আৰু বাকী তিনিওজন তাইতকৈ দহটা ভোটৰ তলত। কিন্তু নিৰ্বাচনী বিষয়াজনে মাইক লৈ আনুষ্ঠানিক ঘোষণা আৰম্ভ কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীবোৰে তালফাল লগাই দিলে, মাইকৰ মাত তল পৰি গ’ল, গোটেইবোৰে বিষয়া অধ্যাপকজনক ঘেৰি হেঁচা মাৰি ধৰিলে, গণনাকাৰীবোৰ যেনি- তেনি পলাবলৈ লাগিল, অলিন্দ-কৌশিকহঁতে ছাত্ৰ-ছাত্ৰীৰ ফলীয়া হৈ চাই থাকিল, মাৰ- পিত লাগিলেই দৌৰি পলাব পৰাকৈ সিহঁতো সাজু হ'ল। উপাচাৰ্য উপস্থিত হ'লহি। ফলাফল সম্পূৰ্ণ ঘোষণা হ'ল। ছাত্ৰ-ছাত্ৰীৰ এভাগে প্ৰতিবাদ কৰিবলৈ প্ৰস্তুতি চলালে। বাকীবোৰ পদ মানি ল'লেও সাধাৰণ সম্পাদকৰ পদটো সিহঁতে মানি নলয়। একেদিনাই মীমাংসা হোৱাৰ লক্ষণ নেদেখি অলিন্দহঁত তিনিওটা উভতিল। আন্ধাৰ হ'ব ধৰিছে, ঘাইপথলৈ নাহি বিভাগবোৰৰ সমুখে সমুখে খোজ কাঢ়ি সিহঁত আহি আছে। ‘পুনৰ ভোট গণনা কৰিব লাগিব।’‘সেইটো কেনেকৈ কৰিব! বেলটবোৰ ফালি দিয়া হৈছে। পুনৰ গণনা কৰিলে বেলেগে প্ৰতিবাদ কৰিব। আকৌ ভোট-গ্ৰহণ কৰাটোও সম্ভৱ নহয়।’“বিশ্ববিদ্যালয়খন বেয়া হৈ গৈ থকাৰ এটা কাৰণ এইধৰণৰ ৰাজনীতিবোৰ। এটিএমত আমাৰ হোষ্টেলৰ ল'ৰাক যে ল হোষ্টেলৰ ল'ৰাই পিটিছিল, সেইটোৰ বিচাৰ কেনেকৈ তল পৰিল জানানে! ডাঙৰ ডাঙৰ ল'ৰাক সৰুকেইটাই পিটা কাৰণে সৱেই প্ৰথমে বেছিকৈ গৰ্জিছিল, তাৰ পাছত গম পালে সেইকেইটা একেটা ছাত্ৰ সংস্থাৰ ল'ৰা, কোন সংস্থা এতিয়া নকওঁ বাদ দিয়াচোন, সিহঁতৰ ডাঙৰ ডাঙৰ নেতাবোৰো আহি একেলগে মিটিং কৰিলে, বোলে— শাস্তি হ'ব নালাগে, দলৰ বদনাম হ'ব, দলৰ সাংগঠনিক ভেটি দুৰ্বল হৈ পৰিব। তেনেকৈ যদি থ'বলৈ হয়, পাছত আকৌ সিহঁতে বেলেগক পিটিবলৈ চল দিয়া নহ'ল?' কৌশিকে ক’লে, সি এতিয়া গৱেষক ছাত্ৰাৱাসত আছে, সেইটোত বাকীবোৰৰ