৬৪৬ কুলাংগাৰ সন্ধিয়া সি ফোন কৰি তাইৰ সৈতে কথা পাতিলে৷ জন্মদিনৰ দিনা পতাৰ পাছত প্ৰথমবাৰ। তাৰ অকণো সংকোচ লগা নাই, মাত কঁপা নাই। ‘লক্ষ্য থিৰ কৰি ল'লে এনেকুৱাই হয়!' সি ভাবিলে। ‘মই তোমাক কথা এটা ক'ব খুজিছোঁ। কাইলৈ ন বজাত মই ফোন কৰিম, তুমি তোমালোকৰ গেটলৈ ওলাই আহিবনে?’ ‘অঁ, যাম।’ কৈ লৈ তাই অকণমান হাঁহিলে— “তুমি কি ক’বা কাইলৈ!’ অলিন্দই ক’লে, “কাইলৈ জনাম বাৰু, এতিয়া নকওঁ।' পুৱা সি সমুখত ৰৈ তাইৰ খা-খবৰ ল'লে, আৰু ক’লে, ‘মই কথা এটা কম, তুমি ভাবি ক’বা।' তাই শুনিবলৈ ৰৈ আছে। এতিয়াও অলিন্দ কঁপনিটো উঠা নাই, তাইক দেখিলেই আনকালে যিটো উঠে। তাইৰ মুখত ‘নহ’ব'টো শুনিবলৈ সি মাথোঁ সাজু হৈছে। সি কিয় এইটো শুনিবলৈ আহিছে, পুনৰ এবাৰ ভাবিলে— কৈ দিলে হেৰাই নাযাব তাই, স্পষ্টকৈ নিজ মুখেৰে শুনি তাই ভালকৈ মনত ৰাখিব, তাইৰ কল্পনাত আচ্ছন্ন হৈও দুবছৰে তাৰ একো সলনি নাহিল, আজি সলনি আহিলে হয়তো সপোন গঢ়ি উঠিব, এদিন সি কিবা কৰিব পাৰিব, তেতিয়ালৈ কিজানি তায়ো পচন্দ কৰি তাৰে হৈ যাব। ‘মই তোমাক ভাল পাওঁ।’সি ক'লে। ‘বেয়া লাগে আৰু! মই বন্ধু বুলি ভাবোঁ, তুমি সদায় সেইবোৰ ভাবি থাকা! ' অলিন্দই অপ্ৰস্তুত হৈ ইফালে-সিফালে খোজ চলাব বিচৰা যেন কৰিলে, চকুলোহীন থুনথুননি এটাৰ এখুদমান মুখেৰে উফৰি পৰিল, সি বল দি বাকীখিনি ভিতৰতে ৰখালে। ‘তুমি বেয়া নাপাবা’, ভগা ভগা মাতেৰে তাৰ মুখেৰে ওলাল। তাৰ বিহ্বলতা তাইৰ চকুত ধৰা দিছে, সেয়া দমনৰ গম্ভীৰ চেষ্টাই তাৰ ব্যক্তিত্ব এটা ফুটাই তুলিছে, উপেক্ষা কৰিলেও উপেক্ষা কৰিব পৰা ল'ৰা নহয় সি, মাথোঁ নিমাখিত, পুতৌ লগা, আৰু বিফল— তাই বিবেচনা কৰি ৰৈ থাকিল। পৰিস্থিতিটো সহজ কৰি বিদায় ল'বলৈ সি পুনৰ সাধাৰণ খবৰ সুধিলে, তাই উত্তৰ দিলে। কৌশিকে কোৱা কথাবোৰ তাৰ মনত পৰিছে— ঝৰ্ণাৰ কমমেটৰ মুখৰ। ‘এইবোৰ উত্তৰ দিয়াৰ সূত্ৰই নেকি? হয়তো তাইৰ উপায় নাই। ময়ো পৰিস্থিতিটো ঠিক কৰিবলৈ সাধাৰণ খবৰকে সুধিছোঁ, যিবোৰ মোক নহ'লেও হয়, এয়াও এটা সূত্ৰ!' কিছু সময় কথা পাতি সি ক’লে, ‘যাওঁ।’ অকণমান আহি সি এবাৰ উভতি চালে, , তাই মুখত হাঁহি লৈ ভাবুক হৈ গেটৰ ভিতৰলৈ সোমাই গৈছে। তাৰ মেচেজ-মিচকল একোৰে ৰিপ্লাই তাই নিদিয়া হ'ল। বিশ্ববিদ্যালয়ৰ চৌহদত দূৰৰ পৰা সি দেখে, আগৰ দৰে পুনৰ তাৰ কঁপনি উঠে।
পৃষ্ঠা:কুলাংগাৰ.pdf/৬৫৫
অৱয়ব