সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

688 কুলাংগাৰ সুকন্যা আহি বহিল, “... এইবাৰ পৰীক্ষা দিলেও এবছৰ ৰ'ব লগা হ'লেই, দুখোঁটালী হ'লেও ওপলৈ উঠাবলৈ মোৰ মন আছিল, পাছ কৰি কিহবাত সোমোৱা হ'লে এইবাৰেই আৰম্ভ কৰিলোঁহেঁতেন, সেইটো সপোন পূৰ নহ'ল এইবাৰ। টাইলছ লগোৱা ঘৰ এটাত থাকিবলৈ মোৰ বৰ মন আছে। কৰিম, কৰিব লাগিব এদিন সেইটো, সাজিমেই ম‍ই, সোনকালে ক'ৰবাত সোমা। আমাৰ এই চুবুৰীটোতে সৱৰে ঘৰ ওপৰলৈ উঠি ৰমক- জমক হ’ব, এঘৰো বাকী নাথাকে, তাৰ মাজত আমি সোমাই থাকিম নেকি চেপেতা লাগি! সৱৰে একেটাই চিন্তা— কোনে কাৰ আগতেই সাজিব পাৰে। গেটখনো ওখ কৰিব লাগে। আমাতকৈ পাছত আহিও সৱেই দুবাৰ দুবাৰ গেট বহুৱালে। আমাৰখন উঠাই ওখ কৰিব লাগিব।’ “আপুনি কি কথা গাই থাকে একেৰাহে! মাকজনী মৰিছে, সৱৰে কথা সেইবোৰ! মই পঢ়িম কষ্টৰে, টকা আহিব ঘৰ সাজিবলৈ, গেট সাজিবলৈ। মোৰ সপোন নহয় নহয় সেইবিলাক। পেটে-ভাতে খাই জীয়াই থাকিলেও মোৰ মনলৈ একো নাহেই সেইবোৰৰ বিষয়ে। ঘৰখন শান্তিৰ পাব লাগে। অকণমান শান্তি পাবলৈ নাই ঘৰখনত, এইখন ঘৰ? চাৰিটা মানুহ, চাৰিটা মন, চাৰিখন ঠাই। এক ছেকেণ্ড শান্তি নাই। ইটা চপৰাকেইটাই ঘৰ নুবুজায় নহয়, যিবোৰৰ ভিতৰত অশান্তি সেইবোৰে অহৰহ সেইটো ভাবে।’সুকন্যা ৰ'ল। যোৱা দুবছৰো তাৰ মুখেৰে তাই এনেকৈ একো শুনা নাছিল। তাৰ চিন্তাধাৰাই তাইৰ সপোনক স্পৰ্শ নকৰা দেখি তাই আহত হ'ল। তাইৰ আকাংক্ষাখিনিৰে প্ৰতিক্ৰিয়া যেন ভাবিব লগা নোহোৱাকৈ অলিন্দই এইবাৰ অতি শান্ত আৰু সহজভাবে ক’লে, “মই গধূলি যাবগৈ লাগিব, ওলাওঁ আৰু।’গধূলিলৈকেই ঘৰখনৰ ভিতৰত সোমাই থাকিবলৈ সাধ্য নহ'ব যেন সি অনুভৱ কৰিছে। মেছলৈ যোৱাটোও কেৱল ন্যূনতম বিকল্পহে এতিয়া, ডেইজীৰ স্বপ্নয়ো ধৰা নিদিয়ে, মাথোঁ সি জোৰ কৰি জগতখনৰ অৰ্থ আহিব আহিব কৰি বুজাই থাকে নিজক। গেটৰ বাহিৰত বাইক ৰাখি হীৰকজ্যোতি চোতাল পালেহি, ‘তুমি ঘৰলৈ অহাৰ কথা কালি মোক বিতোপনে ক’লে, মই ভাবিলোঁ তুমি থাকোঁতেই সোমাই যাওঁ।’হীৰকজ্যোতি পদাৰ্থ বিজ্ঞানৰ, অলিন্দহঁতৰ মেছত আছিল, চিনিয়ৰ, যোৱাবাৰ অমৰা কলেজত চাকৰি পাইছে। ‘কেনেকুৱা পাইছে অমৰা কলেজ?’ “গোহালি।’