সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
কুলাংগাৰ


ঘৰ আজি নিওঁ কালি নিওঁ কৰি আছে। গধূলি গধূলি সুকন্যাই বিপুলক তাগিদা দি আছে, ‘পইচা দি কৰোৱা কাম, আপুনি নিজে কথা পাতি ৰস দি বহুৱাই নথ’ব মানুহক।’


 পাছবেলা সোনকালতে বিপুল হৰিচাপৰিৰ পৰা ঘূৰি আহিল, লগত মানুহ এজন।

 ‘আকৌ ঘূৰি যাবলৈ সময় নাই, সোনকালে আহিল দেখোন আজি?’ সুকন্যাই দূৰৰ পৰাই সুধিলে।

 ‘ঘৰ কাইলৈ হৈ যাব আমাৰো। আমি আহোঁতে খুঁটা পুতি হৈ গ’ল, ঠাহৰ কামো শেষ। তাত দুজন মানুহ লাগিয়েই আছে, গধূলিলৈ মানুহ সোমাব পৰা হৈ যাব। কাইলৈ ইয়াৰ পৰা পুৱাবেলাই গুচি যাম। আমি সোনকালে আহিলোঁ মানে, টিউৱেলটো দুয়োটা লাগি উঠাই পেলাওঁ। তুমি বাচনবোৰ উলিয়াই দিয়া, ৰাতিপুৱালৈকে পানী জমা কৰি দিওঁ। টিউৱেলটো উঠাই এওঁ লৈ যাব। কাইলৈ ৰাতিপুৱা বহুৱাবই লাগিব।’

 কাইলৈ ঘৰ হৈ যোৱাটো বিশ্বাস কৰিব পৰা নোৱাৰি সুকন্যাই লগত অহাজনৰ চকুলৈ ভালকৈ চালে। তেওঁ ক’লে, ‘হয়, খুঁটা পুতিলে।’ এটা কৌশলী উত্তৰ।


 খা-খবৰবোৰ শুনি শুনি বাবাই বুজিছে, নতুন ভেটিটোৰ ওচৰতে নল নাই। ৰাতিপুৱা যাবলৈ ওলাই সি বিপুলক সুধিলে, ‘বাবা, আমি আকৌ নল দেখা নাপাওঁ ন?’

 ‘আছে দূৰত। ঘৰৰ ওচৰতে নাই।’

 ‘ইয়াৰ পৰা মই লৈ যাম দেই কেইজোপামান।’

 ‘এইবোৰ নোৰোৱে নহয়!’ মানুহ এজনে ক’লে।

 ‘এনেই পুতি দিম।’, বাবাই তেওঁক ক’লে।

 বেচি হাক দি নাথাকি এজনে নলৰ তিনিটা মুঢ়া উঘালি ল’লে, মাটি কোমল হৈ আছে, তলৰ শিপালৈকে উঠি আহিল।

 এৰি থৈ যাব লগা নিজৰ বাৰী-ভেটিৰ ফুল-ফলৰ সঁচৰ দৰে বাবাই নলৰ সঁচ নিবলৈ বিচৰা দেখি, আটাইৰে মনত ঠাই টুকুৰাৰ সাধাৰণ পৰিৱেশটো জাতিষ্কাৰ হৈ উঠিল। খৰালি বা পানী নুঠা বাৰিষাৰ দিনবোৰত ইয়াত থাকি সুকন্যাৰো সম্পূৰ্ণ বেয়া লগা নাছিল; কোনো হাই-উৰুমি নাই, মিছামিছি আহোঁতাও নাই, যাওঁতাও নাই, কেতিয়াবা এছাটি বতাহ, বতাহৰ সুহুৰি, দুপৰীয়া গৰু-ম’হৰ মাত, দূৰৰ ঘণ্টাধ্বনি, বৈকুণ্ঠ সৰকি চৰাবলৈ অহা দৰে সৰু গৰখীয়া ল’ৰা একোটা, চিৰ-ৰহস্যৰ সন্ধানত ব্ৰতী থকা বাসিন্দাৰ দৰে অকলশৰীয়া ঘৰ দুটা। খহাই নহা হ’লে, দ নোহোৱা হ’লে, কিজানি ইয়াতেই নগৰ এখন গঢ়ি উঠিলহেঁতেন, প্ৰাকৃতিক নিৰ্যাসেৰে ভৰপূৰ হৈ।