সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডেইজী ৬৩৯ ফোনত সি মতাৰ লগে লগে তাই ওলাই আহিল। টিঙৰ গেটখন খোলাত ভিতৰৰ সামান্য পোহৰ দুয়োটাৰ গাত পৰিলহি। তাৰ মুখত আৰু মাত নাই, তায়ো মাতিব পৰা নাই। তাইৰ সোঁহাতখন আগবাঢ়ি আহিল, সি টোপোলাটো দিলে, কিন্তু তাই তাৰ হাততহে ধৰিছে, সি বুজিলে তাই শুভেচ্ছা জনাবলৈ হেণ্ডচেক দিবহে খুজিছিল, টোপোলাটো সি বাওঁহাতেৰে ধৰি তাইৰ বাওঁ হাতলৈ আগবঢ়ালে আৰু সোঁহাতৰ খামোচটো খাপ খুৱাই ধৰিলে, দুয়োটাই ধৰি ৰৈ থাকিল। সময় পাৰ হ'ল, এটায়ো এৰিব খোজা নাই। তাৰ হাতখনলৈ মগজুৰ সংকেত আহিল, সি জানিছে— এয়া মিছা কাহিনী, ‘আজি নিশ্চয় তাই নচুৱাবলৈ কৰা নাই, বা খৰচ কৰোৱাৰ চতুৰালীও নাই, কেৱল অলপ নিৰ্দোষ ফুৰ্তি, হয়তো মনো গৈছে সঁচাকৈ শুভেচ্ছা জনাবলৈ, অধিকাৰ সাব্যস্ত কৰা দৰে খুজি খাবলৈ, কিন্তু কাইলৈ আকৌ চালাক হৈ পৰিব, খোজোঁতেও সেয়া এবাৰ সকীয়াবলৈ নাপাহৰিলে— মই খোজা নাই দেই! মোক গ্ৰহণ কৰিব নোৱাৰিব কেলেবাং চেহেৰাটোৰ বাবেই, বা আজি মোৰ কোনো পৰিচয় নাই নিজেও দিব পৰাকৈ, এনেকৈ ম‍ই নিজেও নোৱাৰিম আশা কৰিব, কিমান বন্দী হ’বা এই মিছা চালনাত, নিজেই গঢ়া মিছা ভ্ৰমত!’তাৰ মুঠিতো ঘপকৈ এৰাই গ'ল, এন্ধাৰত হেৰাই যাব খোজা যেন কৰি উভতি গুচি আহিল চাঁটকৈ। তাই ৰৈ থাকিল ক্ষন্তেক, তাৰ হাতখনত ধৰিয়েই থকাটো তায়ো পাহৰি গৈছিল, সি গুচি যোৱাৰ ফালে উমান লৈ তাই শংকিত হ'ল নিজৰ কৰ্মত, পিছ মুহূৰ্ততে নিজকে সহজ কৰি ক'লে— নহয় একো, ধেমালিহে। তাক কিয় মাতিছিল তাই নিজেই নাজানিলে। খাই হোৱাৰ পাছত তাই মেছেজ দিলে— শুভেচ্ছা আৰু পাৰ্টি খোজা বাবে বেয়া নাপাবলৈ। পুনৰ এটা মেছেজ আহিল, ৰেডিমেট, গভীৰ বন্ধুত্ব থকাজনকো দিব পৰা, প্ৰেমিককো দিব পৰা। অলিন্দ শান্তকৈ বহি আছে। ‘কি দিছে?’ বিতোপনে সুধিলে। ‘এনেই। বেয়া নাপাবলৈ।' সি আহি কথাখিনি সৱকে কওঁতে তাক আৱেগিক দেখা নগৈছিল, এতিয়াও নেদেখি বিতোপনে আকৌ সুধিলে, ‘ভাবি আছা কিবা? কি দিছে?” সি নিৰ্লিপ্তভাবে ক’লে, ‘যদি সঁচা অৰ্থত এনেকুৱা হ’লহেঁতেন আজি!’“নহ’বগৈ যেন ভাব আহিছে নেকি? বাদ দিয়া! তুমি ফুল বিচাৰিছিলা, তৰা পালা বুলি ভাবা, দূৰতে থাকিব সদায়, গতিকে দুখ নকৰিবা। চতুৰ্থ ষাণ্মাসিক শেষ হ'বলৈ বেছি দিন নাই। স্পেচিয়েল পেপাৰ এখনৰ ক্লাছলৈ অধ্যাপক নহাত সিহঁতে অথালি-পথালিকৈ বহি দুদিন আগত পাৰ হৈ যোৱা বিশ্ববিদ্যালয় সপ্তাহৰ বিষয়ে পাতি আছে। সাংস্কৃতিক অনুষ্ঠান অতি বেয়া হৈছে। নিৰ্বাচনৰ সময়ত জিলেপি ডান্স দিবলৈ লগোৱা আৰু মিঠা মাত শুনি ভোট দিয়া ছোৱালী এজনীয়ে কৈ আছে— “জিএছে বহুত টকা মাৰিছে। যোৱাবাৰতকৈও বেয়া হৈছে ফাংচন। সি এমএলএ হ'ব পাৰিব, তাৰ এতিয়াই এইবোৰ লক্ষণ ওলাল।’তাইৰ মুখত তাৰ প্ৰতি ঘৃণা প্ৰকাশিত