সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২৬ কুলাংগাৰ যেনে-তেনে চলাই আছে, ৱাইফ সেইটো লাইনৰ মানুহ নহয়েই, সেইকাৰণে কাকতখন মৰিব কেইমাহমান পাছতে, কোনেও নিলিখে তাত, লোৱা মানুহ কমি গ'ল। এতিয়া ফাইলটোত সেইবোৰতো দৰকাৰ নাই! মাত্ৰ লেখা ওলাব লাগে।' আলফাই মাজে-মধ্যে এতিয়াও মানুহ গুলিয়াই মাৰি আছে, অলিন্দই বাতৰিত দেখিছে, ‘কাৰ স্বাৰ্থত মাৰিছে? ৰাজ্যখনৰ নে? ৰাজ্যখনৰ স্বাৰ্থ সিদ্ধি কিমান হৈছে? চন্দনহঁতৰ দৰে অপতৃণবোৰৰ সিদ্ধি হৈছে!' অলিন্দ শুনি অশান্তিলগাৰ উমান চন্দনে পালে। অন্তিম বস্তুকেইটামান দেখুৱাবলৈ সি অলিন্দক কম্পিউটাৰটো চলাবলৈ ক'লে। চিডি এখনত তাৰ মিটিং, বাটৰ-নাট, ক্ষেত্ৰ পৰিদৰ্শন, আদিৰ ভিডিঅ’কেইটামান। ‘...এইটো চোৱা। কি ধৰিব পাৰিলানে নাই?’ ভিডিঅ'টোত চন্দনে মুখেৰে কৈ আছে— ‘এয়া আমি নদী পাৰ হৈ যাত্ৰা কৰিবলৈ ওলাইছোঁ অতি পিছপৰা এডোখৰ ঠাইলৈ...', অকণমান চাবলৈ দি সি পুনৰ অলিন্দক ক'লে— “এইকণ আমাৰ বোকাগাঁৱৰ খোকা নৈ। ভিডিঅ'টো ওপৰৰ পৰা ৰেকৰ্ড কৰিছোঁ যাতে অকল এইটো পাৰ, পানীকণ আৰু নাওখন দেখে, সিটো পাৰ যাতে নেদেখে। অফিচৰ মানুহে চাবলৈতো নাহে, মই কিমান বহল নদী পাৰ হৈ গৈছোঁ। সিহঁতে চাব কি— তাঁ... ই নদী পাৰ হৈ ভিতৰুৱা ঠাইলৈ গৈছে! কিন্তু সিপাৰলৈ আমি সেইকণো যোৱা নাই, নাওখন ঘূৰাই থৈ দিলোঁহি।’“ই এইবোৰ কিয় কৈ আছে নিজেই? টেঙৰ দেখুৱাবলৈকে কৈ নিজে নিজৰ স্বৰূপটো উদঙাইছে মোৰ সমুখত। হয়তো জানেই— মোৰ চকুত ধৰা পৰিবই।’ কম্পিউটাৰটো বন্ধ কৰি সিহঁত বাকীবোৰৰ কাষত ৰ'লহি। ‘বিহুৰ মাজতে শোকাবহ দুৰ্ঘটনা, তৈলখাদত প্ৰাণ গ'ল পঁচিশ বছৰীয়া অভিযন্তাৰ, মেধাবী অভিযন্তাগৰাকীৰ বাসগৃহত অবৰ্ণনীয় পৰিৱেশ’ - সুকন্যা-চন্দনহঁতে আজিৰ বাতৰিটো আলোচনা কৰিছে। ‘হয় দেই, ইমান সৰুতে ল'ৰাটো মৰিল, বেয়া লাগিছে। কিমান টকা ঘৰখনৰ লোকচান হ'ল। এই বয়সতে মৰি গ'ল, টকাবোৰ এনেই গ'ল!' সুকন্যাই ক'লে। থিয় হৈ থকাৰ ন্যূনতম অৰ্থও হেৰাই যোৱা যেন লাগিল অলিন্দৰ, শীঘ্ৰেই গুৱাহাটীলৈ যোৱাৰ চিন্তা আহিল, ‘এতিয়াই ওলাই গুচি যোৱাটো নহ'ব, নিশাতো যাওক, কাইলৈ নাথাকোঁ, গধূলি যামেই! (মেছলৈ) কোনোবা আহিবনে নাহে? নাহিলেও অকলে থাকিম, কি হ'ব!' তাৰ পৰীলৈ মনত পৰিল, ঘৰলৈ গুচি আহি সপোনতো তাইৰ সৈতে দূৰত্ব বাঢ়ি যোৱাৰ দৰে লাগিছে তাৰ, যেন এটা বেলেগ গ্ৰহলৈহে আহিল সি, সোনকালে গৈ তাই উপস্থিত থকা ঠাইখিনিৰ আশ্ৰয় ল'বলৈ মন গৈছে, য'ত তাৰ উকা উকা অনুভৱটো কিছু দমনত থাকিব, ন্যূনতম অৰ্থ বিচাৰি পাব জগতখনৰ। - পাছদিনা গধূলি বাছত উঠিবলৈ সি চেণ্টাৰলৈ আহিল৷ নিজৰ গাঁৱৰ হৈও আপোন নোহোৱা পথটো তাৰ এটা বিষৰ অংশ, কল্পনাৰ শেষ আশ্ৰয় হৈও সমুখত ধৰা নিদিয়া পৰীও পথটোৰে সমতুল্য। বাছখন চলাৰ লগে লগে চালকৰ কাষত হিন্দী ৰোমাণ্টিক মেলডী গীত এটা বাজি উঠিল। ৰোমাণ্টিক অনুভূতি বুজি নোপোৱা কৈশোৰ কালত, হিন্দী চিনেমাত ৰঙীন ৰঙীন ঠাই আৰু প্ৰাকৃতিক দৃশ্যৰ মাজত নায়ক-নায়িকাৰ নাচৰ