624 কুলাংগাৰ পৰীক্ষা কেইটামান গ'ল। পাছৰটোলৈ আটাইকেইটাৰে হাতত কেইবাদিনো বন্ধ। ছোৱালীবোৰৰ নিজৰ মাজৰ জোকোৱা-জুকিৰ খবৰ জুলিৰ মুখেৰে সৱেই পাইছে। হোষ্টেলটোৰ লগত সৱৰে এটা এটা কাহিনী ধেমালিকৈ হ'লেও সৃষ্টি হ'ব যেন লাগিছে। এটাই ক’লে, ‘ঐ আমি সিহঁতৰ লগত চিনাকী হোৱাৰ প্লেন এটা কৰোঁ। মাতো এদিন আমাৰ মেছলৈ। তেতিয়া অলিন্দৰ কামটোও সোনকালে হ'ব, নহ'লে সি কৰিব নোৱাৰে।’আন এটাই ক’লে, ‘আজিয়েই কৰোঁ!' ধেৎ, এই ৰাতিখন কি কৰ?” “মেছেজ দিওঁ। পৰীৰ হেল্ল' টিউন আছে। ভৃগুৰ নম্বৰত হেল্ল' টিউন লগাব পাৰি। এতিয়াই লগোৱা। লাগিলে পইচা মই দিম। তাৰ পাছত ভৃগুৰ চেলৰ পৰা মেচেজ দিওঁ আমি, হেল্ল' টিউন ফ্ৰেইণ্ড হ'বলৈ।’ ‘নালাগে নালাগে’, অলিন্দই ক'লে। ‘ৰ’বা তুমি। আমি কৰিম। তোমাৰ কি হয়! তুমি কথা নকবা।’ জিন্তুৱে জুলিলৈ ফোন কৰি পৰীৰ নম্বৰটো ল'লে। ‘অচিনাকি ছোৱালী, অচিনাকী ল'ৰা, তহঁতক গালি পাৰিব ৰ।’ ডাঙৰ এটাই সিহঁতক ক'লে। “কি কথা কয়হে আপুনি! লগে লগে ৰিপ্লাই আহিব, চাব। কোম্পানীয়ে এইবোৰ নতুনকৈ দিছে, সিহঁতে মানুহৰ মানসিকতা জানিয়েই দিছে। ৰিপ্লাই দিবই, চাব। আৰু জুলি ইয়ালৈ আহিয়েই থাকে, অলিন্দই জোকায়েই আছে, সিহঁতৰ মাজতো জোকোৱা-জুকি চলি আছে, ভালহে পাব। আগতে পত্ৰ-বন্ধু ওলাইছিল, এতিয়া এইবোৰ ওলাইছে। আমাৰ লগৰ যিবোৰৰ হেল্ল' টিউন আছে সিহঁতে এবাৰত কাৰোৰে ফোন ৰিচিভ নকৰে, আগতেই কৈ থোৱা থাকে। এবাৰ গানটো শুনিব, দৰকাৰ হ'লে দুবাৰ কৰিব বা ৰিচিভ কৰিব লগা হ'লে মেচেজ দি লয়।’ ‘অঁ, ইহঁতকেইজনীক দেখিলেই গম পায়, খিলাৰী। দিবই ৰিপ্লাই।' আন এটাই ক'লে। সঁচাকৈ লগে লগে ৰিপ্লাই আহি গ'ল। গোটেইবোৰ ছোৱালী বাৰাণ্ডালৈ ওলাই আড্ডা মাৰি আছিল, সিহঁতৰ কিৰীলি আহি ইহঁতৰ কাণত সোমাল। ‘ঐ তহঁতে মাত নিদিবি দেই। ক'ত আছোঁ সিহঁতে একদম নুশুনাকৈ থাক।' এটাই ক'লে।
অলিন্দই মোবাইল ল’লে, হেল্ল' টিউনো লগালে, কিন্তু তাইৰ বিষয়ে সুধিবলৈ বা বাটতো তাইলৈ চাবলৈ এৰি দিলে৷ একো ভৱিষ্যৎ নেদেখে সি নিজৰ, আপোন মানুহো কোনো বিচাৰি নাপায় মনত, ভৱিষ্যতে কোনোবা আপোন হ'ব যেনো ভাব নাহে। তাইক ক'ব খোজা হতাশাৰ কাহিনীয়ে সিহঁতক হাঁহিৰ খোৰাক যোগোৱাৰহে লক্ষণ দেখে সি। সি বজাৰলৈ নগ'লে তাই ভৃগুক পালেও একেদৰেই খেলে। সিহঁতে বজাৰৰ পৰা আহি