সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘুলিত জাহাজ ৬২৩ অলিন্দৰ বৰ্ণনাবোৰ মিলাই গম পালে, সি সন্ধান কৰি থকাজনী পৰীয়েই। জুলিৰ মুখত শুনি শুনি হোষ্টেলৰ গোটেই ছোৱালীবোৰে মেছৰ সৱকে নামৰ সৈতে কেতিয়াবাই চিনি পায়। ল'ৰাবোৰ ক্লাছলৈ অহা-যোৱা কৰোঁতে গেটৰ ফাঁকেৰে চাই চাই সিহঁতে নিজৰ মাজতে প্ৰতিটো ল'ৰাৰ লগত এজনী-দুজনীকৈ জোকোৱা-জুকি ধেমালি খেলিয়েই আছে। পাছদিনা পৰী ক্লাছলৈ যাওঁতে অলিন্দই আকৌ চিঞৰি বিহুনাম এটা গালে। সি ভাবে, ‘ধনী ঘৰৰ যুৱতী এজনীয়ে হোষ্টেলত কাপোৰ ধুবলৈ এলাহ লাগিলে নতুন কাপোৰ কিনি অনাটো হয়তো অস্বাভাৱিক কথা নহয়। তাইৰ সকলো আছে, গোটেই মানুহজনীৰ পৰা পোহৰ ওলোৱা দৰে জিলিকি থাকে, সৌন্দৰ্যই চুম্বকৰ দৰে টানি নিব যিকোনো পুৰুষৰ চকু, এই কিম্ভুতকিমাকাৰ মানুহ এটা কেনেকৈ ৰ'ম সমুখত? কেনেকৈ পাতিম কথা? তাইৰ সমুখত নিৰলে ৰ'ব লগা হ'লেই মই হাওলি যাম— যিমান কষ্টৰে সুস্থিৰ মানুহৰ দৰে থিয় কৰাই ৰাখোঁ নিজক, সেই সকলো শিথিল হৈ আলসুৱা হৈ যাম, তাইৰ আশ্ৰয় বিচাৰিম মাথোঁ, ক'ব বিচাৰিম মোৰ আজন্ম দুৰ্দশাৰ কাহিনী, কৈ শেষ কৰিহে ম‍ই পুনৰ থিৰ হ'ব পাৰিম, তাই আগ্ৰহেৰে শুনি লৈ আঁকোৱালি ধৰিলেহে মোৰ জীৱনলৈ আহিব সুস্থিৰতা, এটা স্বাভাৱিক মানুহ হৈ ম‍ই আৰম্ভ কৰিব পাৰিম চিনাকী পৰ্ব। সেয়া বাস্তৱ নহয়! তেনেকৈ কোনেও কথা নাপাতে। কিন্তু একো ক'বলৈ নাপালে মই নোৱাৰিমো ৰ'ব সমুখত। তাই মোক গণ্য কৰিবলৈ কি আছে মোৰ!' সি হতাশ হৈ ভিতৰলৈ সোমাল। আবেলি জুলি আহিল। ‘তোমাৰ চেলৰ পৰা ফোন কৰোঁ দিয়া, কথা নাপাতোঁ, মাতটো শুনিম। পাৰিম নে? খং উঠিব নেকি তাইৰ?' অলিন্দই জুলিক সুধিলে। নুঠে খং, ভালহে পাব।' সি দুবাৰ ফোন কৰি মাতটো শুনি কাটি দিলে। পৰীয়ে ঘূৰাই কৰিলে। জুলিয়ে ক’লে, ‘অলিন্দই তোৰ মাতটো শুনিছে।' পৰীয়ে হাঁহি থৈ দিলে। অলিন্দই আকৌ লগালে, তাই ৰিচিভ কৰি একো নামাতি ৰৈ থাকিল। সি কাটিলে। “তাইৰ চেলটোত গান বাজে, ৰিং নকৰেচোন।’সি জুলিক সুধিলে। ‘সেইটো ওলাইছে নতুনকৈ। হেল্ল’টিউন বুলি কয়, পইচা দিব লাগে।’ এতিয়া বজাৰলৈ অকলে যাবলৈও আৱেগে তাক জোকাৰণি তোলে, মেছৰ কোনোবা ওলোৱালৈ সি অপেক্ষা কৰি থাকে, তাইক এবাৰ দেখিলেই সি যেন নিশ্চিত হয় এই জগতখন শান্তিৰে আছে, কিছু ক্ষণলৈ হতাশা অলপ দূৰ হয়। বজাৰত তাই তাৰ একদম কাষলৈ আহে, সি পাচলি কিনি থাকিলে তাই দুজনীমানৰ সৈতে কাষ চাপি গৈ কিনিব বিচৰা দৰে ইটো-সিটো চুই চায়, সি তাইলৈ চাব খুজিলেই তাই মুখখন ঘূৰাই দূৰলৈ গুচি গৈ খিলখিলাই হাঁহে।