সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চকুলো দৰ্শন

 ‘হে’ৰা, জেগা ঠিক কৰি আহিছোঁ! নেওগে-ময়ে ওচৰা-ওচৰিকৈ খুঁটা এটা এটা থিয় কৰি আহিলোঁ। কাইলৈ মানুহ কামলৈ আহিবই। হে হৰি! বাপ্ৰে! গোটেই চাপৰিটোত পৃথিৱীত নথকা বন নাই! কৰঙা, বিৰিণা, মাদুৰি, কঁহুৱা, নল, লুহীয়া, খাগৰি, খেৰ, উলূ, ইকৰা,...। আকৌ ঝাঁও, খৰিমৰাবোৰ আছেই! বাঁহহে নাই, এজোপাও নাই। বাঁহ বেলেগৰ পৰা কঢ়িওৱা!’ হৰিচাপৰিৰ পৰা ঘূৰি আহি বিপুলে সুকন্যাক ক’লেহি।

 ‘কিমান মানুহ বহিলহি?’ তাই সুধিলে।

 ‘আমাৰ গাঁওখনৰ নামটোও এতিয়া হৰিচাপৰি হ’ল তাৰমানে; পঁচিশ-ত্ৰিশ ঘৰমান বহিলহি। আমাৰ কিন্তু সেইটো শাৰীত নহয়। মোৰ স্কুলখন চাপৰিৰ একদম মাজত পাতিছে, গাঁৱৰ পূব মূৰত, গাঁওখন পূবা-পশ্চিমাকৈ, তাৰ পাছতে নামনিলৈ মিচিং গাঁও দুখন, সিহঁতে নাম লৈছে— গালুকবিল আৰু ব’ঠামাৰি। তাতো সিমান সিমান মানুহ। আমাৰ শাৰীটো হ’ব স্কুলৰ পৰা এক কিলোমিটাৰ এইফালে, সিটো শাৰীৰ সমুখত। নতুনকৈ অহা মানুহবোৰ আমাৰ শাৰীত বহিবহি, কাইলৈ দুঘৰ আহিব। পূবলৈ ঢেৰ মাটি আছে, আৰু দুই-তিনিখন গাঁও পাছত আহিব পাৰিব। নেওগৰ স্কুলখনহে ব’ঠামাৰিত পৰিল।’

 ‘সিটো শাৰীৰ লগত বহিবলৈ আমাক হাক দিলে নেকি?’

 ‘নহয়, মোৰ স্কুলৰ পোনতে দক্ষিণৰ সুঁতিটোৱে ভাঁজ লৈছে, মানুহ বহিবলৈ মাটি কমি যাব। এইফালে কিন্তু দূৰ আছে নদীৰ পৰা। স্কুল আৰু আমাৰ মাজতে বিল এখন আছে, সেইকাৰণে আমি এইপাৰে বহিব লগা হ’ল। সৰু বিল বাৰু, বাম, খৰালি শুকাই যাব।’

 ‘মুকলি হৈ আছে নে কিবা কাটিব লাগিব?’ কাটিব লগা থকা মানেই ওপৰঞ্চি কমেও দুদিন খৰচ, আৰু দুদিনো ইয়াত নাযায়-নুপুৱায় লাগিছে সুকন্যাৰ।

 ‘ক’ত মুকলি পাবা! সেইখন গোটেই কৰঙানী। অকণমান সেৰেঙা চাই তাতে খুঁটাটো পুতি আহিছোঁ। একেবাৰে গৈ লৈহে সমুখৰবোৰ কাটিব লাগিব, বিদ্ধুম হাবি। মানুহবোৰৰ ঘৰৰ আগে-কাষে কৰঙাবোৰ কাটি সৱ মঘা। কটায়ে কাটিয়েই আছে। হে প্ৰভু! সেইবোৰ