৬২০ কুলাংগাৰ প্ৰজন্মৰ উশৃংখলতাৰ কথা কাকতত দেধাৰ লিখিবলৈ লাগিছে। কিন্তু এয়া কেৱল যুৱ- প্ৰজন্মৰ উশৃংখলতাইনে? গভীৰতালৈ কিয় কোনো নাযায়? মন্ত্ৰীবোৰেতো সুযোগ হে লৈ আছে। কেৱল হুমুনিয়াহৰ বাহিৰে অলিন্দৰ মুখেৰে একো বাহিৰ হ'বলৈ সক্ষম নহয়। আবেলি অকলে এপাক এনেই ঘূৰিবলৈ সি ওলাই আহিল। বিজয়পাৰা ষ্টপেজটোত ৰৈ সি চিটি-বাছবোৰলৈ চালে। ক্ষন্তেক ৰখাই ৰখাই ইখনৰ পাছত সিখনে গতি লৈছে। বাছতে উঠি চিৰদিনলৈ যোৱাৰ দৰে কিছুদূৰ গুচি গৈ পুনৰ বাছতে ঘুৰি আহিলে বেছি সময় খৰচ নহয়। সময় খৰচ কৰিলেনো তাৰ কি আহে যায়? পঢ়া তাৰ এনেয়ো হোৱা নাই। বহীবোৰ মোকলাই ল'লেই সি নিৰ্যাতনৰ বিষ আৰু বিজলবোৰ অনুভৱ কৰে। তাৰ গণিতৰ নিচাটো কাৰোবাৰ স্বাৰ্থপৰতাৰ হাতিয়াৰ যেন লাগে আৰু সি থেকেচি পেলাই থয়, টেবুলৰ পৰা উঠি যায় ছাটি-ফুটি কৰি। সি এখনো বাছত নুঠি একেদৰেই চাই থাকিল। তাৰ পিছফালেদি পাৰ হৈ গৈ ল'ৰা-ছোৱালী আৰু অন্য মানুহ কিছুমান এখনত উঠিল। পিছ দুৱাৰখনৰ সমুখত তিনিজনী ছোৱালী, প্ৰথমে উঠিবলৈ লোৱাজনীয়ে হেণ্ডেলত ধৰিবলৈ বিচাৰি তালৈ চাইছে, হেণ্ডেলডাল হাতখনে বিচাৰি নোপোৱাত তাই ৰৈ থাকিল, লগৰ দুজনী উঠি গ'ল, তাই তালৈ চাই চায়েই শেষত উঠিল, হেণ্ডিমেনৰ ঢকাত বাছখন গুচি গ'ল। এখন পৰিষ্কাৰ মুখ— সি নিজৰ মুখখনৰ বিষয়ে সন্দেহ কৰা দৰে মলিন নহয়, ‘অভিনেত্ৰী হ'বলৈ এনে মুখ ভাল।’সি ভাবিলে, ‘এনে ফটফটীয়া মুখত যিকোনো অভিব্যক্তি ফুটাই তুলিব পাৰি। মইহে ভাবিছোঁ! তেনে দক্ষতা তাইৰ হয়তো নাই। তাই কিয় মোলৈ চালে ইমানকৈ!' বাছবোৰ গৈয়ে আছে, আহিয়েই আছে। সি ক'ৰবাৰ পৰা উভতি অহাৰ দৰে ষ্টপেজটোৰ পৰা ৰূমলৈ ঘূৰিল। ‘ছোৱালী এজনী দেখিলোঁ, মনটো ভাল লাগি গৈছে! নতুনকৈ এইকেইদিনতহে আহিছে চাগে, খোজ-কাটলত নতুন যেন ধৰিছোঁ মই। তাৰমানে লত এডমিছন লৈছে।’ সি জিন্তুক ক’লেহি, ‘ক’ৰবালৈ গৈছে। বেলেগৰ পৰা আহি ঘুৰি যোৱা যেন লগা নাই। ইয়াৰ পৰাই গৈছে বজাৰ-চজাৰ কৰিবলৈ। আকৌ আহিব। তাই বাছখনত উঠিবলৈ লৈ মোলৈ এনেকৈ চাইছে মানে... বাছৰ হেণ্ডেলডালত ধৰিবলৈ লওঁতে তাইৰ হাতখনে খেলি-মেলি কৰি দিছে। মোক ইমানকৈ চাবলৈ কি আছে! হয়তো তাই সৱ ল'ৰাকেই তেনেকৈ চায়। মনটো ভালো লাগিছে, বেয়াও লাগিছে সেইকাৰণে।’ “বেয়া কেলেই লাগিল আকৌ?' জিন্তুৱে ধেমালি কৰি সুধিলে। “অকল মোকেই নাচায় যে! কিন্তু ভালো লাগিছে, কিবা এটা পোৱা পোৱা লাগিছে।” সন্ধিয়া সিহঁতকেইটা থূপ খালে। অলিন্দৰ মুখত হাঁহি ওলাই আছে। সিহঁতৰ আলোচনাৰ ভাগ লৈ থাকিলেও সি অন্য ভাবত উৎফুল্লিত দেখা গৈছে। ‘অথনি দেখি অহা তোমাৰ মনত পৰি আছে হয়নে? ভাল লাগিছে?' জিন্তুৱে সুধিলে। অলিন্দই ৰহস্যপূৰ্ণ হাঁহি মাৰি ক’লে, “কিয়?’তাৰ হাঁহিটোত সন্মতি প্ৰকাশ পাইছে। ‘এবছৰমানৰ মূৰত আজি
পৃষ্ঠা:কুলাংগাৰ.pdf/৬২৯
অৱয়ব