সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/৬২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘুলিত জাহাজ ৬১৯ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গ'ল। সকলো লণ্ডভণ্ড কৰি গৈছে। পুলিচ আৰু এনপি টিভিৰ গাড়ী দুখন পালেহি। কেইবাজনো পুলিচ দৌৰি উপাচাৰ্যৰ কাৰ্যালয়লৈ সোমাই গ’ল, খেদি খেদি ল'ৰা-ছোৱালীবোৰক উলিয়াই আনিলে, বাহিৰখন ল'ৰা-ছোৱালীৰে ভৰি পৰিছে, উপাচাৰ্যও ওলাই আহিল, ছোৱালী এজনীয়ে তেওঁৰ সমুখতে ৰৈ আঙুলি টোঁৱাই টোঁৱাই চিঞৰি কথা ক'বলৈ লাগিল, তেওঁ এক চৰ লগাই দিলে, তাই বাগৰি পৰি দিলে, মুছকঁছ গ'ল বুলি তাইক ভিৰৰ আঁতৰলৈ আনিবলৈ কেইজনীমানে দাঙিলে, কিছুমানে চিঞৰ ল’লে— ‘ঐ এম্বুলেন্স আন! এম্বুলেন্সখনক মাত!' তাই উঠি বহিল, খোপনি ধৰি ক’লে, ‘নহ’ব, মোক ইয়াত ভিজিট দিয়াব লাগিব ডাক্তৰ অনাই!’ বিতোপনহঁত আহি দূৰত ৰোৱা অলিন্দই দেখিলে। সিহঁত ভৱনটোৰ পৰা নামি ওচৰলৈ আহিল। ‘তোমালোক ইয়াতেই আছা? আমি ৰূম পাইছিলোঁগৈ, কাপোৰো সলাইছিলোঁ। লগৰবোৰে ফোন কৰিলে—এনপি টিভি আহিল। সেইকাৰণে দৌৰি দৌৰি বাছ ধৰি গুচি আহিলোঁ। কি চলি আছে?' বিতোপনে অলিন্দক সুধিলে৷ এনপি টিভি অহাৰ পাছতে ভিৰ বাঢ়ি গৈছে, অলিন্দ আচৰিত হ’ল, ‘কেৱল মহানগৰত চলা ৰাজ্যৰ একমাত্ৰ চেনেলটোৰ নাম গায়কে ৰোমাণ্টিক গীততো ৰাখে, ঘৰত কেতিয়াও চাবলৈ নাপায় ইহঁতো বলিয়া হৈ পৰিল! হঠাৎ বেলেগ ধৰণৰ চিঞৰ-বাখৰ উঠিল, সিহঁতে ঘূৰি চালে, পুলিছে কোবাবলৈ আৰম্ভ কৰিছে, উপাচাৰ্যৰ সমুখৰ কেইটামানৰ মূৰত পৰিছে, এটাই বেতডাল থাপ মাৰি ধৰিলে, যেনি-তেনি দৌৰিছে কেইটামান, দুটাই পুলিচ এজনক লেং মাৰি দিলে। অলিন্দ-বিতোপনহঁত ৰৈ নাথাকিল, ৰূমে ৰূমে উভতিল। —ছাৰহঁত ইমান ভয়াতুৰ। ভয়ৰ কাৰণেহে এইবোৰ ঘটিবলৈ পাইছে। সৱ পলাইছে। জেদিটি ছাৰে আমাক ঠাণ্ডা দেখি যেনেকৈ কৈছে— ভাগা যেনে-তেনে, অতি শীঘ্ৰে ভাগা।' অলিন্দই বাটত ক’লে। ‘জেদিটি ছাৰৰ ভয় নে তেওঁৰে চক্ৰান্ত ক'ব নোৱাৰা! তেওঁ আগতেই জানে কিজানি। তেওঁতো কেইবাটাও সংস্থাৰ মানুহ, ক্লাছ নকৰে, দেখিছাই। তোমালোকে ছেকেণ্ড ছেমত পাবা, দেখিবা কেইটা ক্লাছ কৰে৷' বিতোপনৰ লগৰ এটাই ক'লে। পুৱা বাতৰি কাকত চাই অলিন্দই মনৰ অশান্তিৰ মাজত অকণমান স্বস্তিৰ উশাহ টানিলে। বৰদৈচিলাই মহটিওৱা নিচিনাকৈ কাৰ্যালয়টোৰ মজিয়াত থানবান হোৱা কাগজ- পত্ৰ বুটলি থকা অৱস্থাত উপাচাৰ্যৰ এখন ফটো। লগত লিখিছে— উদণ্ড ছাত্ৰ-ছাত্ৰীৰ হাতেৰে বিশ্ববিদ্যালয়ত নজিৰ-বিহীন ঘটনা, উপাচাৰ্যৰ কাৰ্যালয় লণ্ডভণ্ড। সেইষাৰ লিখিবলৈ কাকতে সাহ নকৰিব যেন সি ভাবি আছিল। বিশ্ববিদ্যালয়ত কেইবাখনো সভা হোৱাৰ খবৰ সিহঁতে পালে। চৌহদলৈ হাই-প্ৰফাইল মন্ত্ৰীৰ সদলবলে আগমন ঘনে ঘনে ঘটিছে। মঞ্চ শুৱনি কৰা বুদ্ধিজীৱীসকলে যুৱ-