৬১৮ কুলাংগাৰ কেইজনমান প্ৰথমে তেওঁৰ ওচৰলৈ গৈ সোধক— কাৰ্যকৰী কৰিব নে নকৰে। তেওঁ তদন্ত ঘোষণা কৰিছেই, নকৰাকৈ নাথাকে, গতিকে এইটোৰ বাবে প্ৰতিবাদটো উলিয়াব নালাগে।’ “হেই নহয়!’ কোনোবা এটাৰ মুখেৰে অস্পষ্টকৈ ওলাল। ‘কোন হয়?’,বয়সীয়াল ছাত্ৰ-নেতাটোৱে ভুনভুনাই এটাক সুধিলে৷ আন একো উত্তৰ অলিন্দক নিদিয়াকৈ সভা ভংগ হ'ল৷ বাহিৰত হোষ্টেলৰ লগৰটোৱে তাক ক’লে, ‘ধেৎ, তুমি তেনেকৈ কৈ দিছা! সিহঁতে প্ৰতিবাদ এটা বিচাৰিহে আছে।’‘দৰকাৰী কথাত কৰক না প্ৰতিবাদ। এইটো কেচ ভিচিয়ে নাচাওঁ বুলিতো কোৱা নাই, গতিকে কিয় লাগে প্ৰতিবাদ।’“নহয় অ’! কিয় ইমান দেৰি একচন লোৱা নাই, এই বুলি প্ৰতিবাদ কৰিব।’“হেই নহয়!” শব্দ দুটাকে অলিন্দয়ো তীব্ৰভাবে উচ্চাৰণ কৰিলে। লগৰটোৱে ক'লে, ‘তুমি জনাই নাই ৰ’বা। প্ৰতিবাদখন হ’লে ক্ষমতা বাঢ়িব, তাৰ পৰাইতো নেতা ওলাব পাছত।’ল'ৰাটোৰো সমৰ্থন থকাটো অনুমান কৰি অলিন্দই অধিক ক'বলৈ সংকোচ কৰিলে, ‘সমস্যা সমাধান কৰাটো উদ্দেশ্য নহয়! প্ৰতিবাদে ফ’কাচ দিব, নেতা হ’ব!' এইখন জগতত সি নিজৰ মত প্ৰতিষ্ঠা কৰাটো বাদেই, স্থিৰে ৰ'বলৈকো অৱশ ভাব আহি থাকে অহৰহ। প্ৰতিবাদৰ চিঞৰ আৰম্ভ হোৱাত সিহঁত মেইন-গেটলৈ আহিল। বিশ্ববিদ্যালয়ৰ এমুৰৰ পৰা উপাচাৰ্যৰ কাৰ্যালয়ৰ ফালে এশটামান ল'ৰা-ছোৱালীয়ে গগন কঁপাই আহি আছে, গাড়ী-মটৰৰ গতি মন্থৰ হৈছে। সিহঁতে হোষ্টেলৰ লগৰটোক এৰি, ক্লাছ হয় নে নহয় চাবলৈ বিভাগলৈ আহিল৷ আচৰিত ধৰণে বিভাগটো খালি, সিহঁতৰ ক্লাছৰূমত কেইজনীমান ছোৱালীয়ে আড্ডা মাৰি আছে, ‘তোমালোক আহিলা। ছাৰক মাতি আনো ব’লা৷ নহ'লে যাওঁগৈ৷' সিহঁত গোটেইকেইটা বিভাগৰ কাৰ্যালয়ৰ ফালে আহিল, অধ্যাপক কোনো নাই, এজনে দৌৰা-দৌৰিকৈ যাবলৈ ওলাই আহিছে, ‘তোমালোক এতিয়াই নিজৰ নিজৰ ৰূমলৈ যোৱাগৈ, তৎক্ষণাৎ ভাগা, ঘটনা হ’ব আজি, নাথাকিবাই ইয়াত। ...', তেওঁ উধাতু খাই ক’লে। তাৰমানে সৱ পলাল!' সিহঁতৰ এতিয়াহে ভয়টো লাগিল। কেইটামান ভিতৰি ভিতৰি গৈ দূৰেদি ঘাইপথত ওলালগৈ। অলিন্দহঁত উপাচাৰ্যৰ কাৰ্যালয়ৰ ফালে আহিল। থল থলকৈ গ্লাছ ভগাৰ শব্দ উঠিছে, ভৱনৰ খিৰিকীবোৰ সৰিছে, সিহঁতৰ চকুত পৰিল— উপাচাৰ্যৰ গাড়ীখন ভাঙি শেষ কৰিছে। সিহঁত বিপৰীত ফালে ঘুৰি ভৱন এটাৰ প্ৰথম মহলালৈ উঠিল। উপাচাৰ্যৰ কাৰ্যালয়ৰ খিৰিকীৰ গ্লাছ এখন উফৰি পৰা দেখিলে।‘সেইটো এইবাৰ হৰা জিএছটো, চা, সি ভাঙিছে, লিডত সিও আছে, জিএছটো ফচি যাব। ... চা চা, সি আকৌ ভাঙিবলৈ লগাই দিছে। ই ওলাই গ'লেই প্ৰশাসনিক বিষয়া পদ পাব, লাগি আছে হেনো, সেইটো কাৰণে পাৱাৰ এটা দেখুৱাই আছে, চিনাকিটো পুনৰ হৈ যাবতো, সি লিংক লগাই লৈ ল'ব।' হোৰোহকৈ এজাক ল'ৰা-ছোৱালী উপাচাৰ্যৰ
পৃষ্ঠা:কুলাংগাৰ.pdf/৬২৭
অৱয়ব